--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো মাটিত ঘৰ নিৰ্মাণ কৰাটো উচিত নহয়। সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত হয়নে নহয়, সেইকথা প্রথমে নির্ধাৰণ কৰি ল'ব লাগে। যদি সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয় বুলি ভবা হয় তেন্তে তেনে মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থৰ অপায়-অমংগল হ'ব পাৰে। সেইবাবে গৃহ নিৰ্মাণৰ পূৰ্বে মাটি পৰীক্ষা কৰি লোৱাটো অতি প্রয়োজনীয় কথা। মাটি পৰীক্ষা কৰিবলৈ বাস্তুশাস্ত্ৰত একাধিক পদ্ধতি অৱলম্বন কৰা হয়। এনে পদ্ধতিসমূহৰ ভিতৰত কেইটামান পদ্ধতি হ'ল—

 ঘৰ নিৰ্মাণ কৰিব বিচৰা মাটিত প্ৰায় এফুটমান গভীৰ এটা গাঁত খান্দক। সেই গাঁতটো পানীৰে পূৰ্ণ কৰক। ইয়াৰ পিছত গাঁতটোৰ পৰা প্ৰায় এশখোজ মান আগলৈ আগবাঢ়ি যাওক। ইয়াৰ পিছত পুনৰ গাঁতটোৰ কাষলৈ উভতি আহক। যদি গাঁতটোৰ ভিতৰত পানী হ্রাস নাপায় তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। যদি গাঁতটোৰ পানী সামান্য কমে তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্রেণীৰ মাটি। আনহাতে গাঁতটোৰ পানী যদি সম্পূৰ্ণৰূপে শুকাই যায় তেতে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অনুপযুক্ত মাটি বুলি ধৰি ল'ব লাগিব। তেনে মাটিত গৃহ নিৰ্মাণ কৰিলে অশুভ ফলহে লাভ হ'ব।


মাটি পৰীক্ষা কৰাৰ আন এটা পদ্ধতি হ'ল প্ৰথমে মাটিত এটা সৰু গাঁত খান্দক। সেই গাঁত খান্দোতে যি মাটি ওলায়, সেই মাটিৰে গাঁতটি পূৰাই দিয়ক। যদি সেই মাটিৰে গাঁতটি পূৰাই দিয়াৰ পিছত কিছু পৰিমাণে মাটি ৰৈ যায়। তেন্তে বুজিব যে সেই ভূমি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত ভূমি। যদি গাঁতটি পূৰ কৰোঁতে মাটি কম হয় তেন্তে বুজিব যে সেই মাটি গৃহ নির্মাণৰ বাবে উপযুক্ত মাটি নহয়। যদি গাঁতটি পূৰ কৰোঁতে মাটি সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

গৃহ নিৰ্মাণৰ বাবে মাটি উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিবলৈ আন এটা পদ্ধতিও প্রয়োগ কৰিব পাৰি। এই পদ্ধতি অনুসৰি পুৱাৰ ভাগত সেই মাটিৰ কিছু অংশত কোৰ মাৰি তিল সিঁচি দিয়ক। সদায় বিয়লিৰ ভাগত তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়ক। যদি সিঁচি দিয়া তিল তিনিদিনৰ ভিতৰত গজি উঠে তেন্তে ধৰি ল'ব পাৰি যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অতি উত্তম মাটি। আনহাতে যদি তিল গজি উঠিবলৈ পাঁচ দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্ৰেণীৰ মাটি বুলি ধৰি ল'ব পাৰি। যদি তিল অংকুৰিত হ'বলৈ সাত দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি নহয় বুলি বাস্তুশাস্ত্ৰই কয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ