--°C
Loading...
Listen to Article
2 min read
80%


 
১২ এপ্ৰিল ২০২৩, বুধবাৰ
 
মেষ- কোনো বিশেষ কামৰ বাবে আপুনি প্ৰেৰণা লাভ কৰিব। প্ৰিয়জনৰ পৰা  উপহাৰ লাভ কৰিব। আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য বজায় চলিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ৮,শুভ ৰং মেৰুণ।

বৃষ- সম্পত্তি ক্ৰয় কৰাৰ সময়ত সাৱধান হ’ব। গণেশৰ কৃপা থাকিব। সকলো কামেই আজি সুকলমে সমাপ্ত হ’ব। কোনো বেলেগ লোকে দিয়া পৰামৰ্শক চকু বন্ধ কৰি বিশ্বাস নকৰিব। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

মিথুন- কৰ্মস্থানত সহনশীলতা বনাই ৰাখিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। দাম্পত্য জীৱনত সুখৰ সময় আহিব। পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

কৰ্কট- কোনো ডাঙৰ সুযোগ হাতলৈ আহিব। খং কমাব। কৰ্মত বাধা আহিব। সিদ্ধান্ত লওঁতে সাৱধান হ’ব। গণেশক আৰাধনা কৰিব। বিপদত পৰা লোকক সহায় কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

সিংহ- ধাৰলৈ দিয়া পইচা ঘূৰাই পাব। দীৰ্ঘদিনধৰি অমীমাংসিত পৰিকল্পনা আৰম্ভ কৰাৰ সঠিক সময়। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।

কন্যা- কামৰ বুজা বৃদ্ধি পাব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব। দাম্পত্য জীৱনত সুখৰ খবৰ আহিব পাৰে। খৰছৰ মাত্ৰা বাঢ়িব । শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

তুলা – লক্ষ্য প্ৰাপ্তি পাবলৈ বহু কষ্ট কৰিব লাগিব। প্ৰতিযোগীতামূলক পৰীক্ষাত শিক্ষৰ্থীয়ে সফলতা লাভ কৰিব। পৰিয়ালৰ কাৰোবাৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ , শুভ ৰং ৰূপালী।

বৃশ্চিক- খৰখেদা আৰু অৱহেলাত লোৱা সিদ্ধান্তই বিত্তীয় লোকচানৰ কাৰণ হ’ব পাৰে।হাতলৈ হঠাতে পইচা আহিব। প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৪, শুভ ৰং গোলপীয়া।

ধনু – কৰ্মস্থানত পদোন্নতিৰ যোগ|প্ৰেমত শুভ। আৰ্থিক ক্ষেত্ৰত সাৱধান হ’ব । যান-বাহনৰ পৰা সাৱধানে থাকিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব। শুভ সংখ্যা ৭, শুভ ৰং নীলা।

মকৰ- নতুন বাহন ক্ৰয় কৰিব পাৰিব। বিবাহক লৈ যদি কোনো কথা চলি আছে তেনেহলে আজি সকলো সমাধান হ’ব। প্ৰিয় জনৰ পৰা কোনো উপহাৰ লাভ। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

কুম্ভ- আজি ধন লাভ কৰিব। কোনো পুৰনা বন্ধুক লগ পাব। ঘৰত সুন্দৰ পৰিৱেশ থাকিব। ব্যৱসায়ত মধ্যমীয়া। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

মীন- শিক্ষাৰ্থী সকলে বিদ্যাৰ বাবে বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। কামত এলাহ ভাৱ আহিব। কৰ্মক্ষেত্ৰত সাৱধান হ’ব। শুভ সংখ্যা ৫, শুভ ৰং বগা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস