--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ জুৰি 'পাঠান'ক লৈ তীব্ৰ বিতৰ্ক চলি আছে। শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত এই ছবিখনৰ মুক্তিৰ তাৰিখ চমু চাপি অহাৰ সময়তে ছবিখন বৰ্জনৰ দাবী তুলিছে বহু দল-সংগঠনে। কিছুমান সংগঠনে ছবিখনৰ নাম সলনি কৰিবৰ বাবেও দাবী তুলিছে। আজিৰে পৰা আৰম্ভ হোৱা মধ্য প্ৰদেশ বিধানসভাৰ শীতকালীন অধিৱেশনত 'পাঠান'কলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মধ্য প্ৰদেশ বিধানসভাৰ অধ্যক্ষই শ্বাহৰুখ খানক প্ৰশ্ন কৰে, "শ্বাহৰুখে তেওঁৰ কন্যাৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব পাৰিবনে?" 

উল্লেখ্য যে 'পাঠান'ক লৈ 'বেচৰম ৰং' শীৰ্ষক গীতটোৰ পৰাই বিতৰ্ক আৰম্ভ হৈছে। এই গীতটিত দীপিকা পাডুকনে পৰিধান কৰা গেৰুৱা ৰঙৰ বিকিনিয়ে বিতৰ্কৰ সূচনা কৰে। 

শেহতীয়াকৈ পাঠান ছবিখনক লৈ আৰম্ভ হোৱা বিতৰ্কত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মৰ্ফ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই ক্ষেত্ৰত চাইবাৰ ক্ৰাইম ষ্টেচনৰ মুৰব্বী কনিষ্টবলে এজাহাৰ দিছে। ইয়াৰ ওপৰত গোচৰ পঞ্জীয়ন কৰা হৈছে। চাইবাৰ ক্ৰাইম আৰক্ষীৰ দলটোৱে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

চাইবাৰ অপৰাধ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মহম্মদ মুছলিম খানৰ মতে, টুইটাৰ হেণ্ডেল @azaarSRK য়ে দীপিকা পাডুকনৰ মুখখনৰ ঠাইত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবিখন মৰ্ফ কৰি লগাই দিয়ে। লগে লগে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই গোচৰত চাইবাৰ অপৰাধ আৰক্ষী থানাৰ মুখ্য কনিষ্টবলৰ তাহৰিৰৰ ওপৰত আই পি চিৰ ২৯৫এ ধাৰা আৰু আই টি আইনৰ ৬৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিষয়টোৰ তদন্ত চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু