--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ পোহনীয়া মেকুৰীটোৱে কেতিয়া কামুৰিলে বা আচুৰিলে আমি বহুতেই  সেই বিষয়ত গুৰুত্ব নিদিয়ে। ঘৰৰে মেকুৰী কিনো হ’ব জাতীয় কথাকৈ বহুতেই জলাতংকৰ বেজী নোলোৱাকৈ থাকে। এনে কৰাৰ পৰিণাম ভয়াৱহ হ’ব পাৰে।এই কথাৰ প্ৰমাণ পোৱা গৈছে উত্তৰ প্ৰদেশত । ঘৰৰে পোহনীয়া মোকুৰীয়ে কামোৰা আৰু আঁচোৰাৰ এসপ্তাহৰ ভিতৰতে পিতা আৰু পুত্ৰৰ জলাতঙ্কত মৃত্যু ঘটিছে। ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাট জিলাৰ আকবৰপুৰ চহৰত সংঘটিত হৈছে।

মৃত পিতৃৰ নাম  ইমতিয়াজুদ্দিন (৫৮) আৰু পুত্ৰ  আজিম আখটাৰ (২৪) । ইমতিয়াজ নয়ডাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেওঁৰ পুত্ৰ আজিমেও নয়ডাত কাম কৰিছিল। পোন্ধৰ দিনৰ আগতে পিতৃ আৰু পুত্ৰই  ছুটী লৈ আকবৰপুৰৰ  ঘৰলৈ আহিছিল।

তেওঁলোকৰ এটা পোহনীয়া মেকুৰী আছে। যোৱা ছেপ্টেম্বৰত মেকুৰীটোক এটা পথৰ কুকুৰে কামুৰিছিল। পৰিয়ালৰ সদস্যসকলে ঘটনাটোৰ বিষয়ে নাজানিছিল। মেকুৰীৱে  প্ৰথমে  ইমতিয়াজক কামুৰিছিল। যিহেতু মেকুৰীটো ঘৰৰে  আছিল সেয়ে  ইমতিয়াজে কামোৰাৰ পিছত বেজী লোৱা নাছিল। পুনৰ দুদিন পিছত মেকুৰীটোৱে আজিমক খামুচিছিল।আজিমেও  বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল।

 দৰাচলতে মেকুৰীটোক এটা পথৰ  কুকুৰে কামোৰাৰ পিছত জলাতঙ্কত আক্ৰান্ত হৈছিল। পৰিয়ালৰ কোনেও সেয়া ধৰিব পৰা নাছিল। ইমতিয়াজ আৰু তেওঁৰ পুত্ৰক মেকুৰীয়ে কামোৰাৰ আৰু আঁচোৰাৰ  কেইদিনমান পিছত মেকুৰীটোৰ মৃত্যু হয়। ইমতিয়াজে মোকুৰীটোৰ  মৃত্যুৰ কথাটোত গুৰুত্ব দিয়া নাছিল।

পিছত  পৰিয়ালটোৱে ভূপালৰ এখন বিয়ালৈ  গৈছিল। তাত উপস্থিত হোৱাৰ পিছত  আজিম অসুস্থ হৈ পৰিল। ভূপালত তেওঁক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। অৱশ্যে  তেওঁৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছত তেওঁক কানপুৰলৈ অনা হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

 কিন্তু তাতেই  তেওঁৰ মৃত্যু হয়। আনহাতে পুত্ৰৰ মৃত্যুৰ চাৰিদিন পিছত  ইমতিয়াজ অসুস্থ হৈ পৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁৰো মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে দুয়োৰে জলাতঙ্কত মৃত্যু হৈছে। কানপুৰৰ স্বাস্থ্য বিভাগে এতিয়া নিৰীক্ষণ কৰি আছে যে মেকুৰীটোৱে পৰিয়ালৰ আন কাৰোবাক কামুৰিছে নেকি আৰু কোনোবাই কোনো লক্ষণ দেখুৱাইছে নেকি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক