--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ডুবাইত অনুষ্ঠিত বর্ল্ড গভর্নমেন্ট ছামিটত দহ লাখ ডলাৰৰ (প্রায় ৯ কোটি টকা) এই বঁটাৰে নাগিক সন্মানিত কৰা হয়। ৰুবেল নাগিৰ 'ৰুবেল নাগি আর্ট ফাউণ্ডেশ্যনে' সমগ্ৰ ভাৰতত ৮ শতাধিক লার্নিং চেণ্টাৰ স্থাপন কৰে।

ডিজিটেল ডেস্ক: ভাৰতৰ শিক্ষাবিদ তথা সমাজকর্মী ৰুবেল নাগিক গ্ল'বেল টিচাৰ বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁ জুপুৰি ঘৰৰ বেৰত কৰা এডুকেশ্যনেল মিউৰেল পেইন্টৰ বাবে প্রখ্যাত হৈ পৰে। তেওঁ কেইবাটাও লার্নিং চেণ্টাৰ স্থাপন কৰে। 


ডুবাইত অনুষ্ঠিত বর্ল্ড গভর্নমেন্ট ছামিটত দহ লাখ ডলাৰৰ (প্রায় ৯ কোটি টকা) এই বঁটাৰে নাগিক সন্মানিত কৰা হয়। ৰুবেল নাগিৰ 'ৰুবেল নাগি আর্ট ফাউণ্ডেশ্যনে' সমগ্ৰ ভাৰতত ৮ শতাধিক লার্নিং চেণ্টাৰ স্থাপন কৰে। ইয়াৰ উদ্দেশ্য হ'ল কেতিয়াও স্কুললৈ নোযোৱা শিশুক শিক্ষা প্রদান কৰা। এই চেণ্টাৰসমূহত স্কুললৈ যোৱা শিশুকো শিক্ষা দিয়াৰ ব্যৱস্থা আছে। ৰুবেল নাগিয়ে মিউৰেলে পেইণ্টো কৰে আৰু ইয়াৰ জৰিয়তে সাক্ষৰতা, বিজ্ঞান, গণিত আৰু ইতিহাসৰ দৰে বিষয়ত শিক্ষা দিয়ে। তেওঁ পুৰস্কাৰ ৰূপে পোৱা দহ লাখ ডলাৰেৰে এনেকুৱা এটা প্রতিষ্ঠান খোলাৰ পৰিকল্পনা কৰিছে য'ত বিনামূলীয়াকৈ ভ'কেশ্যনেল প্রশিক্ষণ দিব পৰা যায়। 


উল্লেখযোগ্য যে মিউৰেল পেইন্টিং ঘৰৰ প্ৰাচীৰ আৰু চালিত কৰা হয়। উল্লেখযোগ্য যে গ্ল'বেল টিচাৰ বঁটাক শিক্ষকতাৰ নোবেল বঁটা বুলিও কোৱা হয়। এই বঁটা আগবঢ়াই ৱৰ্কী ফাউণ্ডেশ্যনে। নাগি এই বঁটা জয় কৰা বিশ্বৰ দশমগৰাকী ব্যক্তি। ইফালে এই বঁটা জয় কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নাগিক অভিনন্দন জনাইছে। জম্মু আৰু কাশ্মীৰৰ চিত্ৰ শিল্পী ৰুবেল নাগিৰ মুম্বাইত চিত্ৰ কলাৰ এটা ষ্টুডিঅ'ও আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ