--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপৰ এখন চৰকাৰে স্থানীয় সুৰা পেকেটত বিক্ৰী কৰিব! হয়, পঞ্জাৱৰ আম আদমী পাৰ্টী নেতৃত্বাধীন চৰকাৰে তেনে সিস্ধান্ত গ্ৰহণ কৰাৰ বাবেই আগবাঢ়িছে৷  বিহাৰত বিষাক্ত সুৰা সেৱন কৰি বহু কেইজন লোকৰ মৃত্যু ঘটাৰ পিছতে  পঞ্জাৱৰ চৰকাৰে পেকেটৰ ভিতৰত দেশীয় চুলাই মদ বিক্ৰী কৰাৰ কথা ভাবিছে৷ 

ৰাজ্য খনে নতুন আবকাৰী নীতিৰ অংশ হিচাপে আৰু বিষক্ৰিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰতিহত কৰিবলৈকম  মূল্যৰ  কিন্তু তুলনামূলকভাৱে কম ক্ষতিকাৰক দেশীয়  সুৰা এনেদৰে  বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।

 পঞ্জাৱ চৰকাৰে  সৰু পেকেটত ৪০ শতাংশ সুৰা থকা দেশীয় সুৰা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে  বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ এনে পদক্ষেপ গ্ৰহণ কৰাৰ  ফলত বিষক্ৰিয়া প্ৰতিৰোধ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য ৰাজ্য খনত কম মূল্যৰ  ঘৰুৱাভাৱে তৈয়াৰ কৰা স্থানীয় সুৰা গ্ৰাম্য অঞ্চলত অধিক প্ৰচলিত। সেয়েহে স্থানীয় সুৰাৰ 'স্বাস্থ্যকৰ বিকল্প' হিচাপে এই দেশীয় সুৰা বিক্ৰী কৰাৰকথা  চলি আছে বুলি  চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

পঞ্জাৱৰ আবকাৰী বিভাগেৰ এগৰাকী বিষয়াই  কয়  যে পঞ্জাৱৰ গ্ৰাম্য অঞ্চলত 'লাহান' নামৰ এবিধ স্থানীয়  সুৰা অতি জনপ্ৰিয়। এই স্থানীয় সুৰাত এলক’হলৰ  পৰিমাণো ভাৰতত তৈয়াৰ কৰা আন সুৰাতকৈ কম।  'লাহান' সুৰা বিধ ২৫ ৰ পৰা ৪০ টকাৰ সৰু পেকেটত বিক্ৰী কৰা হয়। আবকাৰী বিভাগে লগতে আশা কৰিছে যে যদি চৰকাৰে কম দামত আৰু সৰু পেকেটত কম ক্ষতিকাৰক দেশীয়  সুৰা বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব পাৰে তেন্তে মানুহৰ বিষাক্ত আৰু ভেজাল  সুৰা সেৱন কৰাৰ আশংকা  হ্ৰাস কৰিব পৰা যাব৷


ভগৱন্ত মান চৰকাৰে ইতিমধ্যে এই সিদ্ধান্তৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। এয়াও জানিব পৰা গৈছে যে উচ্চতম ন্যায়ালয়ৰ অনুমতি পোৱাৰ পিছতে চৰকাৰে এই ধাৰণাটো কাৰ্যকৰী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু