--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদিম কালৰে পৰাই মানুহে প্ৰকৃতিৰ সৈতে সহাবস্থান কৰি আহিছে। এই ক্ষেত্ৰত মানুহে নানান প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা পৰিবলৈ নানান দেৱ-দেৱীক পূজা-অৰ্চনা কৰি আহিছে। তাহানিৰ দিনত কোনো বৃহৎ, গছ, শিল, গুহা আদিক মানুহে দেৱ জ্ঞান কৰি পূজা-অৰ্চনা কৰিছিল। পৰৱৰ্তী সময়ত লাহে লাহে সমাজত স্থায়ী মন্দিৰ প্ৰতিষ্ঠাৰ নিয়ম প্রচলিত হয়। ৰজা-মহাৰজাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈকে সকলোৱে মন্দিৰ প্ৰতিষ্ঠা কৰাত আগভাগ লৈ আহিছে। বাস্তুশাস্ত্ৰই মন্দিৰ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। এনে বিধানসমূহ উল্লেখ কৰা হল—

মন্দিৰ মানুহে বাস কৰা অঞ্চলৰ ওচৰা-উচৰি কোনো নির্জন ঠাইত স্থাপন কৰিব লাগে ৷

মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ'ব লাগে

মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ'লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে ।

স্থলস্থুলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ দেৱ বিগ্ৰহৰ মুখ পশ্চিম পিনে থাকিব লাগে। ভক্তই পূব পিনে মুখ কৰি বহি পূজা কৰিব লাগে ৷

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটি বর্গাকৃতিৰ বা আয়তাকাৰ হ'ব লাগে
মন্দিৰৰ পশ্চিম, দক্ষিণ অথবা দক্ষিণ-পশ্চিম অংশত কোনো পাহাৰ অথবা ওখ টিলা থাকিলে ভাল।

মন্দিৰ যদি উত্তৰ, পূব অথবা উত্তৰ-পূব মুখে প্রবাহিত নদীৰ কাষত স্থাপন কৰিব পাৰি তেন্তে সেয়া অতি উত্তম হ'ব।

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটিৰ প্ৰধান দুৱাৰৰ বিপৰীত দিশৰ দক্ষিণ পিনৰ পৰা উত্তৰ পিনে যোৱা অথবা পশ্চিমৰ পৰা পূব পিনে যোৱা পথ থাকিলে সেই ভূমিক মন্দিৰ নিৰ্মাণৰ উত্তম ভূমি হিচাপে গণ্য কৰিব পাৰি।

পুৰুষ দেৱতাৰ মন্দিৰ সমকোণী আকাৰত নিৰ্মাণ কৰিলে ভাল। মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সেই ভূমি দোষমুক্ত কৰি ল'ব লাগে। মন্দিৰৰ পুখুৰী বর্গাকৃতিৰ হ'ব লাগে আৰু সেই পুখুৰী মন্দিৰৰ উত্তৰ-পূব দিশে থাকিলে বেছি ভাল।

মন্দিৰৰ উচ্চতা ইয়াৰ প্ৰস্থৰ দুগুণ হোৱাটো উচিত। ইয়াৰ উপৰি মন্দিৰৰ বিগ্ৰহৰ উচ্চতা দুৱাৰৰ ১/৮ অংশতকৈ বেছি ওখ হোৱা উচিত।

মন্দিৰৰ মূল অংশত গর্ভগৃহ স্থাপন কৰিব লাগে। মন্দিৰৰ চাৰিওপিনে সমান মুকলি ঠাই থাকিব লাগে। অৱশ্যে পূব দিশে যিমান ঠাই মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণৰ মুকলি ঠাই কম হ'ব লাগে।

মন্দিৰৰ সৈতে সজা আন সৰু মন্দিৰসমূহ দক্ষিণ-পশ্চিম, দক্ষিণ-পূব,উত্তৰ

পশ্চিম, উত্তৰ-পূব আদি দিশত নিৰ্মাণ কৰিব নালাগে ।

মন্দিৰ নিৰ্মাণৰ শুভ তিথি হ'ল শুক্ল পক্ষৰ প্ৰথমা, দ্বিতীয়, চতুর্থী, পঞ্চমী, দশমী, ত্ৰয়োদশী আৰু পূর্ণিমা তিথি । শুভ লগ্ন হৈছে কুম্ভ, সিংহ, কন্যা, মিথুন, ধনু আৰু মীন । শুভ বাৰ হৈছে সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’