--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ ঘৰে ঘৰে মহৰ উপদ্ৰৱ বাঢ়িছে। বহুসময়ত কইলেও কাম নকৰা হৈ যায়। মৃদু-গৰম বতৰৰ বাবে মহৰ প্ৰজননৰ হাৰো বৃদ্ধি পাইছে। সন্ধিয়া ঘৰৰ দুৱাৰখন খোলাৰ লগে লগে মহ দলে-বলে সোমাই আহে। যদি আপোনাৰ ঘৰতো মহৰ সমস্যা হৈছে, তেন্তে আজি আমি আপোনাক ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ নিশ্চিত উপায় ক'ম। এই ঘৰুৱা উপায় চেষ্টা কৰি মহক ঘৰৰ পৰা খেদিব পাৰিব।

মহ খেদাৰ ঘৰুৱা উপায়

১) ঘৰত মহৰ প্ৰৱেশ ৰোধ কৰিবলৈ নেমু এটুকুৰা কাটি তাত ২-৩ টা লং পুতি থব লাগে। ইয়াৰ পিছত সেই কাটি লোৱা নেমুটো দুৱাৰত আৰু আন ঠাইত ৰাখিব লাগে য’ৰ পৰা মহে কোঠাটোত প্ৰৱেশ কৰে। এই উপায়ৰ দ্বাৰা মহৰ প্ৰৱেশ ঘৰত কমি যায়।

২) মহক ঘৰৰ পৰা খেদিবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি প্ৰথমে নহৰু উতলাই লওক। ইয়াৰ পিছত পিহি তাৰ দ্ৰৱ বনাওক। তাৰ পিছত সেই দ্ৰৱটো পানীৰে ভৰা বটল এটাত ভৰাই দিব। ইয়াৰ পিছত মহ লুকাই থকা বুলি সন্দেহ কৰা ঠাইবোৰত সেই মিশ্ৰণটো ছটিয়াই দিব। 

৩) সনাতন ধৰ্মত তুলসীক পবিত্ৰ উদ্ভিদ বুলি গণ্য কৰাই নহয়, ই আয়ুৰ্বেদিক গুণেৰেও ভৰপূৰ। মহ ঘৰৰ পৰা আঁতৰত ৰাখিবলৈ তুলসী গছ ৰোপণ কৰিব পাৰে। লগতে শুকান তুলসীৰ পাত জ্বলাই মহ খেদি পঠিয়াব পাৰি।

৪) মহৰ লগত মোকাবিলা কৰিবলৈ নিম পাতৰ প্ৰতিকাৰ অতি ফলপ্ৰসূ বুলি বিবেচিত হয়।প্ৰথমে মাটিৰ পাত্ৰ এটা লওক। ইয়াৰ পিছত কিছু শুকান নিমৰ পাত, কৰ্ফূৰ গুটি, লং দিব। ২-৩ টা তেজপাত আৰু ২ চামুচ সৰিয়হৰ তেল দিব। ইয়াৰ পিছত সেই পাত্ৰটো এনে ঠাইত ৰাখক য’ত মহ প্ৰচুৰ পৰিমাণে থাকে। সেই জুইৰ ধোঁৱাই মহবোৰক শ্বাসৰুদ্ধ কৰি পেলাব আৰু তাৰ পৰা পলাই যাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস