--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপি চৰকাৰে বিৰোধীৰ বিৰুদ্ধে চিবিআইৰ দৰে কেন্দ্ৰীয় তদন্তকৰী সংস্থাসমূহক ব্যৱহাৰ কৰি থকা বুলি অভিযোগ উঠি আহিছে। সংসদৰ চলিত শীতকালীন অধিৱেশনত কংগ্ৰেছ আৰু টিএমচিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু ইডিৰ দৰে অনুসন্ধানকাৰী সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত অপব্যৱহাৰ কৰি থকাৰ অভিযোগৰ  আলোচনাৰ দাবী জনাইছে।

যোৱা পাঁচ বছৰত চিবিআইয়ে মোদীৰ চৰকাৰৰ  শাসনকালত ৫৬  জন বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশতেই সৰ্বাধিক সংখ্যক ঘটনা সংঘটিত হৈছে। কিন্তু লক্ষ্যণীয়ভাবে অভিযুক্তক দোষী সাব্যস্ত কৰাত চিবিআইৰ সফলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে।

সংসদৰ চলিত শীতকালীন অধিৱেশনত কংগ্ৰেছ আৰু টিএমচিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু ইডিৰ দৰে অনুসন্ধানকাৰী সংস্থাসমূহৰ ৰাজনৈতিক অপব্যৱহাৰ সন্দৰ্ভত আলোচনাৰ দাবী জনোৱাৰ লগতে বিৰোধীয়ে অভিযোগ কৰিছে  যে মোদী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে ৰাজনৈতিক লাভৰ বাবে চিবিআই-ইডিক ব্যৱহাৰ কৰি আহিছে।

লোকসভাত টিএমচিৰ সাংসদ মালা ৰয়ৰ এক প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী মন্ত্ৰালয়ে কয় যে চিবিআইয়ে যিবোৰ ৰাজনৈতিক দলৰ বিৰুদ্ধে সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তাৰ তালিকাত আছে কংগ্ৰেছ, তৃণমূল, এনচিপি, আম আদমী পাৰ্টি, তেলেগু দেশম পাৰ্টি, ৱাইএছআৰ কংগ্ৰেছ, ডিএমকে, এডিএমকে, এছপি, আৰজেডি আৰু বিজেপি।

অৱশ্যে কৰ্মচাৰী দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰদান কৰা তথ্যই দেখুৱাইছে যে চিবিআইৰ বেছিভাগ গোচৰ বিৰোধী শাসিত ৰাজ্যসমূহতৰুজু কৰা  হৈছে। বেছিভাগ গোচৰ অন্ধ্ৰ প্ৰদেশতেই ৰুজু হৈছে।ৰাজ্য খনত এনে গোচৰৰ সংখ্যা শেহতীয়াকৈ  ১০  টা হৈছে। চিবিআইৰ গোচৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰু কেৰালা দ্বিতীয় স্থানত আছে। প্ৰতিখন ৰাজ্যতে  ৬ টাকৈ গোচৰ ৰুজু হৈছে।  সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ সকলো গোচৰ এছপি-বিএছপি নেতাসকলৰ বিৰুদ্ধেহে তৰা হৈছে। পশ্চিম বংগ আৰু অৰুণাচল প্ৰদেশ তৃতীয় স্থানত আছে। এই দুখন ৰাজ্যত পাঁচটাকৈ গোচৰ চিবিাইয়ে ৰুজু কৰিছে।

৫৬ টা গোচৰৰ ভিতৰত ২২ টা গোচৰত অভিযোগনামা দাখিল কৰা হৈছে। কিন্তু অভিযুক্তক দোষী সাব্যস্ত কৰাত চিবিআইৰ সফলতাৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ২০১৯ চনত এই হাৰ আছিল ৬৯.৮%। ২০২১ চনত য়েয়া  ৬৭.৬% লৈ হ্ৰাস পাইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক