--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এদিনত ১,৫৭৩জন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান সক্ৰিয় ক’ৰোনা ৰোগীৰ সংখ্যা ১০,৯৮১ জন। যোৱা ২৪ ঘন্টাত কোৰোনাত কোনো মৃত্যু পঞ্জীয়ন হোৱা নাই। কিন্তু কেৰালাত কালি ক’ৰ’নাৰ ফলত চাৰিজন পুৰণি মৃত্যুৰ পঞ্জীয়ন হৈছে৷ বহু জিলাত ক’ৰোনা আক্ৰান্তৰ সংখ্যা এতিয়াও দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰতত দৈনিক কোভিড সংক্ৰমণৰ গড় ১.৩০ শতাংশ আৰু সাপ্তাহিক হাৰ ১.৪৭ শতাংশ, কিন্তু আজি ভাৰতত এনেধৰণৰ ৩২খন জিলা আছে, য’ত বৰ্তমান পজিটিভিটিৰ হাৰ ১০%তকৈও অধিক। আনহাতে এতিয়াও ভাৰতৰ ৬খনকৈ ৰাজ্যত ক’ৰ’নাই অৱস্থা শোচনীয় কৰি তুলিলে। 

৩ মাৰ্চ আৰু ২৩ মাৰ্চৰ মাজৰ পাৰ্থক্য-

- ৩ মাৰ্চত মহাৰাষ্ট্ৰত কৰ’না ভাইৰাছ আক্ৰান্তৰ পজিটিভিটি ০.৫৪% আছিল, যিটো ২৩ মাৰ্চত ৪.৫৮% লৈ বৃদ্ধি পাইছিল।

- দিল্লীত কৰ’না ভাইৰাছৰ সাপ্তাহিক গড় হাৰ ০.৫৩%ৰ পৰা ৪.৫৩%লৈ বৃদ্ধি পাইছে, গুজৰাটত সাপ্তাহিক পজিটিভিটি ০.০৭%ৰ পৰা ২.১৭%লৈ বৃদ্ধি পাইছে। কেৰালাত ই ১.৪৭%ৰ পৰা ৪.৫১%লৈ বৃদ্ধি পাইছে। কৰ্ণাটকত পজিটিভিটিৰ হাৰ ১.৬৫%ৰ পৰা ৩.০৫%লৈ, হিমাচল প্ৰদেশত ১.৯২%ৰ পৰা ৭.৪৮%লৈ বৃদ্ধি পাইছে।

-ভাৰতত ১০ আৰু ১১ এপ্ৰিলত সকলো ৰাজ্যতে ক’ৰ’না ভাইৰাছৰ বাবে ম’ক ড্ৰিল কৰা হ’ব। এই সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হৈ ৰাজ্যসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৭ ডিচেম্বৰত দেশজোৰা মক ড্ৰিল অনুষ্ঠিত হৈছিল য’ত ২২০০০ৰো অধিক চিকিৎসালয়ে অংশগ্ৰহণ কৰিছিল। এই উপলক্ষে মক ড্ৰিলৰ সময়ত ৯৪% অক্সিজেন প্লাণ্টে কাম কৰা দেখা গৈছিল আৰু মুঠ প্ৰস্তুতিৰ ভিতৰত ৮২% আই চি ইউ বিচনাও সাজু হৈ থকা দেখা গৈছিল।

চৰকাৰে ৰাজ্যসমূহক আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ কোৱাৰ লগতে সকলো পজিটিভ নমুনাৰ জিন’ম ছিকুৱেন্সিং কৰিব লাগে বুলিও কয়৷ ৰেপিড টেষ্টৰ ওপৰত বেছি নিৰ্ভৰ নকৰিবলৈ কয়। অৱশ্যে চিকিৎসকৰ মতে এতিয়া আন ভাইৰেল ফ্লুৰ দৰে কৰ’না আহি থাকিব আৰু যাব। কিন্তু ইয়াৰ নতুন ভিন্নতা xbb.1.6 সকলো ভাইৰাছৰ জ্বৰতকৈ বিয়পি পৰাৰ সম্ভাৱনা অধিক। সকলো ভাইৰেল ফ্লুৰ দৰে ইয়াৰ একমাত্ৰ চিকিৎসা হ’ল পেৰাচিটামল, গৰম পানীয়, জিৰণি, মাস্ক, হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৃথকীকৰণ।

বৰ্তমান সময়ত যদি আমি বিশ্বত দৈনিক নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যালৈ চাওঁ, তেনেহ’লে ভাৰত সাত নম্বৰত আছে। যোৱা ২৪ ঘণ্টাৰ তথ্য অনুসৰি প্ৰথম সংখ্যা হ’ল ৰাছিয়া, ১০,৯৪০, তাৰ পিছত দক্ষিণ কোৰিয়া ৯,৩৬১, জাপান ৬,৩২৪, ফ্ৰান্স ৬,২১১, চিলি ২,৪৪৬, অষ্ট্ৰিয়া ১,৮৬১ আৰু তাৰ পিছত ভাৰত ১,০৮৫।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ