--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে এতিয়া বাস্তু শাস্ত্ৰ বিধানসমূহৰ প্ৰতি বহু লোক আকৰ্ষিত হৈছে৷ বিজ্ঞান আধাৰিত বাস্তুৰ বিধানসমূহে মানুহৰ সুখ বৃদ্ধি কৰিব পাৰে৷ জানো আহক বাস্তু শাস্ত্ৰই দিয়া কেইটামান বিশেষ বিধান- 

 ঘৰৰ দুৱাৰসমূহ উত্তৰ আৰু পূবত থকা সংখ্যাতকৈ দক্ষিণ আৰু পশ্চিমৰ সংখ্যা যেন কম হয়, সেই কথালৈ মন কৰিব।

ঘৰৰ ভিতৰৰ চাৰিওটা কোণ কিছু খালীকৈ ৰাখিব। যাতে ঘৰৰ চাৰিওটা কোণত মানুহে সহজে খোজকাঢ়ি থাকিব পাৰে।

ঘৰৰ উত্তৰ-পূব দিশত ৰেলিংযুক্ত চিৰি নাৰাখিব।
ঘৰত কিমানটা আলমাৰী ৰাখিব তাৰ কোনো নির্দিষ্ট সংখ্যা নাই। কিন্তু আলমাৰীসমূহ যাতে উত্তৰ বা পূব কোণত স্থাপন কৰা হয়, সেই কথাৰ প্ৰতি মন দিব।

মাটিৰ তলত কোনো কুঁৱা, জলাধাৰ আদি নিৰ্মাণ কৰিব লগা হ'লে সেয়া উত্তৰ-পূৰ, উত্তৰ বা পূব দিশে নিৰ্মাণ কৰিব।

ঘৰৰ ছেফটি টেংক কেতিয়াও উত্তৰ-পূব দিশত নিৰ্মাণ নকৰিব ঘৰৰ দক্ষিণ-পশ্চিম অংশত যদি কোনো জলাশয় থাকে তেন্তে সেই জলাশয় যাতে চকুত হঠাতে নপৰে তাৰ বাবে আৱৰণৰ ব্যৱস্থা কৰিব। যদি ঘৰৰ শোৱনি কোঠা উত্তৰ-পূব দিশত হয় তেন্তে তাত দেৱ-দেৱীৰ ছবি ৰাখিব। লগতে শুভ চিনো আঁৰি ৰাখিব পাৰে।

ঘৰৰ অতিথিয়ে বহিব পৰা কোঠা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে।

শোৱাৰ সময়ত সদায় মূৰ দক্ষিণ বা পূব দিশে ৰাখিব লাগে।

পঢ়া-শুনা কৰা কোঠা ঘৰৰ দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব লাগে।

ঘৰৰ প্ৰৱেশদ্বাৰ যেন খুব ডাঙৰ অথবা খুব সৰু নহয় তাৰ প্ৰতি মন দিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ ছয় ফুট × তিনি ফুট জোখৰ হ'ব লাগে। 

যি স্থানত ঘৰ সজা হয় সেই মাটিৰ পৰা যেন কেতিয়াও দুর্গন্ধ নোলায় সেই কথাৰ প্ৰতি মন দিব লাগে।

ঘৰৰ কাম কৰা লোকসকলৰ বাবে থকা কোঠা উত্তৰ পশ্চিম বা দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

ঘৰৰ বেলকনি দক্ষিণ বা পশ্চিম দিশত স্থাপন কৰিব নালাগে।

ঘৰৰ বাৰাণ্ডা সদায় উত্তৰ, পূব আৰু উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ দক্ষিণ-পূব দিশত কোনো খালী ঠাই এৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস