--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডীপ ফেক (Deep Fake)৷ পৰ্ণ ছৱি উপভোগ কৰা সকলৰ বাবে অতি চিনাকি নাম৷ চিনেমাজগতৰ মোহময়ী অভিনেত্ৰীসকলৰ নকল ভিডিঅচাবলৈ ডীপ ফেক উপভোগ কৰা হয়৷

 

বলিউড-হলিউডৰ বহুতো অভিনেত্ৰী এই ডীপ ফেকৰ চিকাৰ হৈ আহিছে৷ কিয়াৰা আদৱানী, আলিয়া ভাটৰ পৰা এঞ্জেলিনা জলী, এম্বাৰ হাৰ্ডলৈকে সকলোৰে ডীপ ফেক ভিডিঅসমূহ ইণ্টাৰনেট খুঁচৰিলেই পোৱা যায়৷

 

শেহতীয়াকৈ ইয়াৰ চিকাৰ হৈছে হলিউডৰ তাৰকা স্কাৰলেট জোহানছন৷ স্কাৰলেটৰ মুখৰ নকল কৰি বনোৱা পৰ্ণ ভিডিঅইণ্টাৰনেটত বিয়পি পৰিছে৷

 

এই প্ৰসংগত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে নিজে৷ আক্ষেপৰ সুৰত তেওঁ কয় যে বৰ্তমান যৌনতা পণ্যলৈ পৰিণত হৈছে আৰু ইণ্টাৰনেট ইয়াৰ মুখ্য চালিকা শক্তি হৈ পৰিছে৷

 

‘‘ইয়াত মোৰ একো হানি-বিঘিনি নহয়৷ যিসকলে মোক জানে, তেওঁলোকে মই এইধৰণৰ কাম নকৰো বুলি বুজি পায়৷’’- অভিনেত্ৰীগৰাকীয়ে কয়৷

 

‘‘কিন্তু যিসকল অভিনেত্ৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ধৰিছে, তেওঁলোকৰ ওপৰত এইসমূহ ঘটনাই বেয়া প্ৰভাৱ পেলাব পাৰে৷’’- তেওঁ কয়- ‘‘অনেক অভিনেত্ৰীয়ে মানসিক অৱসাদত ভুগি থাকে৷’’

 

উল্লেখ্য যে ডীপ ফেক এবিধ প্ৰযুক্তি৷ ফটোশ্বপ কৰি যিদৰে কোনো এজন লোকক নকল কৰিব পৰা যায়, তেনেদৰে ভিডিঅৰ মাজতো আন কাৰোবাৰ মুখ সংযুক্ত কৰি ডীপ ফেক তৈয়াৰ কৰা হয়৷

 

১৯৯০ চনৰ পৰা এই পদ্ধতিক লৈ বিভিন্ন গৱেষণা চলিছিল৷ শেহতীয়াকৈ এই পদ্ধতিয়ে অগ্ৰগতি লাভ কৰিছে৷ ডীপ ফেকৰ ইমানেই অগ্ৰগতি ঘটিছে যে ই আচল নে নকল, তাক লৈও দোমোজাত পৰিব লগা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক