--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাটিৰ আকাৰ, গঠন, বৰণ আদিৰ ওপৰত ভিত্তি কৰি বাস্তুশাস্ত্ৰই কেতবোৰ বিশেষ মাটিত ঘৰ সজাটো ভাল বুলি কৈছে। যিবোৰ মাটিত ঘৰ সজাটো উত্তম তেনে মাটিৰ কেতবোৰ বিশেষ বৈশিষ্ট্য থাকে। বাস্তু শাস্ত্ৰৰ মতে ৰঙা মাটিত ঘৰ সজাটো উচিত নহয়। সাধাৰণতে পাহাৰৰ মাটি ৰঙা হয়।এনে মাটিত প্ৰচুৰ পৰিমাণে ৰেড অক্সাইড মিহলি হৈ থাকে। এনে মাটি খেতি বাতিৰ বাবে উপযুক্ত নহয় ।তদুপৰি এনে মাটিত উঁই পোক আৰু অন্যান্য কীট-পতংগই বাহ সাজে। সেইবাবে এনে মাটিত পাৰিলে  ঘৰ নাসাজিলেই ভাল। 

ক'লা, বগা, হালধীয়া আদি বৰণৰ মাটিত ঘৰ সাজিলে উত্তম ফলাফল পোৱা
যি মাটিৰ ৰং জুইৰ ৰঙৰ দৰে হয় তেনে মাটিত ঘৰ সাজিব নালাগে। সেউজীয়া বৰণৰ মাটি ঘৰ সজাৰ বাবে উপযুক্ত নহয়। যি মাটি অতি সুগন্ধিযুক্ত তেনে মাটি ঘৰ সজাৰ বাবে উপযুক্ত হয়।

যি মাটিৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে মাটিত ঘৰ সজা অনুচিত। যি মাটিৰ পৰা দৈৰ দৰে গোন্ধ ওলায় সেই মাটিত কল-কাৰখানা আদি স্থাপন কৰিব লাগে ।

যি মাটিত মৃতদেহৰ গোন্ধ পোৱা হয় তেনে মাটিত কেতিয়াও ঘৰ সাজিব নালাগে। তেনে মাটিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হোৱাটো নিশ্চিত। যি মাটিত পানী সহজে পৰিবহণ কৰিব পাৰি সেই মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থই শুভ ফল লাভ কৰে ।

যি মাটিত শিল মিহলি হৈ থাকে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত নহয়

গৃহ নিৰ্মাণৰ বাবে মাটি কিদৰে পৰীক্ষা কৰিব

গৃহ নিৰ্মাণৰ বাবে বাস্তুশাস্ত্ৰই মাটি পৰীক্ষা কৰাৰ এটা সাধাৰণ উপায় দিছে। ওপৰত উল্লেখ কৰা মাটিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চালি-জাৰি চোৱাৰ উপৰি এই পদ্ধতি ব্যৱহাৰ কৰিও সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হয় নে নহয়, সেয়া জানিব পাৰি। মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ সেই মাটিত এটা সৰু গাঁত খান্দিব লাগিব । 

গাঁত খান্দোতে যি মাটি ওলায় সেই মাটিৰে গাঁতটো পূৰ কৰক। যদি গাঁতটো পূৰ কৰোতে গাঁতটো ভৰ্তি হৈ যোৱাৰ পিছতো কিছু মাটি ৰৈ যায় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। আনহাতে যদি গাঁতটো ভৰ্তি কৰোঁতে মাটি কম হয়, তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মুঠেও উপযুক্ত নহয়। ইয়াৰ উপৰি আন এক পদ্ধতি ব্যৱহাৰ কৰিও মাটি পৰীক্ষা কৰিব পাৰি। 

ইয়াৰ বাবে অলপ মাটি চকলিয়াই লৈ সেই মাটিৰ ওপৰত এটা চাৰিটা মুখযুক্ত চাকি জ্বলাব লাগিব। সেই চাকি নুমাই নোযোৱালৈকে চাকিগচি লক্ষ্য কৰি থাকিব লাগিব। যদি উত্তৰ দিশে মুখ কৰি থকা চাকিগছি নুমাই শেষত নুমাই যায় তেন্তে সেই মাটিক ব্ৰাহ্মণৰ বসবাসৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়। যদি পুবমুখে থকা চাকিগছি একেবাৰে শেষত নুমাই যায় তেন্তে সেই মাটি বৈশ্যসকলৰ বসবাসৰ বাবে উপযুক্ত বুলি ভবা হয়। 

যদি দক্ষিণ দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি ক্ষত্ৰিয়সকলৰ বসবাসৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। যদি পশ্চিম দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি আন আন জাতিৰ লোকসকলৰ বসবাসৰ বাবে উপযুক্ত মাটি বুলি ধৰি ল'ব পাৰি।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক