--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শনিদেৱক সন্তুষ্ট কৰাৰ বাবে শনিবাৰটো শ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়। এই নিৰ্দিষ্ট দিনটোত শনিদেৱক যথাযথভাৱে যদি পূজা কৰা হয়, তেন্তে জীৱনৰ পৰা সকলো দুখ-কষ্ট দূৰ হয়। শনিদেৱ হৈছে কৰ্মফলৰ দেৱতা। শনিদেৱৰ আশীৰ্বাদ পোৱাসকলৰ সৌভাগ্যৰ দুৱাৰ খোল খাই সুখ-সমৃদ্ধিৰে ভৰি পৰে।

 একে সময়তে অধৰ্ম কৰাসকলেও শনিদেৱৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়। এনে মানুহৰ বাবে বেয়া সময় আৰম্ভ হয়। যিসকল লোকৰ ৰাশিফলত শনিৰ মহাদশা আছে, তেওঁলোকে শনিবাৰে বিশেষ পূজা কৰি সুফল লাভ কৰিব পাৰে। শনিদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰৰ কিছুমান নিয়মৰ কথা শাস্ত্ৰত উল্লেখ আছে। এইবোৰৰ বিষয়ে জানো আহক।

 ১. ধূপঃ-কোৱা হয় শনিদেৱৰ ধূপ প্ৰতি অতি প্ৰিয়। শনিবাৰে গোটেই নিশা ঘৰত ধূপ জ্বলালে শনিদেৱে অতি সুখী হৈ ভক্তৰ সকলো দুখ-কষ্ট দূৰ কৰে। ধূপ জ্বলালে এক বিশেষ ধৰণৰ গোন্ধ ওলায়, যাৰ ফলত ঘৰৰ ঋণাত্মক শক্তি দূৰ হয়।

২. ঘেঁহুঃ-শনিবাৰে ঘেঁহুৰ লগত কিছু ক’লা চানা আৰু তুলসী পাত পিহি লৈ এই আটাৰে ৰুটি বনাই প্ৰথমে গৰুক খুৱাওক আৰু শেষৰ ৰুটিখন সৰিয়হ তেল লগাই কুকুৰক খাবলৈ দিয়ক। কোৱা হয় যে এনে কৰিলে আৰ্থিক সংকট দূৰ হয়।

৩. লং-শনিদেৱৰ আশীৰ্বাদ পাবলৈ শনিবাৰে হনুমানৰ পূজা কৰিব লাগে। যদি কোনো কাম বেছি সময় আবদ্ধ হৈ আছে, কামটোত সফলতা পোৱা নাই, তেন্তে শনিবাৰে হনুমান মন্দিৰত এটা নেমুত চাৰিটা লং হনুমানৰ চৰণত ৰাখি নিজৰ ইচ্ছা হনুমানজীৰ সন্মুখত কামনা কৰক। তাৰ পাছত নেমু ঘৰলৈ আনি ৰাখিব লাগে। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰে বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ