--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষৰ কেতবোৰ বদ অভ্যাসে নাৰীক বিতুষ্ট কৰি তুলিব পাৰে। তাৰ ভিতৰত সুৰাপান এটা। সুৰাপান কৰা পুৰুষক বহু নাৰীয়ে পচন্দ নকৰে। পুৰুষে সুৰাপান কৰা বুলি জনাৰ পিছত বহু নাৰীয়ে আনকি তেনে পুৰুষৰ সৈতে বিয়াত বহিবলৈও অস্বীকাৰ কৰে।  চাণক্যক  সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰখ্যাত ৰাজকীয় উপদেষ্টা কৌটিল্য বুলিও জনা যায় । চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত মদৰ বিৰুদ্ধে মাত মাতিছিল। 

সেই সময়ত  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। 

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত কিছুমান গুণ বিচাৰে। এজন আদৰ্শ পুৰুষৰ কি গুণ থাকিব লাগে আৰু মহিলাসকলে তেওঁৰ প্ৰিয় পুৰুষৰ কি গুণ থকাটো  বিচাৰে? এই বিষয়ে চাণক্যই কি কৈছে জানি লওক।

সততা

চাণক্যই কৈছে  যে ব্যক্তিজন তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়।

সুন্দৰ ব্যৱহাৰ

সকলো মহিলাই পুৰুষৰ  সুন্দৰ আচৰণ পছন্দ কৰে। যিজন ব্যক্তিৰ আচৰণ মধুৰ , তেওঁ মনো  ধুনীয়া হয়। গতিকে মহিলাসকল নম্ৰ পুৰুষসকলৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে তেওঁলোকৰ সুন্দৰ শব্দৰে মহিলাসকলৰ হৃদয় সহজে জিনিব পাৰে। আনহাতে, যিকোনো মহিলাই খহটা বাক্য  ব্যৱহাৰ কৰা পুৰুষসকলৰ পৰা আঁতৰি থাকিব বিচাৰে।

এজন ভাল শ্ৰোতা

আমি সকলোৱে নিজৰ বিষয়ে কথা পাতিবলৈ ভালপাওঁ। কিন্তু কিমানজনে আনৰ কথা শুনে? গতিকে সকলো মহিলাই এজন ভাল শ্ৰোতা হ’ব পৰা  পুৰুষক ভালপায়। মহিলাসকলে এনে এজন ব্যক্তি বিচাৰে যিয়ে তেওঁলোকৰ মনৰ কথা শুনিব। সেয়েহে, মহিলাসকলৰ হৃদয় জয় কৰিবলৈ, পুৰুষে কেৱল নিজৰ বিষয়ে কথা পাতিব নালাগে, আনৰ কথাও ধৈৰ্য্যসহকাৰে শুনিব লাগিব।

ভুল কৰি  ক্ষমা বিচাৰিব পৰাৰ ক্ষমতা

কম- বেছি পৰিমাণে আমি সকলোৱে ভুল কৰোঁ। কিন্তু তেওঁ হৈছে আদৰ্শ ব্যক্তি যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিব পাৰে। আমাৰ মাজৰ বহুতে ভুল কৰিলেও আনকি অহংকাৰৰ বাবে ক্ষমতা বিচাৰিবলৈ দ্বিধা বোধ কৰে   । মহিলাসকল সহজে এনে এজন পুৰুষৰ প্ৰতি আকৰ্ষিত হয় যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে