--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হ’ল বিনোদ কাম্বলী। প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীক অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে থানালৈ মাতি আনে। ইয়াৰ পূৰ্বেই তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। দেওবাৰে বিয়লি তেওঁক জাননী প্ৰেৰণ কৰি বান্দ্ৰা থানালৈ মাতি অনা হয়। অৱশ্যে এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই তেওঁক।

এফ আই আৰখনত সকলো অভিযোগ দাখিল কৰিছে কাম্বলিৰ পত্নী আন্দ্ৰেয়া হেউইটে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে কাম্বলীক জেৰা কৰিব।

শনিবাৰে নিশা ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত সংঘটিত হয় নিৰ্যাতনৰ ঘটনাটো। মদ্যপান কৰি নিশা ঘৰলৈ উভতি অহাৰ পিছত পত্নীৰ লগত কাম্বলীৰ কাজিয়া হৈছিল। ইয়াৰ পিছতে তেওঁ পত্নীক প্ৰহাৰ আৰু গালি-গালাজ কৰিছিল। ঘটনাৰ একমাত্ৰ সাক্ষী আছিল তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ। পুত্ৰই কাম্বলীক শান্ত কৰিবলৈ চেষ্টা কৰিলে যদিও নিস্ফল হয়। কাম্বলিয়ে পাকঘৰলৈ গৈ পত্নীক মাৰধৰ কৰে।

কাম্বলীৰ পত্নীয়ে আৰক্ষীক জনোৱা মতে, "মই আৰু মোৰ ল'ৰাই তেওঁক শান্ত কৰাৰ চেষ্টাত বিফল হ'লো। অকাৰণতে আমাৰ দুয়োকে গালি-গালাজ কৰিবলৈ ধৰিলে। আমাক মাৰপিটো কৰিবলৈ ধৰিলে। পাকঘৰৰ পৰা কেৰাহী এখন লৈ মোৰ ফালে দলিয়াই দিলে। তাৰ পিছত ৰৈ যোৱা নাছিল। ক্ৰিকেটে বেটেৰেও প্ৰহাৰ কৰিছিল আমাক। কেনেবাকৈ মই ল’ৰাৰ লগত ঘৰৰ পৰা ওলাই আহিলোঁ৷’’

বান্দ্ৰা আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰ পিছতে আন্দ্ৰেয়াই প্ৰথমে চিকিৎসাৰ বাবে ভাভা হাস্পতাললৈ যায়। তাৰ পৰাই তাই থানালৈ গৈ স্বামীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ঘটনাৰ পিছৰে পৰা কম্বলিয়ে মোবাইল ফোনটো চুইচ অফ কৰি ৰাখিছে। গতিকে ৰাতি তেওঁৰ লগত যোগাযোগ কৰিব পৰা নগ’ল। ঘৰুৱা হিংসা আৰু পত্নী নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে বিতৰ্কিত প্ৰাক্তন ক্ৰিকেটাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক