--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰ এটা নিৰ্মাণ কৰাৰ পিছত সেয়া যদি বাস্তুশাস্ত্ৰ অনুসৰি নিৰ্মাণ কৰা হোৱা নাই বুলি জনা যায় তেন্তে সেই ঘৰটো ভাঙি পুনৰ নতুন ঘৰ এটা সজা সম্ভব নহয়। সেয়ে বাস্তুশাস্ত্রব বিধি অনুসৰি নিৰ্মাণ নকৰা ঘৰত কেতবোৰ বিশেষ বিধি- বিধান পালন কৰি ঘৰত থকা বাস্তুদোষ নিবাৰণ কৰাৰ চেষ্টা চলাব লাগে। এইক্ষেত্ৰত কৰিব পৰা কেতবোৰ কামৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

যদি ঘৰৰ কোনো বীমৰ তলত বিছনা স্থাপন কৰা হয় বা খোৱা মেজ স্থাপন কৰা হয় তেন্তে এয়া মুঠেও শুভ ফলদায়ক নহয়। বীমৰ তলত বিছনা স্থাপন কৰিলে তাত নিশা শোৱা লোকৰ ভালদৰে টোপনি নহয় আৰু তেওঁ নানান ধৰণৰ চিন্তাৰে ভাৰাক্ৰান্ত হৈ পৰে। একেদৰে বীমৰ তলত যদি খোৱা মেজ স্থাপন কৰা হয় তেন্তে খোৱা-বোৱাৰ প্ৰতি মানুহৰ ৰুচি কমি যায় আৰু মানুহ অসুস্থ হৈ পৰাৰ আশংকা থাকে। কেবল ঘৰতেই নহয় কার্যালয় আদিতো যদি বীমৰ তলত কৰ্মচাৰী বহা চকী, মেজ আদি স্থাপন কৰা হয় তেন্তে তাত বহা কৰ্মচাৰীসকল নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। 

তাত আসন গ্ৰহণ কৰা কৰ্মচাৰীসকলে সদায় নানান ধৰণৰ দুঃশ্চিন্তাত ভুগিবলগীয়া হয়। সেয়ে ঘৰৰ অথবা কাৰ্যালয়ৰ বীমৰ তলত কেতিয়াও বিছনা, চকী-মেজ, খোৱা মেজ আদি স্থাপন কৰিব নালাগে। যদি বীমৰ তলৰ পৰা সেইবোৰ আঁতৰাই পেলোৱাৰ কোনো উপায় নাথাকে তেন্তে তলৰ উপায়সমূহ অৱলম্বন কৰি বাস্তুদোষ দূৰ কৰিব পৰা যাব ।

বীমৰ দুয়োপিনে একোটাকৈ বাঁহী লগাই থলে বাস্তুদোষ দূৰ হ'ব। বীমৰ পৰা সৃষ্টি হোৱা বাস্তুদোষ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বীমত বাঁহৰ বাঁহী লগাই থোৱা ৷

বীম টাইলাছৰ জৰিয়তে ঢাকি দিলেও বাস্তুদোষ দূৰ কৰিব পৰা যায়। বীমৰ পৰা উদ্ভৱ হোৱা বাস্তুদোষ দূৰ কৰিবলৈ বীমত সেউজীয়া ৰঙৰ গণেশৰ ছৰি বা মূৰ্তি আঁৰি থ'ব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম