--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত গৰম বেছি, শীতৰ দিনত শীত৷ শীতৰ সময়তে বুধবাৰে  ঘন কুঁৱলীয়ে দিল্লীক আৱৰি ৰাখিলে। ফলত চহৰ খনত দৃশ্যমানতা প্ৰায় শূন্যত উপনীত হয় । ৰাজধানী চহৰ খনত  বুধবাৰে পুৱা এক একো নেদেখা হোৱা পৰিবেশে বিৰাজ কৰে৷  ফলস্বৰূপে, ৰাস্তাত গাড়ীৰ দীঘলীয়া ভিৰ পৰিলক্ষিত হয়। কুঁৱলীৰ বাবে ২৫ খন ৰে’ল পলমকৈ চলি আছে। ১১০ খনতকৈও অধিক বিমানৰ উৰণ  ব্যাহত হৈছে।

দিল্লীৰ চফদৰজঙত আজি  দৃশ্যমানতা মাত্ৰ ৫০ মিটাৰ হয়। আন বহু  ঠাইত ইয়াতকৈও কম হয়৷  উত্তৰ প্ৰদেশতো পৰিস্থিতি বেয়াৰ দিশে ঢাল খাইছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত কুঁৱলীৰ বাবে সংঘটিত পথ দুৰ্ঘটনাত  এজন লোক নিহত হয়। ঘন কুঁৱলীয়ে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্য প্ৰদেশকো আৱৰি ৰাখে। পাটিয়ালা, লক্ষ্ণৌ আৰু প্ৰয়াগৰাজত দৃশ্যমানতা ২৫ মিটাৰতকৈও কম হয় । অমৃতসৰত ই ০ মিটাৰত উপনীত হয়।
এনে পৰিস্থিতিত দিল্লীত  প্ৰদূষণো ব্যাপক হৈ পৰিছে। দিল্লীৰ আনন্দ বিহাৰৰ প্ৰদূষণৰ স্তৰ আজি হৈছে  ৪৪১। আনহাতে লোধি ৰোডত ৩২৭ হৈছে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সেয়া  ৩৬৮।

স্বাভাৱিকতে, এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয় এনে  পৰিস্থিতিৰ পৰা দিল্লীবাসীয়ে  কেতিয়া সকাহ পাব?  বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ৰ মতে অহা সপ্তাহত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব । যোৱা কেইবছৰমানৰ পৰা দিল্লীকে ধৰি উত্তৰৰ ৰাজ্যসমূহত প্ৰদূষণ সমগ্ৰ দেশৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। বহু ৰাজ্যত গ্ৰীষ্মকালতো কুঁৱলী দেখা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক