--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি যিমানেই সংকট আৰু সংশয় নামি আহিছে, সিমানেই দেশৰ উদিত শক্তিয়ে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক ৰক্ষা কৰিবলৈ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে৷ এইবাৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্টৰৰ ১৮৩ গৰাকী শিক্ষাৰ্থী, কৰ্মচাৰী আৰু শিক্ষক সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে৷ য’ত তেওঁলোকে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি লিখিছে, ঘৃণাপূৰ্ণ কণ্ঠস্বৰৰ ওপৰত আপোনাৰ নীৰৱতাই ৰাষ্ট্ৰৰ একতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে৷ আহমেদাবাদ আৰু বাংগালোৰৰ আইআইএমৰ ১৮৩গৰাকী শিক্ষাৰ্থী, কৰ্মচাৰী আৰু শিক্ষকসদস্যই প্ৰধানমন্ত্ৰী মোদীক আজি সমগ্ৰ ভাৰতত প্ৰতিধ্বনিত হোৱা হিংসাত্মক ঘটনাৰ বহুতো ‘ঘৃণাপূৰ্ণ'’ আহ্বানৰ ওপৰত নীৰৱতা ভংগ কৰিবলৈ আহ্বান জনাইছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা পত্ৰখনত আহমেদাবাদ (আইআইএম-এ) আৰু বাংগালোৰৰ (আইআইএম-বি) আইআইএমৰ ১৬ গৰাকী অনুষদ সদস্যসহ ১৮৩ গৰাকী স্বাক্ষৰকাৰী আছিল৷ পত্ৰখনত লিখা হৈছে এনেদৰে, মাননীয় প্ৰধানমন্ত্ৰী, আমাৰ দেশৰ বহুসাংস্কৃতিক গাঁথনিক মূল্য দিয়া আমাৰ সকলোৰে বাবে হতাশাজনক। মাননীয় প্ৰধানমন্ত্ৰী, আপোনাৰ নীৰৱতাই ঘৃণাপূৰ্ণ কণ্ঠস্বৰক উৎসাহিত কৰে আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰে৷ ‘আমাক বিভাজন কৰিব বিচৰা শক্তি’ৰ পৰা দেশক আঁতৰাই নিবলৈ আহ্বান জনাই পত্ৰখনত উল্লেখ কৰা হৈছে যে ভাৰতীয় সংবিধানে প্ৰতিজন নাগৰিকক ভয় আৰু লাজ অবিহনে যিকোনো ধৰ্ম পালন কৰাৰ অধিকাৰ প্ৰদান কৰে।

তেওঁলোকে লগতে লিখিছে, আমাৰ দেশত এতিয়া এক ভয়ৰ ভাব আছে, শেহতীয়া দিনবোৰত গীৰ্জাকে ধৰি উপাসনাস্থলীসমূহ ভাঙি চূৰমাৰ কৰা হৈছে, আৰু আমাৰ মুছলমান ভাই-ভনীসকলৰ বিৰুদ্ধে অস্ত্ৰ লোৱাৰ আহ্বান জনোৱা হৈছে। এই সকলোবোৰ দায়মুক্তভাৱে আৰু উপযুক্ত প্ৰক্ৰিয়াৰ কোনো ভয় নোহোৱাকৈ সম্পন্ন কৰা হয় বুলি পত্ৰখনত কোৱা হৈছে। পত্ৰযোগে তেওঁলোকে কয়, আমি বিশ্বাস কৰোঁ যে এখন সমাজে সৃষ্টিশীলতা, উদ্ভাৱন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব পাৰে, বা সমাজে নিজৰ ভিতৰত বিভাজন সৃষ্টি কৰিব পাৰে। আমি এনে এখন ভাৰত গঢ়ি তুলিব বিচাৰো যি বিশ্বত সামগ্ৰিকতা আৰু বৈচিত্ৰ্যৰ এক অনুকৰণ হিচাপে থিয় হৈ আছে। পত্ৰত স্বাক্ষৰকাৰীসকলে লিখিছে, আপোনাক আৰু আমাৰ নিৰ্বাচিত সদস্যসকলক আমাৰ মহান ৰাষ্ট্ৰক সংজ্ঞায়িত কৰা সহিষ্ণুতা আৰু বৈচিত্ৰ্যৰ সংস্কৃতি সংৰক্ষণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধৰ্ম, জাতিৰ পৰিচয়ৰ ওপৰত আধাৰিত সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ আৰু হিংসাৰ আহ্বান গ্ৰহণযোগ্য নহয় বুলি প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত তেওঁলোকে উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ