--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘন কুঁৱলীৰ পৰা সাৱধান। শীতকাল সোমোৱাৰ লগে লগে ঠায়ে ঠায়ে কুঁৱলী পৰিবলৈ ধৰিছে। ঘন কুঁৱলীৰ বাবেই বহু পথ দুৰ্ঘটনাও সংঘটিত হয়।

ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ ছয়টাকৈ বিভিন্ন স্থানত অতি কমেও ৯জন লোকৰ মৃত্যু হয়। ৰাজ্যখনৰ কানপুৰ, আলিগড়, ওৰাইয়া, মইনপুৰী, উন্নাও আৰু হাপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

আনহাতে পৃথকে পৃথকে সংঘটিত পথ দুৰ্ঘটনা কেইটাত আহত হৈছে প্ৰায় ৯০ জন লোক।

জানিব পৰা মতে, আলিগড়ত কুঁৱলীৰ আচ্ছাদন ইমানেই আছিল যে ইয়াৰ ঘাইপথত লোডাৰ আৰু কেণ্টাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। ইয়াৰ পিছত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ২৫খনতকৈও অধিক বাহনৰ মাজত সংঘৰ্ষ হয়।

এই ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হয়। আনহাতে আহত হয় ৪০ জনতকৈ অধিক লোক।

একে সময়তে ওৰাইয়াৰ আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱে’ত কুঁৱলীৰ বাবে ৭খন বাহনৰ মাজত হোৱা সংঘৰ্ষত ৩ জন যাত্ৰীৰ মৃত্যু ঘটে। আনহাতে ১২ জনতকৈ অধিক লোক আহত হয়।


আনহাতে পিলিভীত জিলাৰ বৰখেড়া অঞ্চলৰ পিলিভীত-বিশালপুৰ পথত পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মটৰ চাইকেলেৰে আহি থকা এহাল পতি-পত্নী আৰু দুই কন্যাৰ মৃত্যু হয়।


কুঁৱলীৰ বাবে সংঘটিত হোৱা উত্তৰ প্ৰদেশৰ ভিন্ন স্থানৰ ভিন্ন পথ দুৰ্ঘটনাত ৩৮ জন লোক আহত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক