--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন লুডো খেলি প্ৰেমত পৰিল এজন ভাৰতীয় যুৱক আৰু এজনী পাকিস্তানী কিশোৰী! হয়, শুনিবলৈ আচৰিত লাগিলেও এই ঘটনাটোৱে বাতৰিৰ শিৰোনামা দখল কৰিছে।

জানিব পৰামতে, উত্তৰ প্ৰদেশৰ এজন যুৱকৰ স’তে লুডো খেলি প্ৰেমত পৰে এজনী পাকিস্তানী কিশোৰী। প্ৰেমৰ তাৰণাত পৰিয়ে তাই পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ আহে আৰু যুৱকজনৰ স’তে একেলগে থাকিবলৈ লয়। বাংগালুৰুত তেওঁলোকে সংসাৰ আৰম্ভ কৰিবলৈ লয়।

কিন্তু প্ৰেমৰ সফল সমাপ্তিৰ পৰিৱৰ্তে তেওঁলোকক ৰঙাঘৰলৈ পঠোৱা হৈছে। সোমবাৰে বেংগালুৰু আৰক্ষীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ আৰু বাস কৰাৰ অভিযোগত ইক্ৰা জিৱানী নামৰ এগৰাকী ১৯ বছৰীয়া কিশোৰীক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ বাসিন্দা ২৬ বছৰীয়া মুলায়ম সিং যাদৱকো দেশত আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। 

বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি, ইক্ৰা জিৱানীয়ে মিছা তথ্য লৈ নেপাললৈ যোৱাৰ পথত ভাৰতত প্ৰৱেশ কৰিছিল। ৰাজ্যিক আইবিয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰিছিল যে এগৰাকী পাকিস্তানী ছোৱালী বৈধ নথিপত্ৰ অবিহনে চহৰলৈ আহিছে। তাৰপাছতে জনা ঘ’ল যে ইক্ৰাই কেইমাহমান আগতে মুলায়মৰ সৈতে এটা অনলাইন গেমিং এপৰ জৰিয়তে পৰিচয় হৈছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা মুলায়মে প্ৰায় সাত বছৰ ধৰি বাংগালুৰুত বাস কৰি আছিল। তেওঁ এটা সুৰক্ষা সংস্থাত কৰ্মৰত।

লুডো খেলি থাকোতেই দুয়ো প্ৰেমত পৰে। আৰক্ষীয়ে জনায় যে  জিৱানী  পাকিস্তানৰ বাসিন্দা বুলি মুলায়েমে গম পোৱা নাছিল। পিছতহে তেওঁ জানিব পাৰিলে যে পাকিস্তানৰ হায়দৰাবাদৰ বাসিন্দা ইক্ৰা। প্ৰেমত পৰা মুলায়মে ইক্ৰাক নেপালৰ কাঠমাণ্ডুলৈকে আহিবলৈ কয়। মুলায়মও কাঠমাণ্ডুলৈ গৈছিল। তাত তেওঁলোকে হিন্দু ধৰ্ম অনুসৰি বিবাহো কৰিছিল। তাৰ পিছত তেওঁলোক দুয়ো  বিহাৰলৈ পলাই গৈছিল। 

যোৱা বছৰৰ ২৮ ছেপ্টেম্বৰত নৱদম্পতি হালে বাংগালুৰুলৈ উভতি আহিছিল। সেই সময়লৈ ইক্ৰা জীৱানীৰ নাম সলনি কৰি আধাৰ কাৰ্ডত ৰাভা যাদৱ ৰখা হৈছিল। তেওঁলোকে বেংগালুৰুৰ চাৰ্জাপুৰ ৰোডত এজন গোবিন্দা ৰেড্ডীৰ ঘৰত ভাড়াত বাস কৰিবলৈ আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ প্ৰথমগৰাকী মহিলা পাইলট ধীৰা চলিহা হাজৰিকাই ৮৫ বছৰ বয়সত আকৌ এবাৰ উৰুৱালে বিমান
পুৱা উঠাৰ পৰা নিশা শোৱালৈকে জনতাই পাবGST সংস্কাৰৰ লাভ: নিৰ্মলা সীতাৰমণ
'আমাৰ মৃত্যুৰ বাবে আমি দায়ী'! ১৩ মহলাৰ পৰা জঁপিয়াই মাতৃ-পুত্ৰৰ চৰম সিদ্ধান্ত
NIT শিলচৰত সহপাঠীক আক্ৰমণ! পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বিত, দেশলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত
নামঘৰত জন্মাষ্টমী পালন আহি ঘৰৰ পদুলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু মহিলাৰ
'প্রধানমন্ত্রী পূৰ্বোত্তৰ ভাৰতৰ উন্নয়নৰ ব্ৰেণ্ড এম্বেছাদৰ': এই মন্তব্য ৰাজ্যিক বিজেপিৰ
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন