--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপি চৰকাৰে বিৰোধীৰ বিৰুদ্ধে চিবিআইৰ দৰে কেন্দ্ৰীয় তদন্তকৰী সংস্থাসমূহক ব্যৱহাৰ কৰি থকা বুলি অভিযোগ উঠি আহিছে। সংসদৰ চলিত শীতকালীন অধিৱেশনত কংগ্ৰেছ আৰু টিএমচিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু ইডিৰ দৰে অনুসন্ধানকাৰী সংস্থাসমূহক ৰাজনৈতিক স্বাৰ্থত অপব্যৱহাৰ কৰি থকাৰ অভিযোগৰ  আলোচনাৰ দাবী জনাইছে।

যোৱা পাঁচ বছৰত চিবিআইয়ে মোদীৰ চৰকাৰৰ  শাসনকালত ৫৬  জন বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশতেই সৰ্বাধিক সংখ্যক ঘটনা সংঘটিত হৈছে। কিন্তু লক্ষ্যণীয়ভাবে অভিযুক্তক দোষী সাব্যস্ত কৰাত চিবিআইৰ সফলতা ক্ৰমান্বয়ে হ্ৰাস পাইছে।

সংসদৰ চলিত শীতকালীন অধিৱেশনত কংগ্ৰেছ আৰু টিএমচিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু ইডিৰ দৰে অনুসন্ধানকাৰী সংস্থাসমূহৰ ৰাজনৈতিক অপব্যৱহাৰ সন্দৰ্ভত আলোচনাৰ দাবী জনোৱাৰ লগতে বিৰোধীয়ে অভিযোগ কৰিছে  যে মোদী চৰকাৰে বিৰোধী দলসমূহৰ বিৰুদ্ধে ৰাজনৈতিক লাভৰ বাবে চিবিআই-ইডিক ব্যৱহাৰ কৰি আহিছে।

লোকসভাত টিএমচিৰ সাংসদ মালা ৰয়ৰ এক প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী মন্ত্ৰালয়ে কয় যে চিবিআইয়ে যিবোৰ ৰাজনৈতিক দলৰ বিৰুদ্ধে সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তাৰ তালিকাত আছে কংগ্ৰেছ, তৃণমূল, এনচিপি, আম আদমী পাৰ্টি, তেলেগু দেশম পাৰ্টি, ৱাইএছআৰ কংগ্ৰেছ, ডিএমকে, এডিএমকে, এছপি, আৰজেডি আৰু বিজেপি।

অৱশ্যে কৰ্মচাৰী দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰদান কৰা তথ্যই দেখুৱাইছে যে চিবিআইৰ বেছিভাগ গোচৰ বিৰোধী শাসিত ৰাজ্যসমূহতৰুজু কৰা  হৈছে। বেছিভাগ গোচৰ অন্ধ্ৰ প্ৰদেশতেই ৰুজু হৈছে।ৰাজ্য খনত এনে গোচৰৰ সংখ্যা শেহতীয়াকৈ  ১০  টা হৈছে। চিবিআইৰ গোচৰৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰু কেৰালা দ্বিতীয় স্থানত আছে। প্ৰতিখন ৰাজ্যতে  ৬ টাকৈ গোচৰ ৰুজু হৈছে।  সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ সকলো গোচৰ এছপি-বিএছপি নেতাসকলৰ বিৰুদ্ধেহে তৰা হৈছে। পশ্চিম বংগ আৰু অৰুণাচল প্ৰদেশ তৃতীয় স্থানত আছে। এই দুখন ৰাজ্যত পাঁচটাকৈ গোচৰ চিবিাইয়ে ৰুজু কৰিছে।

৫৬ টা গোচৰৰ ভিতৰত ২২ টা গোচৰত অভিযোগনামা দাখিল কৰা হৈছে। কিন্তু অভিযুক্তক দোষী সাব্যস্ত কৰাত চিবিআইৰ সফলতাৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। ২০১৯ চনত এই হাৰ আছিল ৬৯.৮%। ২০২১ চনত য়েয়া  ৬৭.৬% লৈ হ্ৰাস পাইছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু