--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন লুডো খেলি প্ৰেমত পৰিল এজন ভাৰতীয় যুৱক আৰু এজনী পাকিস্তানী কিশোৰী! হয়, শুনিবলৈ আচৰিত লাগিলেও এই ঘটনাটোৱে বাতৰিৰ শিৰোনামা দখল কৰিছে।

জানিব পৰামতে, উত্তৰ প্ৰদেশৰ এজন যুৱকৰ স’তে লুডো খেলি প্ৰেমত পৰে এজনী পাকিস্তানী কিশোৰী। প্ৰেমৰ তাৰণাত পৰিয়ে তাই পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ আহে আৰু যুৱকজনৰ স’তে একেলগে থাকিবলৈ লয়। বাংগালুৰুত তেওঁলোকে সংসাৰ আৰম্ভ কৰিবলৈ লয়।

কিন্তু প্ৰেমৰ সফল সমাপ্তিৰ পৰিৱৰ্তে তেওঁলোকক ৰঙাঘৰলৈ পঠোৱা হৈছে। সোমবাৰে বেংগালুৰু আৰক্ষীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ আৰু বাস কৰাৰ অভিযোগত ইক্ৰা জিৱানী নামৰ এগৰাকী ১৯ বছৰীয়া কিশোৰীক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ বাসিন্দা ২৬ বছৰীয়া মুলায়ম সিং যাদৱকো দেশত আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। 

বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি, ইক্ৰা জিৱানীয়ে মিছা তথ্য লৈ নেপাললৈ যোৱাৰ পথত ভাৰতত প্ৰৱেশ কৰিছিল। ৰাজ্যিক আইবিয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰিছিল যে এগৰাকী পাকিস্তানী ছোৱালী বৈধ নথিপত্ৰ অবিহনে চহৰলৈ আহিছে। তাৰপাছতে জনা ঘ’ল যে ইক্ৰাই কেইমাহমান আগতে মুলায়মৰ সৈতে এটা অনলাইন গেমিং এপৰ জৰিয়তে পৰিচয় হৈছিল। উত্তৰ প্ৰদেশৰ বাসিন্দা মুলায়মে প্ৰায় সাত বছৰ ধৰি বাংগালুৰুত বাস কৰি আছিল। তেওঁ এটা সুৰক্ষা সংস্থাত কৰ্মৰত।

লুডো খেলি থাকোতেই দুয়ো প্ৰেমত পৰে। আৰক্ষীয়ে জনায় যে  জিৱানী  পাকিস্তানৰ বাসিন্দা বুলি মুলায়েমে গম পোৱা নাছিল। পিছতহে তেওঁ জানিব পাৰিলে যে পাকিস্তানৰ হায়দৰাবাদৰ বাসিন্দা ইক্ৰা। প্ৰেমত পৰা মুলায়মে ইক্ৰাক নেপালৰ কাঠমাণ্ডুলৈকে আহিবলৈ কয়। মুলায়মও কাঠমাণ্ডুলৈ গৈছিল। তাত তেওঁলোকে হিন্দু ধৰ্ম অনুসৰি বিবাহো কৰিছিল। তাৰ পিছত তেওঁলোক দুয়ো  বিহাৰলৈ পলাই গৈছিল। 

যোৱা বছৰৰ ২৮ ছেপ্টেম্বৰত নৱদম্পতি হালে বাংগালুৰুলৈ উভতি আহিছিল। সেই সময়লৈ ইক্ৰা জীৱানীৰ নাম সলনি কৰি আধাৰ কাৰ্ডত ৰাভা যাদৱ ৰখা হৈছিল। তেওঁলোকে বেংগালুৰুৰ চাৰ্জাপুৰ ৰোডত এজন গোবিন্দা ৰেড্ডীৰ ঘৰত ভাড়াত বাস কৰিবলৈ আৰম্ভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক