--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী নেতা অমৃতপাল সিঙৰ নতুন ঠিকনা হ’ব ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ৷ দেওবাৰে পুৱতি নিশা খালিস্তানী নেতা অমৃতপাল সিঙে গুৰুদ্বাৰত  আত্মসমৰ্পন কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷ অমৃতপালৰ পত্নী কিৰণদীপক  তিনিদিন আগতে লণ্ডনলৈ যাৱলৈ ওলোৱাৰ সময়ত অমৃতসৰ বিমানবন্দৰত আটক কৰা হৈছিল৷শুল্ক বিভাগৰ বিষয়াই তেওঁক আটক কৰি জেৰা আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত  সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷

অৱশেষত দেওবাৰে পুৱতি নিশা  খলিস্তানী নেতা অমৃতপাল সিঙে  গুৰুদ্বাৰালৈ আহি আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। অমৃতপালক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।আত্মসমৰ্পনৰ পিছতে অমৃতপাল সিঙক  ভাটিণ্ডাৰ বায়ুসেনাৰ ঘাটিলৈ নিয়া হয়৷  সংবাদ প্ৰতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি বৰ্তমান অমৃতপাল সিঙক অসমৰ ডিব্ৰুগড়লৈ আনি থকা হৈছে৷ 

উল্লেখ্য ইয়াৰ পূৰ্বেও কেইবাজনো পৃথক খালিস্তানৰ দাবীৰ প্ৰতি  সহানুভূতিশীল আৰু 'ৱাৰিছ পাঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ অনুগত লোকক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ অনা হৈছে৷ প্ৰথমাৱস্থাত   চাৰিজন   খালিস্তানী সমৰ্থকক ডিব্ৰুগড়লৈ অনা হৈছিল৷ পিছত সেই সংখ্যা আৰু বৃদ্ধি পায়৷   বায়ুসেনাৰ  বিশেষ বিমানেৰে তেওঁলোকক পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ অনা  হৈছিল৷ 

খালিস্তানী সমৰ্থকৰ প্ৰথম  দলটোৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ২৭ জনীয়া দল এটাও অসমলৈ আহিছিল৷পঞ্জাৱ আৰক্ষীয়ে  পূৰ্বে প্ৰকাশ কৰা মতে  অমৃতপাল সিঙৰ নেতৃত্বত থকা সংগঠনটোৰ  ৭৮ জনতকৈও অধিক  সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা