--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে  ডেৰাডুনত ৷ এটা নাহৰফুটুকী বাঘে চোতালত খেলি থকা এটি চাৰি বছৰীয়া শিশুক  টানি নিয়াৰ বহু সময় পিছত শিশুটিৰ মৃতদেহ  অৰণ্যত উদ্ধাৰ হৈছে৷ উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলৰ উপৰি এতিয়া আৱাসিক অঞ্চলসমূহতো বাঘৰ সন্ত্ৰাস বৃদ্ধি পাইছে। 


 ডেৰাডুনৰ ওচৰৰ এখন গাঁৱত ভাগে  মঙলবাৰে  ঘৰৰ চোতালত খেলি  থকা এটা  শিশুক টানি  লৈ গৈছিল। লগে লগে শিশুটিক বিচাৰি পৰিয়ালৰ লোকে চলাথ কৰিছিল৷ খবৰ দিয়া হৈছিল বন বিভাগকো৷ বন বিভাগৰ লোকে আহি ঘৰৰ কাষৰীয়া অৰণ্যত ওৰে নিশা শিশুটিৰ সন্ধান কৰে যদিও আজি শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷ 

চিন্তিত পৰিয়ালটোৱে এছএছপি অজয় সিঙক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে চাৰি বছৰীয়া ল’ৰাটিক  বন বিভাগৰ সহযোগত বিচাৰি আছিল৷ অৱশেষত  বুধবাৰে  অৰণ্যৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

 বাঘৰ আক্ৰমণত এনেদৰে  শিশুটিৰ মৃত্যু ঘটাত সমগ্ৰ এলেকাটোতে  শোকৰ  ছাঁ পৰিছে৷ উল্লেখ্য  উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলত বাঘে বহু লোকক আক্ৰমণ কৰিছে৷ কিন্তু এনেদৰে ঘৰৰ পৰাই শিশুক টানি নিয়াৰ ঘটনা খুব কমেইহে ঘটিছে৷  বাঘে এতিয়া জনবসতি প্ৰধান এলেকাতো প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক