--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা আটোমটোকাৰিকৈ সজাই তুলিবলৈ হ'লে ঘৰটোৰ ভিতৰৰ সাজ সজ্জাও সুন্দৰ হ'ব লাগিব। ঘৰৰ খিৰিকী তথা দুৱাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ প্রভাৱৰ সলনি অশুভ প্রভাৱহে গৃহস্থৰ ওপৰত পৰে। 

ফেংছুইৰ মতে পর্দা নিৰ্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। 


দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। পূৱ দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়।

 পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভুজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ