--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ বেটিঙে মন মুহিছিল সদ্যপ্ৰয়াত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আছিল ক্ৰিকেটৰ ডাঙৰ অনুৰাগী। তেওঁৰ ৰাজত্বকালত ভাৰতে দুবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাবাৰো ষ্টেডিয়ামত খেলখন চাই থকা দেখা গৈছিল। ২০০৪ চনত ভাৰতে পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়তো পাৰভেজে খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছিল।

২০০৫-০৬ চনতো ভাৰতীয় দলটো পাকিস্তানলৈ গৈছিল। মহেন্দ্ৰ সিং ধোনিও দলটোৰ অংশ আছিল। ধোনীয়ে প্ৰথমবাৰৰ বাবে পাকিস্তানত মেচ খেলিবলৈ গৈছিল। হেলিকপ্টাৰ শ্বটেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ধোনীয়ে। পাকিস্তানৰ বিৰুদ্ধে মহেন্দ্ৰ সিং ধোনিৰ এটা ধুমুহাময় ইনিংছ দেখি মুশ্বাৰফেও প্ৰশংসা কৰিছিল। ইনিংছৰ শেষত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ধোনীৰ চুলিখিনিও প্ৰশংসা কৰিছিল।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত ধোনীৰ দীঘল চুলি যথেষ্ট জনপ্ৰিয় হৈছিল। মুশ্বাৰফেও ধোনীক দীঘল চুলিখিনি কাটিবলৈ মানা কৰিছিল।

যেতিয়া এখন মেচত ধোনীক বঁটা প্ৰদান কৰা হৈছিল, তেতিয়া মুশ্বাৰফে ধোনীক এইদৰে কৈছিল। ভাৰতীয় দলটোক জয়ৰ বাবে অভিনন্দন জনোৱাৰ সময়ত তেওঁ ধোনীক কয় যে দীঘল চুলিখিনি কটাৰ প্ৰয়োজন নাই, এনেকৈয়ে ভাল লাগে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু