--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেজ জয়ী হোৱাৰ দিশে আগবাঢ়িছে। সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ আগতেই তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনাত কংগ্ৰেছ আগবাঢ়ি থকাত কৰ্মীসকলৰ মাজত এক সৰ্বাংগীন উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। 

হায়দৰাবাদত কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, দলৰ সাংসদ ৰাহুল গান্ধী আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীৰ পোষ্টাৰত গাখীৰ ঢালি আনন্দ উদযাপন কৰে দলীয় কৰ্মীসকলে। পুৱাৰে পৰা দলৰ শীৰ্ষ নেতাৰ ডাঙৰ ডাঙৰ পোষ্টাৰত গাখীৰেৰে অভিষেক কৰিবলৈ এক বৃহৎ সংখ্যক কৰ্মী সমবেত হৈছিল।

তেলেংগানাত কেচি ৰাও নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) পূৰ্বতে তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ) নামেৰে পৰিচিত, তেলেংগানাত আৰম্ভ হোৱাৰ পৰাই শাসন চলি আহিছে। এইবাৰ বিধানসভা নিৰ্বাচনতো বি আৰ এছ আশাবাদী আছিল যে জনসাধাৰণে সেইবোৰ পুনৰাবৃত্তি কৰি ক্ষমতা অক্ষুণ্ণ ৰাখিব, কিন্তু দেওবাৰৰ পৰা আৰম্ভ হোৱা ভোট গণনাত পুৱা ১১.৩০ বজালৈকে হোৱা ধাৰা অনুসৰি কংগ্ৰেছে ১১৯খন আসনৰ ভিতৰত ৬৯খন আসনত আগবাঢ়ি আছ। আনহাতে শাসকীয় বি আৰ এছ ৩৭খন আসনত সীমাবদ্ধ।

ইয়াৰ বাবেই কংগ্ৰেছ কৰ্মীসকলৰ মাজত প্ৰচণ্ড উৎসাহৰ পৰিবেশ বিৰাজ কৰিছে। তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ অহাৰ প্ৰবল সম্ভাৱনা। ৰাজ্যিক বিজেপিৰ আসনসমূহো বৃদ্ধি পোৱাৰ লগতে ১০খন আসনত অগ্ৰগতি লাভ কৰিছে দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক