--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবিয়ে মানুহৰ মন প্ৰফুল্লিত কৰে, কিন্তু সকলো ছবিয়ে নহয়।কিছুমান ছবিয়ে মানুহৰ মনত নেতিবাচক চিন্তাৰ লগতে ভয়ৰ ভাবো জাগ্ৰত কৰিব পাৰে। বহুতে  ঘৰৰ ভিতৰত চিকাৰ আদিৰ ছবি আঁৰি থয়। বাঘে হৰিণা চিকাৰ কৰাৰ দৃশ্য অথবা তেনে জাতীয় দৃশ্যৰ ছবি ঘৰৰ ভিতৰত আঁৰি থোৱা প্ৰায়ে দেখা যায়। এনেধৰণৰ হিংসাত্মক দৃশ্যৰ ছবি  বাস্তু তথা ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। হিংসাত্মক দৃশ্যই মানুহৰ মনত নেতিবাচক প্ৰভাৱ পেলায়।

 এপাহ সতেজ ফুলৰ ছবিয়ে মানুহৰ মনত যি ভাবৰ উদ্রেক ঘটাব, ৰক্তপাত অথবা যুদ্ধ-বিগ্ৰহৰ ছবিয়ে মানুহৰ মনত আন এক ভাবৰহে সঞ্চাৰ কৰিব। এই ক্ষেত্ৰত ফুলৰ ছবিয়ে মানুহৰ মন প্রফুল্লিত তথা শান্ত কৰি তোলাৰ বিপৰীতে যুদ্ধ-বিগ্রহ, ৰক্তপাত, হিংসাত্মক দৃশ্যৰ ছবিয়ে মানুহৰ মনত হিংস্ৰতাৰ ভাব জগাই তোলে। এনেধৰণৰ হিংসাত্মক ছবি যদি ঘৰৰ দক্ষিণ-পশ্চিম দিশত আঁৰি থোৱা হয় তেন্তে এনে ছবিৰ কু-প্ৰভাৱ আৰু বেছি বৃদ্ধি পায়। 

এনে ছবিৰ পৰা অনবৰতে এক অশুভ শক্তি নির্গত হৈ থাকে। যি অশুভ শক্তিয়ে ঘৰৰ সদস্যসকলৰ মন অস্থিৰ তথা অশান্ত কৰি ৰাখে। এনে হিংসাত্মক ছবি থকা ঘৰত কেতিয়াও শান্তি স্থায়ী হ'ব নোৱাৰে। সদায় তেনে ঘৰত হাই-কাজিয়া, মাৰপিট আদি ঘটনা ঘটি থাকে। বহুতেই ঘৰত কুৰুক্ষেত্ৰৰ যুদ্ধৰ ছবি আঁৰি থয়। এই যুদ্ধৰ সৈতে ভগৱান শ্ৰীকৃষ্ণ জড়িত আছিল যদিও যুদ্ধৰ ছবি হোৱাৰ বাবেই এনে ছবিয়ে ঘৰৰ ভিতৰত অশুভ শক্তিৰহে প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে পৌৰাণিক কোনো যুদ্ধৰ ছবি হ'লেও সেই ছবি ঘৰৰ ভিতৰত কেতিয়াও আঁৰি থ'ব নালাগে। 

ভগৱান শ্রীকৃষ্ণই  অৰ্জুনক উপদেশ দি থকাৰ ছবি প্ৰায়ে বহুতে ঘৰত আঁৰি থোৱা দেখা যায়। এনে ছবিও শুভ ফলদায়ক নহয়। কাৰণ শ্ৰীকৃষ্ণই অর্জুনক উপদেশ দি থক স্থানডোখৰ কোনো আশ্রম অথবা দেৱস্থান নহয়, সেয়া ৰণক্ষেত্ৰহে। সেইবাবে এনে ছবিও ঘৰত আঁৰি থোৱা উচিত নহয়। এনে ছবিয়ে মানুহৰ মনোজগতত গভীৰভাৱে ৰেখাপাত কৰে আৰু মানুহক হিংস্ৰ কৰি তুলিব পাৰে। সেয়ে ভাল লাগিলেও কিছুমান ছবি ঘৰৰ ভিতৰত আঁৰি ৰাখিব নালাগে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস