--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ভাগ হিন্দুধৰ্মী লোকৰ ঘৰতেই একোটা মন্দিৰ থকা দেখা যায়। মন্দিৰ নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ বিধি মানি চলিব লাগে। ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে সকলোৱে মন্দিৰ প্ৰতিষ্ঠা কৰাত আগভাগ লৈ আহিছে। বাস্তুশাস্ত্ৰই মন্দিৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। এনে বিধানসমূহ উল্লেখ কৰা হল—

মন্দিৰ মানুহে বাস কৰা অঞ্চলৰ ওচৰা-উচৰি কোনো ঠাইত স্থাপন কৰিব লাগে ৷

মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ'ব লাগে

মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ'লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে ।

স্থলস্থুলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ দেৱ বিগ্ৰহৰ মুখ পশ্চিম পিনে থাকিব লাগে। ভক্তই পূব পিনে মুখ কৰি বহি পূজা কৰিব লাগে ৷

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটি বর্গাকৃতিৰ বা আয়তাকাৰ হ'ব লাগে
মন্দিৰৰ পশ্চিম, দক্ষিণ অথবা দক্ষিণ-পশ্চিম অংশত কোনো পাহাৰ অথবা ওখ টিলা থাকিলে ভাল।

মন্দিৰ যদি উত্তৰ, পূব অথবা উত্তৰ-পূব মুখে প্রবাহিত নদীৰ কাষত স্থাপন কৰিব পাৰি তেন্তে সেয়া অতি উত্তম হ'ব।

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটিৰ প্ৰধান দুৱাৰৰ বিপৰীত দিশৰ দক্ষিণ পিনৰ পৰা উত্তৰ পিনে যোৱা অথবা পশ্চিমৰ পৰা পূব পিনে যোৱা পথ থাকিলে সেই ভূমিক মন্দিৰ নিৰ্মাণৰ উত্তম ভূমি হিচাপে গণ্য কৰিব পাৰি।

পুৰুষ দেৱতাৰ মন্দিৰ সমকোণী আকাৰত নিৰ্মাণ কৰিলে ভাল। মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সেই ভূমি দোষমুক্ত কৰি ল'ব লাগে। মন্দিৰৰ পুখুৰী বর্গাকৃতিৰ হ'ব লাগে আৰু সেই পুখুৰী মন্দিৰৰ উত্তৰ-পূব দিশে থাকিলে বেছি ভাল।

মন্দিৰৰ উচ্চতা ইয়াৰ প্ৰস্থৰ দুগুণ হোৱাটো উচিত। ইয়াৰ উপৰি মন্দিৰৰ বিগ্ৰহৰ উচ্চতা দুৱাৰৰ ১/৮ অংশতকৈ বেছি ওখ হোৱা উচিত।

মন্দিৰৰ মূল অংশত গর্ভগৃহ স্থাপন কৰিব লাগে। মন্দিৰৰ চাৰিওপিনে সমান মুকলি ঠাই থাকিব লাগে। অৱশ্যে পূব দিশে যিমান ঠাই মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণৰ মুকলি ঠাই কম হ'ব লাগে।

মন্দিৰৰ সৈতে সজা আন সৰু মন্দিৰসমূহ দক্ষিণ-পশ্চিম, দক্ষিণ-পূব,উত্তৰ

পশ্চিম, উত্তৰ-পূব আদি দিশত নিৰ্মাণ কৰিব নালাগে ।

মন্দিৰ নিৰ্মাণৰ শুভ তিথি হ'ল শুক্ল পক্ষৰ প্ৰথমা, দ্বিতীয়, চতুর্থী, পঞ্চমী, দশমী, ত্ৰয়োদশী আৰু পূর্ণিমা তিথি । শুভ লগ্ন হৈছে কুম্ভ, সিংহ, কন্যা, মিথুন, ধনু আৰু মীন । শুভ বাৰ হৈছে সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ ।












FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ