--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত গৰম বেছি, শীতৰ দিনত শীত৷ শীতৰ সময়তে বুধবাৰে  ঘন কুঁৱলীয়ে দিল্লীক আৱৰি ৰাখিলে। ফলত চহৰ খনত দৃশ্যমানতা প্ৰায় শূন্যত উপনীত হয় । ৰাজধানী চহৰ খনত  বুধবাৰে পুৱা এক একো নেদেখা হোৱা পৰিবেশে বিৰাজ কৰে৷  ফলস্বৰূপে, ৰাস্তাত গাড়ীৰ দীঘলীয়া ভিৰ পৰিলক্ষিত হয়। কুঁৱলীৰ বাবে ২৫ খন ৰে’ল পলমকৈ চলি আছে। ১১০ খনতকৈও অধিক বিমানৰ উৰণ  ব্যাহত হৈছে।

দিল্লীৰ চফদৰজঙত আজি  দৃশ্যমানতা মাত্ৰ ৫০ মিটাৰ হয়। আন বহু  ঠাইত ইয়াতকৈও কম হয়৷  উত্তৰ প্ৰদেশতো পৰিস্থিতি বেয়াৰ দিশে ঢাল খাইছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত কুঁৱলীৰ বাবে সংঘটিত পথ দুৰ্ঘটনাত  এজন লোক নিহত হয়। ঘন কুঁৱলীয়ে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্য প্ৰদেশকো আৱৰি ৰাখে। পাটিয়ালা, লক্ষ্ণৌ আৰু প্ৰয়াগৰাজত দৃশ্যমানতা ২৫ মিটাৰতকৈও কম হয় । অমৃতসৰত ই ০ মিটাৰত উপনীত হয়।
এনে পৰিস্থিতিত দিল্লীত  প্ৰদূষণো ব্যাপক হৈ পৰিছে। দিল্লীৰ আনন্দ বিহাৰৰ প্ৰদূষণৰ স্তৰ আজি হৈছে  ৪৪১। আনহাতে লোধি ৰোডত ৩২৭ হৈছে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সেয়া  ৩৬৮।

স্বাভাৱিকতে, এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয় এনে  পৰিস্থিতিৰ পৰা দিল্লীবাসীয়ে  কেতিয়া সকাহ পাব?  বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ৰ মতে অহা সপ্তাহত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব । যোৱা কেইবছৰমানৰ পৰা দিল্লীকে ধৰি উত্তৰৰ ৰাজ্যসমূহত প্ৰদূষণ সমগ্ৰ দেশৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। বহু ৰাজ্যত গ্ৰীষ্মকালতো কুঁৱলী দেখা গৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক