--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰিক উন্নয়নৰ প্ৰতীক বুলিও গণ্য কৰিব পাৰি। চিৰি বা জখলাৰে ক্ৰমে ওপৰলৈ উধাই যাব পাৰি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ সৈতে চিৰিও নিৰ্মাণ কৰা হয়।চিৰি ঘৰ এটাৰ বাবে অপৰিহাৰ্য অংগ। কিন্তু ঘৰত চিৰিৰ অৱস্থান সঠিক নহ’লে নানান বিপত্তিয়ে দেখা দিব পাৰে।  আজিকালি বহুতেই কেইবামহলীয়া ঘৰ নিৰ্মাণ কৰে। এনে ঘৰসমূহত উঠি যাবলৈ চিৰিৰ ব্যৱস্থা থাকিবই লাগিব। তদুপৰি সাধাৰণ ঘৰতো চিৰি থাকে। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ বাস্তুশাস্ত্ৰ অনুসৰি মানি চলিলে শুভ ফল পোৱা যায়। 

সাধাৰণতে ঘৰ এটাত চিৰি সদায় পূবপিনে নিৰ্মাণ কৰিব লাগে। পূবপিনৰ পৰা পশ্চিম পিনলৈ চিৰি ওপৰলৈ উঠি গ'লে ভাল। যদি ঘৰৰ অৱস্থানৰ বাবে পূব পিনৰ পৰা পশ্চিম পিনলৈ চিৰি নিৰ্মাণ কৰিব নোৱাৰি তেন্তে উত্তৰ পিনৰ পৰা দক্ষিণ পিনলৈ চিৰি নিৰ্মাণ কৰিব লাগে। চিৰিৰ অৱস্থান সদায় ঘড়ীৰ কাঁটাৰ দিশে নিৰ্মাণ কৰিব লাগে। সাধাৰণতে মাটিৰ দক্ষিণ অথবা পশ্চিম দিশত চিৰি নিৰ্মাণ কৰিলে অধিক সুফল পাব পাৰি।

 চিৰি নিৰ্মাণ কৰাৰ বাবেই মাটিৰ উত্তৰ-পূব দিশটো বৰ এটা সুবিধাজনক দিশ নহয়। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ কথালৈ মন কৰা উচিত। বিশেষকৈ দুৱাৰৰ একেবাৰে লগালগিকৈ চিৰি নিৰ্মাণ কৰিব নালাগে । দুৱাৰৰ লগালগিকৈ চিৰি নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। 

 চিৰিৰ ঢাপৰ সংখ্যাবোৰ হ'ব পাৰে ক্ৰমে ১১, ১৭, ২৩, ৩৫, ৩১ আদি। কিছুমান লোকে ঘূৰণীয়া চিৰি নিৰ্মাণ কৰে। ঘূৰণীয়া চিৰি দেখিবলৈ ভাল যদিও বৰ এটা শুভ ফলদায়ক নহয়। ঘূৰণীয়া চিৰি  নিৰ্মাণ  কৰিলেও  ঘৰৰ সন্মুখত নিৰ্মাণ নকৰি পিছপিনে নিৰ্মাণ  কৰিলে ভাল হয়। এনেদৰে সঠিক স্থানত চিৰি নিৰ্ণাণ কৰাসকলে সুফল লাভ কৰে আৰু সুখ বৃদ্ধি পায় বুলি বাস্তু বিশেষজ্ঞসকলে কৈ আহিছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ