--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰায় তিনি বছৰৰ মূৰত স্বদেশৰ মাটিত ভৰি থৈছে ভাৰতকন্যা প্ৰিয়ংকা চোপ্ৰাই। মঙলবাৰে তেওঁ মুম্বাইত পদাৰ্পন কৰে। নীলা ডেনিম পৰিহিতা প্ৰিয়ংকাই ঘৰৰ মাটিত ভৰি থৈয়েই অনুৰাগী আৰু বন্ধুবৰ্গৰ সতে ভাৱ বিনিময় কৰে।

 

সোমবাৰে ইনষ্টাগ্ৰামযোগে প্ৰিয়ংকাই তেওঁৰ ভাৰত ভ্ৰমণত বিষয়ে অনুৰাগীসকলক জনাইছিল। ২০২০ চনৰ মহামাৰি আৰু চলিত বৰ্ষৰ জানুৱাৰীত কন্যাশিশু জন্ম দিয়াৰ পাছত তেওঁৰ এয়া প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ।

 

উল্লেখ্য যে বৰ্তমান বিবাহসূত্ৰে প্ৰিয়ংকা চোপ্ৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত বাস কৰে। তেওঁৰ লগত পতি নিক জনাছেও বাস কৰে। লছ এঞ্জেলছতে প্ৰিয়ংকা-নিকে ভাৰতৰ পৰম্পৰাগত উৎসৱসমূহ পালন কৰা দেখা পোৱা যায়।

 

শেহতীয়াকৈ দম্পত্তিটোৱে দিৱালীও উদযাপন কৰিছিল। দিৱালীত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাও উপস্থিতি আছিল। ভাৰতত ভৰি দিয়া মাত্ৰকেই তেওঁৰ মুখত হাঁহি বিৰিঙি উঠে। কেমেৰামেনসকললৈ হাঁহি ভৰা সম্ভাষণ জনায়।

 

আনহাতে, দাম্পত্য জীৱনৰ লগে লগে নিজৰ কামতো ব্যস্ত আছে প্ৰিয়ংকা। ইটছ অল কামিং বেক টু মি, চিটাডেলৰ দৰে হলিউডৰ চিনেমাৰ উপৰিও জি লে ঝাৰা নামৰ এখনি বলিউডৰ চিনেমাত কাম কৰিছে প্ৰিয়ংকাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক