--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত আয়না ৰাখে আৰু ঘৰৰ বাহিৰলৈ যোৱাৰ সময় মুখ খন এবাৰ চাই যায়।   বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়, সকলো ঠিকে আছে নে নাই সেয়া জানিবলৈ । কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়।

 ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায়। সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি বা আঁৰি  থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব। 

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি বা আঁৰি  থ'ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব।

আনহাতে ঘৰৰ দুৱাৰবোৰৰ অৱস্থান কেতিয়াও মুখামুখি হ'ব নালাগে৷ একোটা ঘৰত কেইবাখনো দুৱাৰ থাকে। যাতায়াতৰ সুবিধাৰ বাবে বহুতে এটা কোঠাৰ এখন দুৱাৰৰ মুখামুখিকৈ আনটো কোঠাৰ দুৱাৰ নিৰ্মাণ কৰে। এয়া ব্যৱহাৰৰ দিশৰ পৰা সুবিধাজনক যদিও ফেংছুইৰ মতে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ কেতিয়াও নিৰ্মাণ কৰিব নালাগে । এনেদৰে এখন দুৱাৰৰ মুখামুখিকৈ আন এখন দুৱাৰ নিৰ্মাণ কৰিলে ঘৰত শুভশক্তিৰ প্ৰৱেশত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰত নানান ধৰণৰ অথন্তৰে দেখা দিব পাৰে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement