--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া  উৎকণ্ঠাৰ অৱসান যেন অৱসান ঘটিল৷ খালিস্তানী নেতা অমৃতপাল সিঙে অৱশেষত আত্মসমৰ্পন কৰিলে৷ অমৃতপালৰ  পত্নীক তিনিদিন আগতে আৰক্ষীয়ে আটক কৰাৰ পিছতে খালিস্তানী নেতাজনে  গুৰুদ্বাৰালৈ আহি আত্মসমৰ্পণ কৰিছে৷ অমৃতপালৰ পত্নী কিৰণদীপক  তিনিদিন আগতে লণ্ডনলৈ যাৱলৈ ওলোৱাৰ সময়ত অমৃতসৰ বিমানবন্দৰত আটক কৰা হৈছিল৷

শুল্ক বিভাগৰ বিষয়াই তেওঁক আটক কৰি জেৰা আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত  সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷ আৰক্ষীৰ জিম্মাত থকা প্তনীৰ মোহতে খলিস্তানী নেতা অমৃতপাল সিঙে দেওবাৰে পুৱতি নিশা  গুৰুদ্বাৰালৈ আহি আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে বুলি বহুতে ধাৰণা কৰিছে। আত্মসমৰ্পনৰ পিছতে অমৃতপাল সিঙক  গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে আৰক্ষীয়ে অমৃতপাল গ্ৰেপ্তাৰ হোৱাৰ সবিশেষ তথ্য এতিয়াও সংবাদমাধ্যমক জনোৱা নাই৷ কি পৰিস্থিতিত অমৃতপালে আত্মসমৰ্পন কৰিলে সেয়াও আৰক্ষীৰ মুখেৰে প্ৰকাশ পোৱা নাই৷  শেহতীয়াকৈ  জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা নেতাজনক অসমৰ কাৰাগাৰলৈ আনি থকা হৈছে৷

একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ মতে  অমৃতপালে শনিবাৰে সন্ধিয়া মোগাত উপস্থিত হৈছিল৷  তেওঁ ফোন কৰি আৰক্ষীক আত্মসমৰ্পন কৰিব বুলি কৈছিল। তাৰ পিছত তেওঁ দেওবাৰে পুৱতি নিশা আত্মসমৰ্পণ কৰে। অমৃতপালক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।উল্লেখ্য কিৰণদীপ আৰু অমৃতপালে চলিত বৰ্ষৰ  ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল। কিৰণদীপ এজন প্ৰবাসী ভাৰতীয়। তেওঁ ব্ৰিটেইনত বাস কৰে। কিৰণদীপে ছচিয়েল মিডিয়াত অমৃতপালৰ ভিডিঅ' চোৱাৰ পিছত প্ৰেমত পৰিছিল। দ্য উইকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কিৰণদীপে প্ৰকাশ কৰিছিল যে এবছৰতকৈও অধিক সময় প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত তেওঁলোকৰ বিয়া হৈছিল৷কিৰণদীপে ইনষ্টাগ্ৰামত অমৃতপালক সদায়  'অনুসৰণ' কৰিছিল।

 তেওঁ প্ৰায়ে  অমৃতপালক প্ৰশংসা কৰি পোষ্ট দিছিল।কিৰণদীপে কৈছিল যে বিয়াৰ আগতে অমৃতপালে তেওঁক  কৈছিল যে তেওঁ এদিন গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। অৱশেষত আজি সেয়াই হ’ল৷ আৰক্ষীয়ে অমৃতপালৰ সন্ধানত সমগ্ৰ দেশজুৰি অভিযান চলাই গৈছিল৷অমৃতপালৰ বিৰুদ্ধে  বিভিন্ন জাতিৰ মাজত বৈষম্যমূলক আচৰণ, হত্যাৰ চেষ্টা, আৰক্ষীক আক্ৰমণ কৰা আৰু আৰক্ষীৰ কামত বাধা দিয়া আদি গুৰুতৰ অভিযোগ আছে।

অমৃতপাল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী পপলপ্ৰীত সিঙে ১৮ মাৰ্চত  অমৃতসৰৰ ওচৰৰ অঞ্জলা আৰক্ষী থানাৰ আক্ৰমণ কৰাৰ অভিযোগো আছে৷ ঘটনাটোৰ পিছৰে পৰা দুয়ো পলাতক হৈ আছে। অৱশ্যে, ১০ এপ্ৰিলত আৰক্ষীয়ে পপলপ্ৰীতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অমৃতপাল পলাতক অৱস্থাতে আছিল। ১৮ মাৰ্চৰ পৰা অমৃতপালে পঞ্জাৱৰ জলন্ধৰ, হোচিয়াৰপুৰ আৰু অমৃতসৰৰ কেইবাখনো গাঁৱত আশ্ৰয় লৈছিল বুলি ধাৰণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement