--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীক ভগৱানৰ দৰে জ্ঞান কৰে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে৷ সেয়ে তেওঁ আনকো মোদীক পূজা কৰাৰ উপদেশ দিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে কয়, "যদি আপুনি প্ৰধানমন্ত্ৰী মোদীক ঈশ্বৰ বুলি গণ্য কৰে আৰু তেওঁক উপাসনা কৰে তেন্তে সুফল পাব।"

প্ৰাক্তন ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ কৰা এনে মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোশিয়াৰীয়ে প্ৰায়ে তেওঁৰ বক্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামত দখল কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানৰ দৰে পূজা কৰিবলৈ কোৱা  মন্তব্যৰ ভিডিঅ' সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। 

এই ভাইৰেল ভিডিঅ'টোত ভগত সিং কোশ্যৰীয়ে কয়, "আমাৰ প্ৰধানমন্ত্ৰীক  ঈশ্বৰ হিচাপে বিবেচনা কৰক আৰু তেওঁক উপাসনা কৰাত কোনো ক্ষতি নাই।" তেওঁ উত্তৰাখণ্ডৰ ৰামনগৰত এক অনুষ্ঠানত তেওঁ এনেদৰে মন্তব্য কৰিছিল।  ভগত সিং কোশিয়াৰীৰ এই মন্তব্যকলৈ  বিৰোধী দলবোৰে আকৌ এবাৰ সমালোচনা মুখৰ হৈ পৰিছে৷মানুহ কিদৰে ভগৱান হ’ব পাৰে বুলিও বহুতে প্ৰশ্ন কৰিছে৷

উল্লেখ্য মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ৰাজনৈতিক ভৱিষ্যত  এতিয়া সিমান ভাল নহয়৷ সেই বাবেই তেওঁ মোদীক তৈলমৰ্দন কৰি থকা বুলি বহুতে মন্তব্য কৰিছে৷ তেওঁ  মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ভক্ত বুলি  বহুতে কৰা মন্তব্যৰ উত্তৰত কৈছে যে  কোনেও কাৰো ভক্ত  নহয়, ধামীয়ে ভাল কাম কৰি আছে। আনহাতে কোশিয়াৰীয়ে  মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাও অস্বীকাৰ কৰিছিল।

কোশিয়াৰীয়ে কয় "ৰাজ্যখনক কেনেদৰে আত্মনিৰ্ভৰশীল কৰিব পাৰি জানিবলৈ মই পিথোৰাগড়ৰ পৰা উত্তৰকাশীলৈ যাত্ৰা কৰি আছো। ৰাজ্যপালৰ পদ ত্যাগ কৰাৰ পিছত মই এই কামটো হাতত লৈছো," তেওঁ লগতে কয় যে তেওঁ এতিয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু ৰাজ্যখনৰ উন্নয়ন তথা  সমৃদ্ধিৰ বাবে কাম কৰিব বিচাৰে। তেওঁ এই বছৰৰ ১২ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী