--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেংগানাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেজ জয়ী হোৱাৰ দিশে আগবাঢ়িছে। সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ আগতেই তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনাত কংগ্ৰেছ আগবাঢ়ি থকাত কৰ্মীসকলৰ মাজত এক সৰ্বাংগীন উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। 

হায়দৰাবাদত কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, দলৰ সাংসদ ৰাহুল গান্ধী আৰু ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীৰ পোষ্টাৰত গাখীৰ ঢালি আনন্দ উদযাপন কৰে দলীয় কৰ্মীসকলে। পুৱাৰে পৰা দলৰ শীৰ্ষ নেতাৰ ডাঙৰ ডাঙৰ পোষ্টাৰত গাখীৰেৰে অভিষেক কৰিবলৈ এক বৃহৎ সংখ্যক কৰ্মী সমবেত হৈছিল।

তেলেংগানাত কেচি ৰাও নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) পূৰ্বতে তেলেংগানা ৰাষ্ট্ৰ সমিতি (টি আৰ এছ) নামেৰে পৰিচিত, তেলেংগানাত আৰম্ভ হোৱাৰ পৰাই শাসন চলি আহিছে। এইবাৰ বিধানসভা নিৰ্বাচনতো বি আৰ এছ আশাবাদী আছিল যে জনসাধাৰণে সেইবোৰ পুনৰাবৃত্তি কৰি ক্ষমতা অক্ষুণ্ণ ৰাখিব, কিন্তু দেওবাৰৰ পৰা আৰম্ভ হোৱা ভোট গণনাত পুৱা ১১.৩০ বজালৈকে হোৱা ধাৰা অনুসৰি কংগ্ৰেছে ১১৯খন আসনৰ ভিতৰত ৬৯খন আসনত আগবাঢ়ি আছ। আনহাতে শাসকীয় বি আৰ এছ ৩৭খন আসনত সীমাবদ্ধ।

ইয়াৰ বাবেই কংগ্ৰেছ কৰ্মীসকলৰ মাজত প্ৰচণ্ড উৎসাহৰ পৰিবেশ বিৰাজ কৰিছে। তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ অহাৰ প্ৰবল সম্ভাৱনা। ৰাজ্যিক বিজেপিৰ আসনসমূহো বৃদ্ধি পোৱাৰ লগতে ১০খন আসনত অগ্ৰগতি লাভ কৰিছে দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা