--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপাল সিঙৰ নতুন ঠিকনা হ’ব ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ৷ দেওবাৰে পুৱতি নিশা খালিস্তানী নেতা অমৃতপাল সিঙে গুৰুদ্বাৰত  আত্মসমৰ্পন কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷ অমৃতপালৰ পত্নী কিৰণদীপক  তিনিদিন আগতে লণ্ডনলৈ যাৱলৈ ওলোৱাৰ সময়ত অমৃতসৰ বিমানবন্দৰত আটক কৰা হৈছিল৷শুল্ক বিভাগৰ বিষয়াই তেওঁক আটক কৰি জেৰা আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত  সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷

অৱশেষত দেওবাৰে পুৱতি নিশা  খলিস্তানী নেতা অমৃতপাল সিঙে  গুৰুদ্বাৰালৈ আহি আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। অমৃতপালক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।আত্মসমৰ্পনৰ পিছতে অমৃতপাল সিঙক  ভাটিণ্ডাৰ বায়ুসেনাৰ ঘাটিলৈ নিয়া হয়৷  সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি বৰ্তমান অমৃতপাল সিঙক অসমৰ ডিব্ৰুগড়লৈ আনি থকা হৈছে৷ 

উল্লেখ্য ইয়াৰ পূৰ্বেও কেইবাজনো পৃথক খালিস্তানৰ দাবীৰ প্ৰতি  সহানুভূতিশীল আৰু 'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ অনুগত লোকক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হৈছে৷ প্ৰথমাৱস্থাত   চাৰিজন   খালিস্তানী সমৰ্থকক ডিব্ৰুগড়লৈ অনা হৈছিল৷ পিছত সেই সংখ্যা আৰু বৃদ্ধি পায়৷   বায়ুসেনাৰ  বিশেষ বিমানেৰে তেওঁলোকক পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা  হৈছিল৷ 

খালিস্তানী সমৰ্থকৰ প্ৰথম  দলটোৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া দল এটাও অসমলৈ আহিছিল৷পঞ্জাৱ আৰক্ষীয়ে  পূৰ্বে প্ৰকাশ কৰা মতে  অমৃতপাল সিঙৰ নেতৃত্বত থকা সংগঠনটোৰ  ৭৮ জনতকৈও অধিক  সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ