--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ আদিৰ লগতে বাট-পথ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰৰ বিধান মানি চলিব পাৰিলে ভাল। ভূমিৰ সৈতে বাট-পথ আদি কিদৰে সংযুক্ত হৈ আছে, সেই বিষয়ৰ ওপৰতো ঘৰৰ গৃহস্থৰ সুখ-শান্তিৰ বিষয়টো ভালেখিনি নিৰ্ভৰ কৰে। এইক্ষেত্ৰত বাট-পথ আদিৰ অৱস্থানৰ কিছু কথা ইয়াত উল্লেখ কৰা হ'ল।

(ক) যি ভূমিৰ উত্তৰ আৰু পূব পিনে ৰাস্তা থাকে সেই ভূমিক ঈশান খণ্ডি ভূমি বুলি কোৱা হয়। এনেধৰণৰ ঈশান খণ্ডি ভূমিত ঘৰ সাজিলে গৃহস্থৰ সুখ শান্তি বৃদ্ধি পোৱাৰ লগতে ধন-সম্পত্তি বৃদ্ধি পায়। যি ভূমিৰ মাজেৰে ৰাস্তা পাৰ হৈ গৈছে তেনে ভূমিক বীথীশূলা ভূমি বুলি কোৱা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। যি ভূমিৰ পশ্চিম আৰু দক্ষিণ পিনে ৰাস্তা থাকে তেনে ভূমিক নৈঋত স্থলখণ্ডি ভূমি বুলি কোৱা হয়। 

এনে ভূমিত ব্যৱসায়-বাণিজ্য কৰা লোকসকলে ঘৰ সাজিলে বিশেষ শুভ ফল লাভ কৰে। যি বর্গাকৃতিৰ ভূমিৰ চাৰিওপিনে ৰাস্তা থাকে সেই ভূমিক ব্রহ্মস্থল বুলি কোৱা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰাটো অতি শুভ ফলদায়ক বুলি বিবেচনা কৰা হয়। এনে ভূমিত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায়। ইয়াৰ উপৰি ৰাস্তাৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কিছুমান ভূমিত গৃহ নিৰ্মাণ কৰাটো অনুচিত। তেনে কিছু ভূমিৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল।

(খ) যি ভূমিৰ পূব পিনে পূব আৰু ঈশান কোণক স্পৰ্শ কৰি ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ বন্ধাটো অনুচিত।

(গ) যি ভূমিৰ উত্তৰ দিশে ঈশান কোণক স্পৰ্শ কৰি ৰাস্তা পাৰ হয়, তেনে ভূমিতো ঘৰ সাজিব নালাগে।

(ঘ) যি ভূমিৰ পশ্চিম পিনে চিধাচিধিকৈ ৰাস্তা পাৰ হৈ যায়, তেনে ভূমিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হয়।

(ঙ) যি ভূমিৰ পশ্চিম আৰু দক্ষিণ দিশৰ পৰা অহা দুটা পথ একেলগ হৈছে তেনে ভূমিত ঘৰ সাজিব নালাগে। যি ভূমিত পূব, পশ্চিম আৰু উত্তৰ দিশৰ পৰা অহা তিনিটা পথ একেলগ হয় তেনে ভূমিত ঘৰ সাজিব নালাগে

(চ) যি ভূমিৰ তিনিওপিনে ৰাস্তা থাকে তেনে ভূমিত ঘৰ সাজিলে নানা অপায় অমংগল হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ