--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ পোহনীয়া মেকুৰীটোৱে কেতিয়া কামুৰিলে বা আচুৰিলে আমি বহুতেই  সেই বিষয়ত গুৰুত্ব নিদিয়ে। ঘৰৰে মেকুৰী কিনো হ’ব জাতীয় কথাকৈ বহুতেই জলাতংকৰ বেজী নোলোৱাকৈ থাকে। এনে কৰাৰ পৰিণাম ভয়াৱহ হ’ব পাৰে।এই কথাৰ প্ৰমাণ পোৱা গৈছে উত্তৰ প্ৰদেশত । ঘৰৰে পোহনীয়া মোকুৰীয়ে কামোৰা আৰু আঁচোৰাৰ এসপ্তাহৰ ভিতৰতে পিতা আৰু পুত্ৰৰ জলাতঙ্কত মৃত্যু ঘটিছে। ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাট জিলাৰ আকবৰপুৰ চহৰত সংঘটিত হৈছে।

মৃত পিতৃৰ নাম  ইমতিয়াজুদ্দিন (৫৮) আৰু পুত্ৰ  আজিম আখটাৰ (২৪) । ইমতিয়াজ নয়ডাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেওঁৰ পুত্ৰ আজিমেও নয়ডাত কাম কৰিছিল। পোন্ধৰ দিনৰ আগতে পিতৃ আৰু পুত্ৰই  ছুটী লৈ আকবৰপুৰৰ  ঘৰলৈ আহিছিল।

তেওঁলোকৰ এটা পোহনীয়া মেকুৰী আছে। যোৱা ছেপ্টেম্বৰত মেকুৰীটোক এটা পথৰ কুকুৰে কামুৰিছিল। পৰিয়ালৰ সদস্যসকলে ঘটনাটোৰ বিষয়ে নাজানিছিল। মেকুৰীৱে  প্ৰথমে  ইমতিয়াজক কামুৰিছিল। যিহেতু মেকুৰীটো ঘৰৰে  আছিল সেয়ে  ইমতিয়াজে কামোৰাৰ পিছত বেজী লোৱা নাছিল। পুনৰ দুদিন পিছত মেকুৰীটোৱে আজিমক খামুচিছিল।আজিমেও  বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল।

 দৰাচলতে মেকুৰীটোক এটা পথৰ  কুকুৰে কামোৰাৰ পিছত জলাতঙ্কত আক্ৰান্ত হৈছিল। পৰিয়ালৰ কোনেও সেয়া ধৰিব পৰা নাছিল। ইমতিয়াজ আৰু তেওঁৰ পুত্ৰক মেকুৰীয়ে কামোৰাৰ আৰু আঁচোৰাৰ  কেইদিনমান পিছত মেকুৰীটোৰ মৃত্যু হয়। ইমতিয়াজে মোকুৰীটোৰ  মৃত্যুৰ কথাটোত গুৰুত্ব দিয়া নাছিল।

পিছত  পৰিয়ালটোৱে ভূপালৰ এখন বিয়ালৈ  গৈছিল। তাত উপস্থিত হোৱাৰ পিছত  আজিম অসুস্থ হৈ পৰিল। ভূপালত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। অৱশ্যে  তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক কানপুৰলৈ অনা হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

 কিন্তু তাতেই  তেওঁৰ মৃত্যু হয়। আনহাতে পুত্ৰৰ মৃত্যুৰ চাৰিদিন পিছত  ইমতিয়াজ অসুস্থ হৈ পৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁৰো মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে দুয়োৰে জলাতঙ্কত মৃত্যু হৈছে। কানপুৰৰ স্বাস্থ্য বিভাগে এতিয়া নিৰীক্ষণ কৰি আছে যে মেকুৰীটোৱে পৰিয়ালৰ আন কাৰোবাক কামুৰিছে নেকি আৰু কোনোবাই কোনো লক্ষণ দেখুৱাইছে নেকি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ