--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এদিনত ১,৫৭৩জন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যা ১০,৯৮১ জন। যোৱা ২৪ ঘন্টাত কোৰোনাত কোনো মৃত্যু পঞ্জীয়ন হোৱা নাই। কিন্তু কেৰালাত কালি ক’ৰ’নাৰ ফলত চাৰিজন পুৰণি মৃত্যুৰ পঞ্জীয়ন হৈছে৷ বহু জিলাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা এতিয়াও দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতত দৈনিক কোভিড সংক্ৰমণৰ গড় ১.৩০ শতাংশ আৰু সাপ্তাহিক হাৰ ১.৪৭ শতাংশ, কিন্তু আজি ভাৰতত এনেধৰণৰ ৩২খন জিলা আছে, য’ত বৰ্তমান পজিটিভিটিৰ হাৰ ১০%তকৈও অধিক। আনহাতে এতিয়াও ভাৰতৰ ৬খনকৈ ৰাজ্যত ক’ৰ’নাই অৱস্থা শোচনীয় কৰি তুলিলে। 

৩ মাৰ্চ আৰু ২৩ মাৰ্চৰ মাজৰ পাৰ্থক্য-

- ৩ মাৰ্চত মহাৰাষ্ট্ৰত কৰ’না ভাইৰাছ আক্ৰান্তৰ পজিটিভিটি ০.৫৪% আছিল, যিটো ২৩ মাৰ্চত ৪.৫৮% লৈ বৃদ্ধি পাইছিল।

- দিল্লীত কৰ’না ভাইৰাছৰ সাপ্তাহিক গড় হাৰ ০.৫৩%ৰ পৰা ৪.৫৩%লৈ বৃদ্ধি পাইছে, গুজৰাটত সাপ্তাহিক পজিটিভিটি ০.০৭%ৰ পৰা ২.১৭%লৈ বৃদ্ধি পাইছে। কেৰালাত ই ১.৪৭%ৰ পৰা ৪.৫১%লৈ বৃদ্ধি পাইছে। কৰ্ণাটকত পজিটিভিটিৰ হাৰ ১.৬৫%ৰ পৰা ৩.০৫%লৈ, হিমাচল প্ৰদেশত ১.৯২%ৰ পৰা ৭.৪৮%লৈ বৃদ্ধি পাইছে।

-ভাৰতত ১০ আৰু ১১ এপ্ৰিলত সকলো ৰাজ্যতে ক’ৰ’না ভাইৰাছৰ বাবে ম’ক ড্ৰিল কৰা হ’ব। এই সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হৈ ৰাজ্যসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৭ ডিচেম্বৰত দেশজোৰা মক ড্ৰিল অনুষ্ঠিত হৈছিল য’ত ২২০০০ৰো অধিক চিকিৎসালয়ে অংশগ্ৰহণ কৰিছিল। এই উপলক্ষে মক ড্ৰিলৰ সময়ত ৯৪% অক্সিজেন প্লাণ্টে কাম কৰা দেখা গৈছিল আৰু মুঠ প্ৰস্তুতিৰ ভিতৰত ৮২% আই চি ইউ বিচনাও সাজু হৈ থকা দেখা গৈছিল।

চৰকাৰে ৰাজ্যসমূহক আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ কোৱাৰ লগতে সকলো পজিটিভ নমুনাৰ জিন’ম ছিকুৱেন্সিং কৰিব লাগে বুলিও কয়৷ ৰেপিড টেষ্টৰ ওপৰত বেছি নিৰ্ভৰ নকৰিবলৈ কয়। অৱশ্যে চিকিৎসকৰ মতে এতিয়া আন ভাইৰেল ফ্লুৰ দৰে কৰ’না আহি থাকিব আৰু যাব। কিন্তু ইয়াৰ নতুন ভিন্নতা xbb.1.6 সকলো ভাইৰাছৰ জ্বৰতকৈ বিয়পি পৰাৰ সম্ভাৱনা অধিক। সকলো ভাইৰেল ফ্লুৰ দৰে ইয়াৰ একমাত্ৰ চিকিৎসা হ’ল পেৰাচিটামল, গৰম পানীয়, জিৰণি, মাস্ক, হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৃথকীকৰণ।

বৰ্তমান সময়ত যদি আমি বিশ্বত দৈনিক নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যালৈ চাওঁ, তেনেহ’লে ভাৰত সাত নম্বৰত আছে। যোৱা ২৪ ঘণ্টাৰ তথ্য অনুসৰি প্ৰথম সংখ্যা হ’ল ৰাছিয়া, ১০,৯৪০, তাৰ পিছত দক্ষিণ কোৰিয়া ৯,৩৬১, জাপান ৬,৩২৪, ফ্ৰান্স ৬,২১১, চিলি ২,৪৪৬, অষ্ট্ৰিয়া ১,৮৬১ আৰু তাৰ পিছত ভাৰত ১,০৮৫।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু