--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'অৱতাৰ ২'ৰ আৰম্ভণি অতি সুন্দৰ হৈছে। ইয়াৰ প্ৰথম দিনৰ সংগ্ৰহ বিশ্বজুৰি ১৫০০ কোটি টকাৰ ওপৰত আছিল আৰু ভাৰতত ছবিখনে ইয়াৰ বিভিন্ন ডাবড সংস্কৰণত প্ৰথম দিনাই ৪০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰিছিল। অনুমান কৰা হৈছে যে ছবিখনৰ উইকেণ্ড সংগ্ৰহ ১৩০ৰ পৰা ১৪০ কোটি টকা হ’ব। দৰ্শক ছবিগৃহলৈ গৈ আছে। 

প্ৰযোজক-পৰিচালক জেমছ কেমেৰনৰ ছবি 'অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ'ৰ কাৰিকৰী দিশটোৱে সকলোকে চমকিত কৰি তুলিছে যদিও ইয়াৰ কাহিনী আৰু চিত্ৰনাট্যক লৈ কিছু প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হৈছে। বহুতে ছবিখনৰ স্ক্ৰীপ্টৰ ক্ষেত্ৰত নিৰ্মাতাসকল অলপ দুৰ্বল বুলি অনুভৱ কৰিছে।

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে যে 'অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ'ৰ কাহিনী আৰু ২০১৯ চনত মুক্তি পোৱা তামিল ছবি 'অসুৰন'ৰ কাহিনীৰ মাজত এক আকৰ্ষণীয় সাদৃশ্য আছে। এই কথাটোৱে মানুহক আচৰিত কৰি তুলিছে। দুয়োটা কাহিনীৰ প্লট একেই। 

দুয়োখন ছবিৰ কাহিনীতে এজন পিতৃয়ে নিজৰ শত্ৰু আৰু শ্ৰেণী সংগ্ৰামৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালটোক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিছে। দুয়োখন ছবিৰ ক্লাইমেক্সত অৱশেষত শত্ৰুৱে পৰিয়ালটোৰ ওচৰ পায়গৈ আৰু কাজিয়া আৰম্ভ হয়। দুয়োটা কাহিনীতে পিতৃয়ে পুত্ৰক হেৰুৱাইছে, কিন্তু শেষত যুদ্ধত জয়ী হয়। 'অসুৰন'ত দুটা জাতিৰ যুঁজ আনহাতে 'অৱতাৰ ২'ত দুটা গ্ৰহৰ বাসিন্দাৰ মাজত যুঁজ হয়। 'অসুৰন'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ধনুষে। 

এই ছবিখনত ধনুষে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাকে ধৰি দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ২০২১ চনত তেলেগু ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল  'অসুৰন'। তেলেগু ৰিমেক 'নৰপ্পা'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ভেংকটেশে। অ’টিটি প্লেটফৰ্ম প্ৰাইম ভিডিঅ’ত হিন্দী ভাষাত চাব পাৰিব 'অসুৰন'।

চল্লিশ বছৰ পূৰ্বে তামিল সাহিত্যিক পূমানীয়ে ৰচনা কৰা 'ভেক্কাই' উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল 'অসুৰন'। সাহিত্য অকাডেমী বঁটা লাভ কৰা এইখনেই আছিল পূমানীৰ প্ৰথম উপন্যাস। বহুতে ছ’চিয়েল মিডিয়াত এতিয়া ধেমালি কৰি আছে যে জেমছ কেমেৰনৰ 'অৱতাৰ ২'ৰ কাহিনী কেনেবাকৈ 'অসুৰন'ৰ দ্বাৰা অনুপ্ৰাণিত নহয়টো? 'অৱতাৰ ২'ৰ কাহিনীটো ২০০৯ চনত লিখা হৈছিল। যিয়েই নহওক, 'অৱতাৰ ২' আৰু 'অসুৰন'ৰ কাহিনীৰ মাজত যে এক প্ৰচণ্ড সাদৃশ্য আছে সেয়া নিশ্চিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু