--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মাটিত ঘৰ নিৰ্মাণ কৰাটো উচিত নহয়। সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত হয়নে নহয়, সেইকথা প্রথমে নির্ধাৰণ কৰি ল'ব লাগে। যদি সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয় বুলি ভবা হয় তেন্তে তেনে মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থৰ অপায়-অমংগল হ'ব পাৰে। সেইবাবে গৃহ নিৰ্মাণৰ পূৰ্বে মাটি পৰীক্ষা কৰি লোৱাটো অতি প্রয়োজনীয় কথা। মাটি পৰীক্ষা কৰিবলৈ বাস্তুশাস্ত্ৰত একাধিক পদ্ধতি অৱলম্বন কৰা হয়। এনে পদ্ধতিসমূহৰ ভিতৰত কেইটামান পদ্ধতি হ'ল—

 ঘৰ নিৰ্মাণ কৰিব বিচৰা মাটিত প্ৰায় এফুটমান গভীৰ এটা গাঁত খান্দক। সেই গাঁতটো পানীৰে পূৰ্ণ কৰক। ইয়াৰ পিছত গাঁতটোৰ পৰা প্ৰায় এশখোজ মান আগলৈ আগবাঢ়ি যাওক। ইয়াৰ পিছত পুনৰ গাঁতটোৰ কাষলৈ উভতি আহক। যদি গাঁতটোৰ ভিতৰত পানী হ্রাস নাপায় তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। যদি গাঁতটোৰ পানী সামান্য কমে তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্রেণীৰ মাটি। আনহাতে গাঁতটোৰ পানী যদি সম্পূৰ্ণৰূপে শুকাই যায় তেতে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অনুপযুক্ত মাটি বুলি ধৰি ল'ব লাগিব। তেনে মাটিত গৃহ নিৰ্মাণ কৰিলে অশুভ ফলহে লাভ হ'ব।


মাটি পৰীক্ষা কৰাৰ আন এটা পদ্ধতি হ'ল প্ৰথমে মাটিত এটা সৰু গাঁত খান্দক। সেই গাঁত খান্দোতে যি মাটি ওলায়, সেই মাটিৰে গাঁতটি পূৰাই দিয়ক। যদি সেই মাটিৰে গাঁতটি পূৰাই দিয়াৰ পিছত কিছু পৰিমাণে মাটি ৰৈ যায়। তেন্তে বুজিব যে সেই ভূমি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত ভূমি। যদি গাঁতটি পূৰ কৰোঁতে মাটি কম হয় তেন্তে বুজিব যে সেই মাটি গৃহ নির্মাণৰ বাবে উপযুক্ত মাটি নহয়। যদি গাঁতটি পূৰ কৰোঁতে মাটি সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

গৃহ নিৰ্মাণৰ বাবে মাটি উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিবলৈ আন এটা পদ্ধতিও প্রয়োগ কৰিব পাৰি। এই পদ্ধতি অনুসৰি পুৱাৰ ভাগত সেই মাটিৰ কিছু অংশত কোৰ মাৰি তিল সিঁচি দিয়ক। সদায় বিয়লিৰ ভাগত তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়ক। যদি সিঁচি দিয়া তিল তিনিদিনৰ ভিতৰত গজি উঠে তেন্তে ধৰি ল'ব পাৰি যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অতি উত্তম মাটি। আনহাতে যদি তিল গজি উঠিবলৈ পাঁচ দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্ৰেণীৰ মাটি বুলি ধৰি ল'ব পাৰি। যদি তিল অংকুৰিত হ'বলৈ সাত দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি নহয় বুলি বাস্তুশাস্ত্ৰই কয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক