--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ সাংসদ পদ কৰ্তন হোৱাৰ পিছতে কালি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা হৈছিল চৰকাৰী বাংলো এৰাৰৰ জাননী। এই জাননী পোৱাৰ  পিছতে ৰাহুল গান্ধীয়ে নিজৰ মন্তব্য জনাই লোকসভাৰ সচিবালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ খনত তেওঁ চৰকাৰী আদেশ মানি  তোঘলক ৰোডৰ চৰকাৰী বাংলোটো এৰি দিব বুলি কৈছে।ৱায়ানাডৰ প্ৰাক্তন সাংসদজনে লোকসভা সচিবালয়ক বাংলো এৰি যাবলৈ নিৰ্দেশ দি  পত্ৰ প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছে।

লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পিছত ৰাহুলে লিখা এখন পত্ৰত কয় , "জনসাধাৰণৰ ইচ্ছাত  চাৰিটা কাৰ্যকালৰ বাবে সংসদৰ সদস্য হিচাপে মই ইয়াত ভালদৰেই সময় অতিবাহিত কৰিছিলো। মোৰ  স্মৃতিবোৰো ইয়াত নিহিত হৈ  আছে। মই পত্ৰখনৰ নিৰ্দেশনাবোৰ গ্ৰহণ কৰিম। ''


সোমবাৰে লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে কংগ্ৰেছ নেতাজনক এমাহৰ ভিতৰত তেওঁৰ চৰকাৰী বাংলো খালী কৰি দিবলৈ  জাননী জাৰি কৰিছিল। ৰাহুল ২০০৪ চনৰ পৰা লোকসভাৰ সাংসদ হৈ আছিল। সেয়েহেনিয়ম অনুসৰি ৰাহুলৰ বাবে দিল্লীৰ ১২ তোঘলক লেনত  চৰকাৰী বাংলোটো আৱণ্টন কৰা হৈছিল। তেওঁ ২০০৫ চনৰ পৰা বাংলোটোত বাস কৰি আহিছে।

কিন্তু  চুৰাটৰ জিলা আদালতে তেওঁৰ মোদী-মন্তব্যৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতে ৰাহুলৰ সাংসদ পদ কৰ্তন কৰা হৈছে। ২৩ মাৰ্চত তেওঁক  লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদৰ পৰা বৰ্খাস্ত কৰিছিল।কিন্তু চৰকাৰী ঘৰ এৰি ৰাহুলে ক’ত থাকিবলৈ ল’ব? কাৰণ ৰাহুল গান্ধীৰ নিজৰ বুলিবলৈ কোনো ঘৰ নাই। বহুতে ধাৰণা কৰিছে  যে ছোনিয়া-পুত্ৰই তোঘলক ৰোডৰ বাংলোটো খালী কৰাৰ পিছত মাতৃ ছোনিয়া গান্ধীৰ ১০ জনপথত থকা  চৰকাৰী বাংলোতে  থাকিবলৈ ল’ব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু