--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খান অভিনয়ৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাত থাকে। আমিৰ খান অভিনয় জগতৰ অন্যতম জনপ্ৰিয় তাৰকা। তেওঁ একাধিক হিট হিন্দী চলচ্চিত্ৰত কাম কৰি লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে। বলীউড তাৰকা আমিৰ খানৰ ভাৰতৰ লগতে বিদেশতো যথেষ্ট জনপ্ৰিয়তা আছে। অৱশ্যে যোৱা কেইমাহমানত আমিৰ খানে তেওঁৰ ব্যক্তিগত জীৱনত লোৱা এটা সিদ্ধান্তৰ বাবে বিশেষকৈ নেটিজেনসকলৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

আমিৰে কেইমাহমান পূৰ্বে তেওঁৰ দ্বিতীয় পত্নী কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিছিল। তেতিয়াৰ পৰাই এটা গুঞ্জন চলি আছে যে বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট অভিনেত্ৰী ফাতিমা ছানা শ্বেখৰ প্ৰেমত পৰিছে। ফাতিমাৰ বাবেই আমিৰ আৰু কিৰণৰ সংসাৰত ফাঁট মেলিলে বুলি বহুতেই ক'ব খুজে। 

আজিকালি ফাতিমা ছানা শ্বেখ আৰু আমিৰ খানে ব্যক্তিগতভাৱে একান্ত সময় কটোৱাৰ সময়ত পাপাৰাজ্জিৰ মুখামুখি হয়। ইয়াৰ পৰা বুজিব পাৰি যে দুয়ো প্ৰেমৰ সম্পৰ্কত আছে। কিন্তু আপুনি জানেনে যে হৃদয়ত প্ৰেম উপচি থকাৰ পাছতো আমিৰ খানে তৃতীয়বাৰৰ বাবে বিয়া পাতিব পৰা নাই। তেন্তে ফাতিমাৰ সৈতে থকা সম্পৰ্কক কেতিয়াও স্বীকৃতি দিয়া নহ'ব নেকি? আৰু এনেকুৱা কিয় হৈছে? 

দৰাচলতে আমিৰ খানৰ জীয়ৰী ইৰা খান এই প্ৰেমৰ সম্পৰ্কত বাধা হিচাপে থিয় দিছে। ছ'চিয়েল মিডিয়াত আমিৰ খান আৰু ফাতিমা ছানা শ্বেখৰ প্ৰেমৰ সম্পৰ্ক আৰু বিবাহৰ খবৰক লৈ চৰ্চা চলি থাকে। বহুতে ভাবিছিল যে দুয়ো সোনকালেই বিবাহ বান্ধোনত বান্ধ খাব। কিন্তু ইয়াৰ মাজতে আমিৰৰ জীয়ৰী ইৰা খানে তেওঁৰ দেউতাকৰ তৃতীয় বিবাহ সম্পৰ্কে এক বিবৃতিত কৈছে যে যদি তেওঁৰ দেউতাকে তৃতীয়বাৰৰ বাবে বিয়া কৰায় তেন্তে তেওঁ দেউতাকৰ সৈতে কথা পতা আজীৱনৰ বাবে বন্ধ কৰি দিব। এই কাৰণটোৰ বাবেই আমিৰ খানে ফাতিমাৰ প্ৰেমত হাবুডুবু খালেও বিয়া পাতিব পৰা নাই বুলি চৰ্চা আৰম্ভ হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ