--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট আমিৰ খান অভিনয়ৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাত থাকে। আমিৰ খান অভিনয় জগতৰ অন্যতম জনপ্ৰিয় তাৰকা। তেওঁ একাধিক হিট হিন্দী চলচ্চিত্ৰত কাম কৰি লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে। বলীউড তাৰকা আমিৰ খানৰ ভাৰতৰ লগতে বিদেশতো যথেষ্ট জনপ্ৰিয়তা আছে। অৱশ্যে যোৱা কেইমাহমানত আমিৰ খানে তেওঁৰ ব্যক্তিগত জীৱনত লোৱা এটা সিদ্ধান্তৰ বাবে বিশেষকৈ নেটিজেনসকলৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

আমিৰে কেইমাহমান পূৰ্বে তেওঁৰ দ্বিতীয় পত্নী কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিছিল। তেতিয়াৰ পৰাই এটা গুঞ্জন চলি আছে যে বলীউডৰ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট অভিনেত্ৰী ফাতিমা ছানা শ্বেখৰ প্ৰেমত পৰিছে। ফাতিমাৰ বাবেই আমিৰ আৰু কিৰণৰ সংসাৰত ফাঁট মেলিলে বুলি বহুতেই ক'ব খুজে। 

আজিকালি ফাতিমা ছানা শ্বেখ আৰু আমিৰ খানে ব্যক্তিগতভাৱে একান্ত সময় কটোৱাৰ সময়ত পাপাৰাজ্জিৰ মুখামুখি হয়। ইয়াৰ পৰা বুজিব পাৰি যে দুয়ো প্ৰেমৰ সম্পৰ্কত আছে। কিন্তু আপুনি জানেনে যে হৃদয়ত প্ৰেম উপচি থকাৰ পাছতো আমিৰ খানে তৃতীয়বাৰৰ বাবে বিয়া পাতিব পৰা নাই। তেন্তে ফাতিমাৰ সৈতে থকা সম্পৰ্কক কেতিয়াও স্বীকৃতি দিয়া নহ'ব নেকি? আৰু এনেকুৱা কিয় হৈছে? 

দৰাচলতে আমিৰ খানৰ জীয়ৰী ইৰা খান এই প্ৰেমৰ সম্পৰ্কত বাধা হিচাপে থিয় দিছে। ছ'চিয়েল মিডিয়াত আমিৰ খান আৰু ফাতিমা ছানা শ্বেখৰ প্ৰেমৰ সম্পৰ্ক আৰু বিবাহৰ খবৰক লৈ চৰ্চা চলি থাকে। বহুতে ভাবিছিল যে দুয়ো সোনকালেই বিবাহ বান্ধোনত বান্ধ খাব। কিন্তু ইয়াৰ মাজতে আমিৰৰ জীয়ৰী ইৰা খানে তেওঁৰ দেউতাকৰ তৃতীয় বিবাহ সম্পৰ্কে এক বিবৃতিত কৈছে যে যদি তেওঁৰ দেউতাকে তৃতীয়বাৰৰ বাবে বিয়া কৰায় তেন্তে তেওঁ দেউতাকৰ সৈতে কথা পতা আজীৱনৰ বাবে বন্ধ কৰি দিব। এই কাৰণটোৰ বাবেই আমিৰ খানে ফাতিমাৰ প্ৰেমত হাবুডুবু খালেও বিয়া পাতিব পৰা নাই বুলি চৰ্চা আৰম্ভ হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান