--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশজুৰি নিশ্চিতভাৱে বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন অথবা ‘কা’। এই কথা পুনৰ স্পষ্ট কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এটা সংবাদ প্ৰতিষ্ঠানৰ কনক্লেভত অংশ লৈ ‘কা’ক লৈ এনেদৰে দৃঢ় স্থিতি গ্ৰহণ কৰে শ্বাহে। শ্বাহে দৃঢ়কণ্ঠে কয়– ‘কা’ দেশৰ এখন আইন। ইয়াক বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে৷

উল্লেখযোগ্য যে আৰু এসপ্তাহৰ ভিতৰতে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে। গতিকে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই এই সপ্তাহটোৰ ভিতৰতে ‘কা’ বলবৎ হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। ‘কা’ বলবৎ হ’লে দেশৰ প্ৰান্তে-প্ৰান্তে আন্দোলনৰ পৰিৱেশ সৃষ্টি হোৱাটোও নিশ্চিত হৈ পৰিছে। ইতিমধ্যে অসমত কেইবাটাও জাতীয় সংগঠনে ‘কা’ক জাতিধ্বংসী আইন আখ্যা দিছে।  সদৌ অসম ছাত্ৰ সন্থাই ‘কা’ বলবৎকৰণৰ পূৰ্বৰ দৰেই একমুখে বিৰোধিতা কৰিছে। আজি ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি বাইক ৰেলী উলিয়াই আছুৰ নেতা–কৰ্মীসকলে। বাইক ৰেলীত আছুৰ সভাপতি–সম্পাদকৰ লগতে মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ো অংশগ্ৰহণ কৰে। ‘কা’ৰ বিৰুদ্ধে বিগত কেইটামান দিনত আন্দোলন চলাই গৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ‘কা’ৰ বিৰুদ্ধে গঢ়ি তুলিছে আন্দোলন। কোনোপধ্যে ‘কা’ মানি নলয় বুলি হুংকাৰ দিছে কৃষক মুক্তিৰ নেতৃবৰ্গই। ‘কা’ বলবতক লৈ পশ্চিমবংগৰ পৰিৱেশো অশান্ত হৈ পৰাৰ আছে পূৰ্ণ সম্ভাৱনা। পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে জোৰদাৰ বিৰোধিতা কৰি আছে ‘কা’ বলবৎকৰণৰ। জীয়াই থকালৈকে পশ্চিমবংগত ‘কা’ বলবৎ হ’বলৈ নিদিয়ে বুলি হুংকাৰ দি আহিছে মমতা বেনাৰ্জীয়ে। বিজেপিয়ে বংগৰ ভোটবেংকৰ ৰাজনীতিৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে বলৱৎ কৰিবলৈ বিচাৰিছে ‘কা’। মূলতঃ পশ্চিমবংগত নিৰ্বাচনী সফলতা অৰ্জন কৰাৰ বাবেই বিজেপিয়ে ‘কা’ বলৱৎ কৰিব বিচাৰিছে। বাৰম্বাৰ এনে মন্তব্য কৰি আক্ৰমণাত্মক হৈ পৰিছে মমতা। দৰাচলতে পশ্চিমবংগৰ মটুৱা জনগোষ্ঠীৰ ভোট বেংক সৃষ্টিৰ বাবেই বংগত ‘কা’ বলবৎ কৰিব বিচাৰিছে মোদী চৰকাৰে। বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল এই হিন্দু ধৰ্মীয় মটুৱা জনগোষ্ঠীৰ লোকসকলে। বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ মটুৱাসকলৰ যথেষ্টসংখ্যকে প্ৰৱেশ কৰি আহিছে পশ্চিমবংগত। কিন্তু ভাৰতৰ নাগৰিকত্ব লাভ কৰিব নোৱৰাৰ বাবেই বিভিন্ন ক্ষেত্ৰত প্ৰচুৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক। এতিয়া কেইবালাখ মটুৱা লোকক ‘কা’ৰ অধীনত নাগৰিকত্ব প্ৰদান কৰি ভোটবেংক কৰিবলৈ বিচাৰিছে মোদী চৰকাৰে। ‘কা’ বলবৎকৰণে পূৰ্বৰে পৰা ভাৰতত থকা মটুৱাসকলৰ ভোট বিজেপিৰ পক্ষলৈ আনিব বুলি ধাৰণা লৈছে মোদী চৰকাৰে। আনহাতে নতুনকৈ নাগৰিকত্ব লাভ কৰা মটুৱা লোকৰ ভোটে বংগৰ ক্ষমতা দখলত সহায় কৰিব বুলি আশাবাদী হৈছে বিজেপি। গতিকে ‘কা’ বলৱৎকৰণ বিজেপিৰ বাবে হৈ পৰিছে এবিধ নিৰ্বাচনী অস্ত্ৰ। এই অস্ত্ৰবিধেৰে বংগত মমতা বেনাৰ্জীক প্ৰতিহত কৰাৰ ব্লুপ্ৰিণ্ট দলটোৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ