--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ সাংসদ পদ কৰ্তন হোৱাৰ পিছতে কালি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা হৈছিল চৰকাৰী বাংলো এৰাৰৰ জাননী। এই জাননী পোৱাৰ  পিছতে ৰাহুল গান্ধীয়ে নিজৰ মন্তব্য জনাই লোকসভাৰ সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ খনত তেওঁ চৰকাৰী আদেশ মানি  তোঘলক ৰোডৰ চৰকাৰী বাংলোটো এৰি দিব বুলি কৈছে।ৱায়ানাডৰ প্ৰাক্তন সাংসদজনে লোকসভা সচিবালয়ক বাংলো এৰি যাবলৈ নিৰ্দেশ দি  পত্ৰ প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছে।

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পিছত ৰাহুলে লিখা এখন পত্ৰত কয় , "জনসাধাৰণৰ ইচ্ছাত  চাৰিটা কাৰ্যকালৰ বাবে সংসদৰ সদস্য হিচাপে মই ইয়াত ভালদৰেই সময় অতিবাহিত কৰিছিলো। মোৰ  স্মৃতিবোৰো ইয়াত নিহিত হৈ  আছে। মই পত্ৰখনৰ নিৰ্দেশনাবোৰ গ্ৰহণ কৰিম। ''


সোমবাৰে লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে কংগ্ৰেছ নেতাজনক এমাহৰ ভিতৰত তেওঁৰ চৰকাৰী বাংলো খালী কৰি দিবলৈ  জাননী জাৰি কৰিছিল। ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ হৈ আছিল। সেয়েহেনিয়ম অনুসৰি ৰাহুলৰ বাবে দিল্লীৰ ১২ তোঘলক লেনত  চৰকাৰী বাংলোটো আৱণ্টন কৰা হৈছিল। তেওঁ ২০০৫ চনৰ পৰা বাংলোটোত বাস কৰি আহিছে।

কিন্তু  চুৰাটৰ জিলা আদালতে তেওঁৰ মোদী-মন্তব্যৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতে ৰাহুলৰ সাংসদ পদ কৰ্তন কৰা হৈছে। ২৩ মাৰ্চত তেওঁক  লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদৰ পৰা বৰ্খাস্ত কৰিছিল।কিন্তু চৰকাৰী ঘৰ এৰি ৰাহুলে ক’ত থাকিবলৈ ল’ব? কাৰণ ৰাহুল গান্ধীৰ নিজৰ বুলিবলৈ কোনো ঘৰ নাই। বহুতে ধাৰণা কৰিছে  যে ছোনিয়া-পুত্ৰই তোঘলক ৰোডৰ বাংলোটো খালী কৰাৰ পিছত মাতৃ ছোনিয়া গান্ধীৰ ১০ জনপথত থকা  চৰকাৰী বাংলোতে  থাকিবলৈ ল’ব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement