--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হ’ল বিনোদ কাম্বলী। প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীক অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে থানালৈ মাতি আনে। ইয়াৰ পূৰ্বেই তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। দেওবাৰে বিয়লি তেওঁক জাননী প্ৰেৰণ কৰি বান্দ্ৰা থানালৈ মাতি অনা হয়। অৱশ্যে এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই তেওঁক।

এফ আই আৰখনত সকলো অভিযোগ দাখিল কৰিছে কাম্বলিৰ পত্নী আন্দ্ৰেয়া হেউইটে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে কাম্বলীক জেৰা কৰিব।

শনিবাৰে নিশা ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত সংঘটিত হয় নিৰ্যাতনৰ ঘটনাটো। মদ্যপান কৰি নিশা ঘৰলৈ উভতি অহাৰ পিছত পত্নীৰ লগত কাম্বলীৰ কাজিয়া হৈছিল। ইয়াৰ পিছতে তেওঁ পত্নীক প্ৰহাৰ আৰু গালি-গালাজ কৰিছিল। ঘটনাৰ একমাত্ৰ সাক্ষী আছিল তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ। পুত্ৰই কাম্বলীক শান্ত কৰিবলৈ চেষ্টা কৰিলে যদিও নিস্ফল হয়। কাম্বলিয়ে পাকঘৰলৈ গৈ পত্নীক মাৰধৰ কৰে।

কাম্বলীৰ পত্নীয়ে আৰক্ষীক জনোৱা মতে, "মই আৰু মোৰ ল'ৰাই তেওঁক শান্ত কৰাৰ চেষ্টাত বিফল হ'লো। অকাৰণতে আমাৰ দুয়োকে গালি-গালাজ কৰিবলৈ ধৰিলে। আমাক মাৰপিটো কৰিবলৈ ধৰিলে। পাকঘৰৰ পৰা কেৰাহী এখন লৈ মোৰ ফালে দলিয়াই দিলে। তাৰ পিছত ৰৈ যোৱা নাছিল। ক্ৰিকেটে বেটেৰেও প্ৰহাৰ কৰিছিল আমাক। কেনেবাকৈ মই ল’ৰাৰ লগত ঘৰৰ পৰা ওলাই আহিলোঁ৷’’

বান্দ্ৰা আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ পিছতে আন্দ্ৰেয়াই প্ৰথমে চিকিৎসাৰ বাবে ভাভা হাস্পতাললৈ যায়। তাৰ পৰাই তাই থানালৈ গৈ স্বামীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ঘটনাৰ পিছৰে পৰা কম্বলিয়ে মোবাইল ফোনটো চুইচ অফ কৰি ৰাখিছে। গতিকে ৰাতি তেওঁৰ লগত যোগাযোগ কৰিব পৰা নগ’ল। ঘৰুৱা হিংসা আৰু পত্নী নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে বিতৰ্কিত প্ৰাক্তন ক্ৰিকেটাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন