--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীক ভগৱানৰ দৰে জ্ঞান কৰে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে৷ সেয়ে তেওঁ আনকো মোদীক পূজা কৰাৰ উপদেশ দিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে কয়, "যদি আপুনি প্ৰধানমন্ত্ৰী মোদীক ঈশ্বৰ বুলি গণ্য কৰে আৰু তেওঁক উপাসনা কৰে তেন্তে সুফল পাব।"

প্ৰাক্তন ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ কৰা এনে মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভগত সিং কোশিয়াৰীয়ে প্ৰায়ে তেওঁৰ বক্তব্যৰ বাবে সংবাদ মাধ্যমৰ শিৰোনামত দখল কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱানৰ দৰে পূজা কৰিবলৈ কোৱা  মন্তব্যৰ ভিডিঅ' সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। 

এই ভাইৰেল ভিডিঅ'টোত ভগত সিং কোশ্যৰীয়ে কয়, "আমাৰ প্ৰধানমন্ত্ৰীক  ঈশ্বৰ হিচাপে বিবেচনা কৰক আৰু তেওঁক উপাসনা কৰাত কোনো ক্ষতি নাই।" তেওঁ উত্তৰাখণ্ডৰ ৰামনগৰত এক অনুষ্ঠানত তেওঁ এনেদৰে মন্তব্য কৰিছিল।  ভগত সিং কোশিয়াৰীৰ এই মন্তব্যকলৈ  বিৰোধী দলবোৰে আকৌ এবাৰ সমালোচনা মুখৰ হৈ পৰিছে৷মানুহ কিদৰে ভগৱান হ’ব পাৰে বুলিও বহুতে প্ৰশ্ন কৰিছে৷

উল্লেখ্য মহাৰাষ্ট্ৰৰ প্ৰাক্তন ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ৰাজনৈতিক ভৱিষ্যত  এতিয়া সিমান ভাল নহয়৷ সেই বাবেই তেওঁ মোদীক তৈলমৰ্দন কৰি থকা বুলি বহুতে মন্তব্য কৰিছে৷ তেওঁ  মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ভক্ত বুলি  বহুতে কৰা মন্তব্যৰ উত্তৰত কৈছে যে  কোনেও কাৰো ভক্ত  নহয়, ধামীয়ে ভাল কাম কৰি আছে। আনহাতে কোশিয়াৰীয়ে  মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাও অস্বীকাৰ কৰিছিল।

কোশিয়াৰীয়ে কয় "ৰাজ্যখনক কেনেদৰে আত্মনিৰ্ভৰশীল কৰিব পাৰি জানিবলৈ মই পিথোৰাগড়ৰ পৰা উত্তৰকাশীলৈ যাত্ৰা কৰি আছো। ৰাজ্যপালৰ পদ ত্যাগ কৰাৰ পিছত মই এই কামটো হাতত লৈছো," তেওঁ লগতে কয় যে তেওঁ এতিয়া ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰে আৰু ৰাজ্যখনৰ উন্নয়ন তথা  সমৃদ্ধিৰ বাবে কাম কৰিব বিচাৰে। তেওঁ এই বছৰৰ ১২ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ