--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ জুৰি 'পাঠান'ক লৈ তীব্ৰ বিতৰ্ক চলি আছে। শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত এই ছবিখনৰ মুক্তিৰ তাৰিখ চমু চাপি অহাৰ সময়তে ছবিখন বৰ্জনৰ দাবী তুলিছে বহু দল-সংগঠনে। কিছুমান সংগঠনে ছবিখনৰ নাম সলনি কৰিবৰ বাবেও দাবী তুলিছে। আজিৰে পৰা আৰম্ভ হোৱা মধ্য প্ৰদেশ বিধানসভাৰ শীতকালীন অধিৱেশনত 'পাঠান'কলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মধ্য প্ৰদেশ বিধানসভাৰ অধ্যক্ষই শ্বাহৰুখ খানক প্ৰশ্ন কৰে, "শ্বাহৰুখে তেওঁৰ কন্যাৰ সৈতে বহি এই ছবিখন উপভোগ কৰিব পাৰিবনে?" 

উল্লেখ্য যে 'পাঠান'ক লৈ 'বেচৰম ৰং' শীৰ্ষক গীতটোৰ পৰাই বিতৰ্ক আৰম্ভ হৈছে। এই গীতটিত দীপিকা পাডুকনে পৰিধান কৰা গেৰুৱা ৰঙৰ বিকিনিয়ে বিতৰ্কৰ সূচনা কৰে। 

শেহতীয়াকৈ পাঠান ছবিখনক লৈ আৰম্ভ হোৱা বিতৰ্কত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মৰ্ফ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই ক্ষেত্ৰত চাইবাৰ ক্ৰাইম ষ্টেচনৰ মুৰব্বী কনিষ্টবলে এজাহাৰ দিছে। ইয়াৰ ওপৰত গোচৰ পঞ্জীয়ন কৰা হৈছে। চাইবাৰ ক্ৰাইম আৰক্ষীৰ দলটোৱে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

চাইবাৰ অপৰাধ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মহম্মদ মুছলিম খানৰ মতে, টুইটাৰ হেণ্ডেল @azaarSRK য়ে দীপিকা পাডুকনৰ মুখখনৰ ঠাইত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবিখন মৰ্ফ কৰি লগাই দিয়ে। লগে লগে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই গোচৰত চাইবাৰ অপৰাধ আৰক্ষী থানাৰ মুখ্য কনিষ্টবলৰ তাহৰিৰৰ ওপৰত আই পি চিৰ ২৯৫এ ধাৰা আৰু আই টি আইনৰ ৬৬ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিষয়টোৰ তদন্ত চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক