--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘন কুঁৱলীৰ পৰা সাৱধান। শীতকাল সোমোৱাৰ লগে লগে ঠায়ে ঠায়ে কুঁৱলী পৰিবলৈ ধৰিছে। ঘন কুঁৱলীৰ বাবেই বহু পথ দুৰ্ঘটনাও সংঘটিত হয়।

ঘন কুঁৱলীৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ ছয়টাকৈ বিভিন্ন স্থানত অতি কমেও ৯জন লোকৰ মৃত্যু হয়। ৰাজ্যখনৰ কানপুৰ, আলিগড়, ওৰাইয়া, মইনপুৰী, উন্নাও আৰু হাপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

আনহাতে পৃথকে পৃথকে সংঘটিত পথ দুৰ্ঘটনা কেইটাত আহত হৈছে প্ৰায় ৯০ জন লোক।

জানিব পৰা মতে, আলিগড়ত কুঁৱলীৰ আচ্ছাদন ইমানেই আছিল যে ইয়াৰ ঘাইপথত লোডাৰ আৰু কেণ্টাৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। ইয়াৰ পিছত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ২৫খনতকৈও অধিক বাহনৰ মাজত সংঘৰ্ষ হয়।

এই ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হয়। আনহাতে আহত হয় ৪০ জনতকৈ অধিক লোক।

একে সময়তে ওৰাইয়াৰ আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱে’ত কুঁৱলীৰ বাবে ৭খন বাহনৰ মাজত হোৱা সংঘৰ্ষত ৩ জন যাত্ৰীৰ মৃত্যু ঘটে। আনহাতে ১২ জনতকৈ অধিক লোক আহত হয়।


আনহাতে পিলিভীত জিলাৰ বৰখেড়া অঞ্চলৰ পিলিভীত-বিশালপুৰ পথত পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মটৰ চাইকেলেৰে আহি থকা এহাল পতি-পত্নী আৰু দুই কন্যাৰ মৃত্যু হয়।


কুঁৱলীৰ বাবে সংঘটিত হোৱা উত্তৰ প্ৰদেশৰ ভিন্ন স্থানৰ ভিন্ন পথ দুৰ্ঘটনাত ৩৮ জন লোক আহত হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু