--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'অৱতাৰ ২'ৰ আৰম্ভণি অতি সুন্দৰ হৈছে। ইয়াৰ প্ৰথম দিনৰ সংগ্ৰহ বিশ্বজুৰি ১৫০০ কোটি টকাৰ ওপৰত আছিল আৰু ভাৰতত ছবিখনে ইয়াৰ বিভিন্ন ডাবড সংস্কৰণত প্ৰথম দিনাই ৪০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰিছিল। অনুমান কৰা হৈছে যে ছবিখনৰ উইকেণ্ড সংগ্ৰহ ১৩০ৰ পৰা ১৪০ কোটি টকা হ’ব। দৰ্শক ছবিগৃহলৈ গৈ আছে। 

প্ৰযোজক-পৰিচালক জেমছ কেমেৰনৰ ছবি 'অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ'ৰ কাৰিকৰী দিশটোৱে সকলোকে চমকিত কৰি তুলিছে যদিও ইয়াৰ কাহিনী আৰু চিত্ৰনাট্যক লৈ কিছু প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হৈছে। বহুতে ছবিখনৰ স্ক্ৰীপ্টৰ ক্ষেত্ৰত নিৰ্মাতাসকল অলপ দুৰ্বল বুলি অনুভৱ কৰিছে।

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত চৰ্চালৈ আহিছে যে 'অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ'ৰ কাহিনী আৰু ২০১৯ চনত মুক্তি পোৱা তামিল ছবি 'অসুৰন'ৰ কাহিনীৰ মাজত এক আকৰ্ষণীয় সাদৃশ্য আছে। এই কথাটোৱে মানুহক আচৰিত কৰি তুলিছে। দুয়োটা কাহিনীৰ প্লট একেই। 

দুয়োখন ছবিৰ কাহিনীতে এজন পিতৃয়ে নিজৰ শত্ৰু আৰু শ্ৰেণী সংগ্ৰামৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালটোক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিছে। দুয়োখন ছবিৰ ক্লাইমেক্সত অৱশেষত শত্ৰুৱে পৰিয়ালটোৰ ওচৰ পায়গৈ আৰু কাজিয়া আৰম্ভ হয়। দুয়োটা কাহিনীতে পিতৃয়ে পুত্ৰক হেৰুৱাইছে, কিন্তু শেষত যুদ্ধত জয়ী হয়। 'অসুৰন'ত দুটা জাতিৰ যুঁজ আনহাতে 'অৱতাৰ ২'ত দুটা গ্ৰহৰ বাসিন্দাৰ মাজত যুঁজ হয়। 'অসুৰন'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ধনুষে। 

এই ছবিখনত ধনুষে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাকে ধৰি দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ২০২১ চনত তেলেগু ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল  'অসুৰন'। তেলেগু ৰিমেক 'নৰপ্পা'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ভেংকটেশে। অ’টিটি প্লেটফৰ্ম প্ৰাইম ভিডিঅ’ত হিন্দী ভাষাত চাব পাৰিব 'অসুৰন'।

চল্লিশ বছৰ পূৰ্বে তামিল সাহিত্যিক পূমানীয়ে ৰচনা কৰা 'ভেক্কাই' উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল 'অসুৰন'। সাহিত্য অকাডেমী বঁটা লাভ কৰা এইখনেই আছিল পূমানীৰ প্ৰথম উপন্যাস। বহুতে ছ’চিয়েল মিডিয়াত এতিয়া ধেমালি কৰি আছে যে জেমছ কেমেৰনৰ 'অৱতাৰ ২'ৰ কাহিনী কেনেবাকৈ 'অসুৰন'ৰ দ্বাৰা অনুপ্ৰাণিত নহয়টো? 'অৱতাৰ ২'ৰ কাহিনীটো ২০০৯ চনত লিখা হৈছিল। যিয়েই নহওক, 'অৱতাৰ ২' আৰু 'অসুৰন'ৰ কাহিনীৰ মাজত যে এক প্ৰচণ্ড সাদৃশ্য আছে সেয়া নিশ্চিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক