--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত আয়না ৰাখে আৰু ঘৰৰ বাহিৰলৈ যোৱাৰ সময় মুখ খন এবাৰ চাই যায়।   বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়, সকলো ঠিকে আছে নে নাই সেয়া জানিবলৈ । কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়।

 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

আনহাতে ঘৰৰ দুৱাৰবোৰৰ অৱস্থান কেতিয়াও মুখামুখি হ'ব নালাগে৷ একোটা ঘৰত কেইবাখনো দুৱাৰ থাকে। যাতায়াতৰ সুবিধাৰ বাবে বহুতে এটা কোঠাৰ এখন দুৱাৰৰ মুখামুখিকৈ আনটো কোঠাৰ দুৱাৰ নিৰ্মাণ কৰে। এয়া ব্যৱহাৰৰ দিশৰ পৰা সুবিধাজনক যদিও ফেংছুইৰ মতে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ কেতিয়াও নিৰ্মাণ কৰিব নালাগে । এনেদৰে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ নিৰ্মাণ কৰিলে ঘৰত শুভশক্তিৰ প্ৰৱেশত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰত নানান ধৰণৰ অথন্তৰে দেখা দিব পাৰে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু