--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে  ডেৰাডুনত ৷ এটা নাহৰফুটুকী বাঘে চোতালত খেলি থকা এটি চাৰি বছৰীয়া শিশুক  টানি নিয়াৰ বহু সময় পিছত শিশুটিৰ মৃতদেহ  অৰণ্যত উদ্ধাৰ হৈছে৷ উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলৰ উপৰি এতিয়া আৱাসিক অঞ্চলসমূহতো বাঘৰ সন্ত্ৰাস বৃদ্ধি পাইছে। 


 ডেৰাডুনৰ ওচৰৰ এখন গাঁৱত ভাগে  মঙলবাৰে  ঘৰৰ চোতালত খেলি  থকা এটা  শিশুক টানি  লৈ গৈছিল। লগে লগে শিশুটিক বিচাৰি পৰিয়ালৰ লোকে চলাথ কৰিছিল৷ খবৰ দিয়া হৈছিল বন বিভাগকো৷ বন বিভাগৰ লোকে আহি ঘৰৰ কাষৰীয়া অৰণ্যত ওৰে নিশা শিশুটিৰ সন্ধান কৰে যদিও আজি শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷ 

চিন্তিত পৰিয়ালটোৱে এছএছপি অজয় সিঙক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে চাৰি বছৰীয়া ল’ৰাটিক  বন বিভাগৰ সহযোগত বিচাৰি আছিল৷ অৱশেষত  বুধবাৰে  অৰণ্যৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

 বাঘৰ আক্ৰমণত এনেদৰে  শিশুটিৰ মৃত্যু ঘটাত সমগ্ৰ এলেকাটোতে  শোকৰ  ছাঁ পৰিছে৷ উল্লেখ্য  উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত বাঘে বহু লোকক আক্ৰমণ কৰিছে৷ কিন্তু এনেদৰে ঘৰৰ পৰাই শিশুক টানি নিয়াৰ ঘটনা খুব কমেইহে ঘটিছে৷  বাঘে এতিয়া জনবসতি প্ৰধান এলেকাতো প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক