--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপৰ এখন চৰকাৰে স্থানীয় সুৰা পেকেটত বিক্ৰী কৰিব! হয়, পঞ্জাৱৰ আম আদমী পাৰ্টী নেতৃত্বাধীন চৰকাৰে তেনে সিস্ধান্ত গ্ৰহণ কৰাৰ বাবেই আগবাঢ়িছে৷  বিহাৰত বিষাক্ত সুৰা সেৱন কৰি বহু কেইজন লোকৰ মৃত্যু ঘটাৰ পিছতে  পঞ্জাৱৰ চৰকাৰে পেকেটৰ ভিতৰত দেশীয় চুলাই মদ বিক্ৰী কৰাৰ কথা ভাবিছে৷ 

ৰাজ্য খনে নতুন আবকাৰী নীতিৰ অংশ হিচাপে আৰু বিষক্ৰিয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰতিহত কৰিবলৈকম  মূল্যৰ  কিন্তু তুলনামূলকভাৱে কম ক্ষতিকাৰক দেশীয়  সুৰা এনেদৰে  বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে।

 পঞ্জাৱ চৰকাৰে  সৰু পেকেটত ৪০ শতাংশ সুৰা থকা দেশীয় সুৰা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে  বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ এনে পদক্ষেপ গ্ৰহণ কৰাৰ  ফলত বিষক্ৰিয়া প্ৰতিৰোধ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য ৰাজ্য খনত কম মূল্যৰ  ঘৰুৱাভাৱে তৈয়াৰ কৰা স্থানীয় সুৰা গ্ৰাম্য অঞ্চলত অধিক প্ৰচলিত। সেয়েহে স্থানীয় সুৰাৰ 'স্বাস্থ্যকৰ বিকল্প' হিচাপে এই দেশীয় সুৰা বিক্ৰী কৰাৰকথা  চলি আছে বুলি  চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

পঞ্জাৱৰ আবকাৰী বিভাগেৰ এগৰাকী বিষয়াই  কয়  যে পঞ্জাৱৰ গ্ৰাম্য অঞ্চলত 'লাহান' নামৰ এবিধ স্থানীয়  সুৰা অতি জনপ্ৰিয়। এই স্থানীয় সুৰাত এলক’হলৰ  পৰিমাণো ভাৰতত তৈয়াৰ কৰা আন সুৰাতকৈ কম।  'লাহান' সুৰা বিধ ২৫ ৰ পৰা ৪০ টকাৰ সৰু পেকেটত বিক্ৰী কৰা হয়। আবকাৰী বিভাগে লগতে আশা কৰিছে যে যদি চৰকাৰে কম দামত আৰু সৰু পেকেটত কম ক্ষতিকাৰক দেশীয়  সুৰা বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব পাৰে তেন্তে মানুহৰ বিষাক্ত আৰু ভেজাল  সুৰা সেৱন কৰাৰ আশংকা  হ্ৰাস কৰিব পৰা যাব৷


ভগৱন্ত মান চৰকাৰে ইতিমধ্যে এই সিদ্ধান্তৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। এয়াও জানিব পৰা গৈছে যে উচ্চতম ন্যায়ালয়ৰ অনুমতি পোৱাৰ পিছতে চৰকাৰে এই ধাৰণাটো কাৰ্যকৰী কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক