--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি বিপদৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰ সভাত অতি অৰুচিকৰ মন্তব্যৰে ৰাহুল গান্ধীক আক্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে। শেহতীয়াকৈ ড০ শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। হায়দৰাবাদ আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱানাথ ৰেড্ডীৰ অভিযোগৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে ৰাহুলৰ বিৰুদ্ধে। ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আু ৫০৫(২)নং ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ। হায়দৰাবাদৰ জুবিলী হিলছ আৰক্ষী চকীত এই গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। যোৱা সোমবাৰেই জুবিলী হিলছ আৰক্ষী থানাত হিমন্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৰেড্ডীয়ে। এই গোচৰ ৰুজু কৰি তেওঁ হিমন্ত বিশ্ব শৰ্মাক তাতক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছিল। হিমন্তৰ মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, ‘অসমৰ মুখ্যমন্ত্ৰীৰ মন্তব্য এগৰাকী মহিলাৰ বাবে অপমানজনক। দেশৰ মুখ্য নিৰ্বাচনী বিষয়াই কিয় তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া নাই!’ তেওঁ লগতে কয় যে, বিজেপিয়ে তেওঁক অসমৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা অপসাৰণ কৰা উচিত। কিন্তু তেওঁলোকে তেওঁৰ বক্তব্যক সমৰ্থন কৰিছে।’ তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, কিছুমানে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক গান্ধী পৰিয়ালৰ প্ৰতি অপমান বুলি মন্তব্য কৰিছে। কিন্তু এয়া হৈছে দেশৰ মহিলাৰ প্ৰতি কৰা অপমান। আমাৰ অভিযোগৰ আধাৰত অনতি বিলম্বে গোচৰ ৰুজু কৰি তেওঁলৈ জাননী প্ৰেৰণ কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাটো আৰক্ষীৰ দায়িত্ব। স্মৰ্তব্য যে, বিগত ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত এখন নিৰ্বাচনী সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। ৰাহুল গান্ধীয়ে কেন্দ্ৰৰ পৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা আৰু কোভিড প্ৰতিষেধকৰ সক্ষমতা সম্পৰ্কত প্ৰমাণ বিচৰা কাৰ্যৰ প্ৰত্যুত্তৰ তেওঁ কৈছিল যে, বিজেপিয়ে ৰাহুল গান্ধীৰ পৰা তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ হোৱাৰ প্ৰমাণ বিচাৰিছে নেকি! হিমন্ত বিশ্ব শৰ্মাৰ এই অৰুচিকৰ মন্তব্যক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইফালে, তেলেংগানা কংগ্ৰেছৰ ভালেকেইগৰাকী নেতাই হায়দৰাবাদৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হিমন্তক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আৰক্ষীয়ে তেওঁলোকক গৃহবন্দী কৰি ৰখা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱানাথ ৰেড্ডী, প্ৰাক্তন মন্ত্ৰী মহম্মদ আলী ছাব্বিৰ, সাংসদ ৱেকট ৰেড্ডী আদিৰ দৰে নেতাই এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিল আৰু তেওঁলোকক আৰক্ষীয়ে এতিয়া গৃহবন্দী কৰি ৰাখিছে। ইফালে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ হোৱা দেশজোৰা প্ৰতিক্ৰিয়াই অসমৰ মুখ্যমন্ত্ৰীক কিছু শলঠেকত পেলোৱাৰ আশংকা আছে বুলি ধাৰণা কৰা হৈছে। বিৰোধীয়ে সস্তীয়া ৰাজনৈতিক প্ৰচাৰৰ বাবে এনে মন্তব্য কৰা বুলি অভিযোগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ