--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ডুবাইত অনুষ্ঠিত বর্ল্ড গভর্নমেন্ট ছামিটত দহ লাখ ডলাৰৰ (প্রায় ৯ কোটি টকা) এই বঁটাৰে নাগিক সন্মানিত কৰা হয়। ৰুবেল নাগিৰ 'ৰুবেল নাগি আর্ট ফাউণ্ডেশ্যনে' সমগ্ৰ ভাৰতত ৮ শতাধিক লার্নিং চেণ্টাৰ স্থাপন কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ শিক্ষাবিদ তথা সমাজকর্মী ৰুবেল নাগিক গ্ল'বেল টিচাৰ বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁ জুপুৰি ঘৰৰ বেৰত কৰা এডুকেশ্যনেল মিউৰেল পেইন্টৰ বাবে প্রখ্যাত হৈ পৰে। তেওঁ কেইবাটাও লার্নিং চেণ্টাৰ স্থাপন কৰে। 


ডুবাইত অনুষ্ঠিত বর্ল্ড গভর্নমেন্ট ছামিটত দহ লাখ ডলাৰৰ (প্রায় ৯ কোটি টকা) এই বঁটাৰে নাগিক সন্মানিত কৰা হয়। ৰুবেল নাগিৰ 'ৰুবেল নাগি আর্ট ফাউণ্ডেশ্যনে' সমগ্ৰ ভাৰতত ৮ শতাধিক লার্নিং চেণ্টাৰ স্থাপন কৰে। ইয়াৰ উদ্দেশ্য হ'ল কেতিয়াও স্কুললৈ নোযোৱা শিশুক শিক্ষা প্রদান কৰা। এই চেণ্টাৰসমূহত স্কুললৈ যোৱা শিশুকো শিক্ষা দিয়াৰ ব্যৱস্থা আছে। ৰুবেল নাগিয়ে মিউৰেলে পেইণ্টো কৰে আৰু ইয়াৰ জৰিয়তে সাক্ষৰতা, বিজ্ঞান, গণিত আৰু ইতিহাসৰ দৰে বিষয়ত শিক্ষা দিয়ে। তেওঁ পুৰস্কাৰ ৰূপে পোৱা দহ লাখ ডলাৰেৰে এনেকুৱা এটা প্রতিষ্ঠান খোলাৰ পৰিকল্পনা কৰিছে য'ত বিনামূলীয়াকৈ ভ'কেশ্যনেল প্রশিক্ষণ দিব পৰা যায়। 


উল্লেখযোগ্য যে মিউৰেল পেইন্টিং ঘৰৰ প্ৰাচীৰ আৰু চালিত কৰা হয়। উল্লেখযোগ্য যে গ্ল'বেল টিচাৰ বঁটাক শিক্ষকতাৰ নোবেল বঁটা বুলিও কোৱা হয়। এই বঁটা আগবঢ়াই ৱৰ্কী ফাউণ্ডেশ্যনে। নাগি এই বঁটা জয় কৰা বিশ্বৰ দশমগৰাকী ব্যক্তি। ইফালে এই বঁটা জয় কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নাগিক অভিনন্দন জনাইছে। জম্মু আৰু কাশ্মীৰৰ চিত্ৰ শিল্পী ৰুবেল নাগিৰ মুম্বাইত চিত্ৰ কলাৰ এটা ষ্টুডিঅ'ও আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু