--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ বেটিঙে মন মুহিছিল সদ্যপ্ৰয়াত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আছিল ক্ৰিকেটৰ ডাঙৰ অনুৰাগী। তেওঁৰ ৰাজত্বকালত ভাৰতে দুবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাবাৰো ষ্টেডিয়ামত খেলখন চাই থকা দেখা গৈছিল। ২০০৪ চনত ভাৰতে পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়তো পাৰভেজে খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছিল।

২০০৫-০৬ চনতো ভাৰতীয় দলটো পাকিস্তানলৈ গৈছিল। মহেন্দ্ৰ সিং ধোনিও দলটোৰ অংশ আছিল। ধোনীয়ে প্ৰথমবাৰৰ বাবে পাকিস্তানত মেচ খেলিবলৈ গৈছিল। হেলিকপ্টাৰ শ্বটেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ধোনীয়ে। পাকিস্তানৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনিৰ এটা ধুমুহাময় ইনিংছ দেখি মুশ্বাৰফেও প্ৰশংসা কৰিছিল। ইনিংছৰ শেষত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ধোনীৰ চুলিখিনিও প্ৰশংসা কৰিছিল।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত ধোনীৰ দীঘল চুলি যথেষ্ট জনপ্ৰিয় হৈছিল। মুশ্বাৰফেও ধোনীক দীঘল চুলিখিনি কাটিবলৈ মানা কৰিছিল।

যেতিয়া এখন মেচত ধোনীক বঁটা প্ৰদান কৰা হৈছিল, তেতিয়া মুশ্বাৰফে ধোনীক এইদৰে কৈছিল। ভাৰতীয় দলটোক জয়ৰ বাবে অভিনন্দন জনোৱাৰ সময়ত তেওঁ ধোনীক কয় যে দীঘল চুলিখিনি কটাৰ প্ৰয়োজন নাই, এনেকৈয়ে ভাল লাগে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক