--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শনিদেৱক সন্তুষ্ট কৰাৰ বাবে শনিবাৰটো শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়। এই নিৰ্দিষ্ট দিনটোত শনিদেৱক যথাযথভাৱে যদি পূজা কৰা হয়, তেন্তে জীৱনৰ পৰা সকলো দুখ-কষ্ট দূৰ হয়। শনিদেৱ হৈছে কৰ্মফলৰ দেৱতা। শনিদেৱৰ আশীৰ্বাদ পোৱাসকলৰ সৌভাগ্যৰ দুৱাৰ খোল খাই সুখ-সমৃদ্ধিৰে ভৰি পৰে।

 একে সময়তে অধৰ্ম কৰাসকলেও শনিদেৱৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়। এনে মানুহৰ বাবে বেয়া সময় আৰম্ভ হয়। যিসকল লোকৰ ৰাশিফলত শনিৰ মহাদশা আছে, তেওঁলোকে শনিবাৰে বিশেষ পূজা কৰি সুফল লাভ কৰিব পাৰে। শনিদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰৰ কিছুমান নিয়মৰ কথা শাস্ত্ৰত উল্লেখ আছে। এইবোৰৰ বিষয়ে জানো আহক।

 ১. ধূপঃ-কোৱা হয় শনিদেৱৰ ধূপ প্ৰতি অতি প্ৰিয়। শনিবাৰে গোটেই নিশা ঘৰত ধূপ জ্বলালে শনিদেৱে অতি সুখী হৈ ভক্তৰ সকলো দুখ-কষ্ট দূৰ কৰে। ধূপ জ্বলালে এক বিশেষ ধৰণৰ গোন্ধ ওলায়, যাৰ ফলত ঘৰৰ ঋণাত্মক শক্তি দূৰ হয়।

২. ঘেঁহুঃ-শনিবাৰে ঘেঁহুৰ লগত কিছু ক’লা চানা আৰু তুলসী পাত পিহি লৈ এই আটাৰে ৰুটি বনাই প্ৰথমে গৰুক খুৱাওক আৰু শেষৰ ৰুটিখন সৰিয়হ তেল লগাই কুকুৰক খাবলৈ দিয়ক। কোৱা হয় যে এনে কৰিলে আৰ্থিক সংকট দূৰ হয়।

৩. লং-শনিদেৱৰ আশীৰ্বাদ পাবলৈ শনিবাৰে হনুমানৰ পূজা কৰিব লাগে। যদি কোনো কাম বেছি সময় আবদ্ধ হৈ আছে, কামটোত সফলতা পোৱা নাই, তেন্তে শনিবাৰে হনুমান মন্দিৰত এটা নেমুত চাৰিটা লং হনুমানৰ চৰণত ৰাখি নিজৰ ইচ্ছা হনুমানজীৰ সন্মুখত কামনা কৰক। তাৰ পাছত নেমু ঘৰলৈ আনি ৰাখিব লাগে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু