--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজাকৈ এটা ঘৰ থকাটো প্ৰতিজন ব্যক্তিৰ সপোন, য’ত তেওঁ পৰিয়ালৰ সৈতে সুখ-শান্তিৰে থাকিব পাৰে। সপোনৰ ঘৰ কিনাটো কাৰো বাবে সহজ নহয়। বহু সময়ত লাখ লাখ চেষ্টা কৰিও এজন ব্যক্তিয়ে এই সপোন পূৰণ কৰিবলৈ সক্ষম নহয়। ৰাশিত থকা গ্ৰহৰ দোষবোৰো ইয়াৰ আঁৰৰ কাৰণ হৈ পৰে। যদি আপুনিও আপোনাৰ সপোনৰ ঘৰ কিনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে জ্যোতিষত উল্লেখ কৰা এই উপায়বোৰ কৰি চাব পাৰে।

 ঘৰ কিনাৰ আগতে এই সহজ পদক্ষেপসমূহ গ্ৰহণ কৰক-

১. গণেশক নিয়মীয়াকৈ পূজা কৰিলে মানুহৰ ঘৰ কিনাৰ সপোন সোনকালে পূৰণ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষৰ মতে নিয়মিতভাৱে গণপতিক পূজাত ৰঙা ৰঙৰ ফুল আগবঢ়াব লাগে। লগতে নিজৰ সপোন পূৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে।

২. পাঁচটা মঙলবাৰে ভগৱান শ্ৰীগণেশৰ মন্দিৰলৈ গৈ তেওঁক গুড় আৰু ঘেঁহু আগবঢ়ালে শুভ ফল পোৱা যাব। লগতে ঘৰ কিনাৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হয়।

৩. লাখ লাখ চেষ্টা কৰিও যদি ঘৰ কিনাৰ সপোন পূৰণ কৰিব পৰা নাই তেন্তে নিম কাঠৰ সৰু ঘৰ এটা সাজি এটা দুখীয়া শিশুক দান দিয়ক বা আনকি মন্দিৰত ৰাখিলে আপোনাৰ সপোন সোনকালে বাস্তৱায়িত হ’ব।

৪. জ্যোতিষৰ মতে ঘৰ কিনাত অহা বাধাবোৰ দূৰ কৰিবলৈ লাল কিতাবত এই প্ৰতিকাৰৰ কথা কোৱা হৈছে। ৰঙা ৰঙৰ কাপোৰত ৬ পিঞ্চ কুমকুম, ৬টা লং, ৯টা ফোঁট, ৬টা কোৰীয়া আৰু ৯ মুঠি মাটি লৈ এটা পুতলা বনাওক আৰু নদীত প্ৰবাহিত কৰি দিলে উপকাৰী পাব।

৭. বহু সময়ত ব্যক্তিজনৰ ৰাশিত থকা গ্ৰহৰ দোষবোৰেও আপোনাৰ এই সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। ইয়াৰ বাবে আপুনি এজন জ্যোতিষীক ​​দেখুৱাই প্ৰতিকাৰ কৰিলে সফলতা লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু