--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডীপ ফেক (Deep Fake)৷ প’ৰ্ণ ছৱি উপভোগ কৰা সকলৰ বাবে অতি চিনাকি নাম৷ চিনেমাজগতৰ মোহময়ী অভিনেত্ৰীসকলৰ নকল ভিডিঅ’ চাবলৈ ডীপ ফেক উপভোগ কৰা হয়৷

 

বলিউড-হলিউডৰ বহুতো অভিনেত্ৰী এই ডীপ ফেকৰ চিকাৰ হৈ আহিছে৷ কিয়াৰা আদৱানী, আলিয়া ভাটৰ পৰা এঞ্জেলিনা জ’লী, এম্বাৰ হাৰ্ডলৈকে সকলোৰে ডীপ ফেক ভিডিঅ’সমূহ ইণ্টাৰনেট খুঁচৰিলেই পোৱা যায়৷

 

শেহতীয়াকৈ ইয়াৰ চিকাৰ হৈছে হলিউডৰ তাৰকা স্কাৰলেট জোহানছন৷ স্কাৰলেটৰ মুখৰ নকল কৰি বনোৱা প’ৰ্ণ ভিডিঅ’ ইণ্টাৰনেটত বিয়পি পৰিছে৷

 

এই প্ৰসংগত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে নিজে৷ আক্ষেপৰ সুৰত তেওঁ কয় যে বৰ্তমান যৌনতা পণ্যলৈ পৰিণত হৈছে আৰু ইণ্টাৰনেট ইয়াৰ মুখ্য চালিকা শক্তি হৈ পৰিছে৷

 

‘‘ইয়াত মোৰ একো হানি-বিঘিনি নহয়৷ যিসকলে মোক জানে, তেওঁলোকে মই এইধৰণৰ কাম নকৰো বুলি বুজি পায়৷’’- অভিনেত্ৰীগৰাকীয়ে কয়৷

 

‘‘কিন্তু যিসকল অভিনেত্ৰীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ধৰিছে, তেওঁলোকৰ ওপৰত এইসমূহ ঘটনাই বেয়া প্ৰভাৱ পেলাব পাৰে৷’’- তেওঁ কয়- ‘‘অনেক অভিনেত্ৰীয়ে মানসিক অৱসাদত ভুগি থাকে৷’’

 

উল্লেখ্য যে ডীপ ফেক এবিধ প্ৰযুক্তি৷ ফটোশ্বপ কৰি যিদৰে কোনো এজন লোকক নকল কৰিব পৰা যায়, তেনেদৰে ভিডিঅ’ৰ মাজতো আন কাৰোবাৰ মুখ সংযুক্ত কৰি ডীপ ফেক তৈয়াৰ কৰা হয়৷

 

১৯৯০ চনৰ পৰা এই পদ্ধতিক লৈ বিভিন্ন গৱেষণা চলিছিল৷ শেহতীয়াকৈ এই পদ্ধতিয়ে অগ্ৰগতি লাভ কৰিছে৷ ডীপ ফেকৰ ইমানেই অগ্ৰগতি ঘটিছে যে ই আচল নে নকল, তাক লৈও দোমোজাত পৰিব লগা হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু