--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে৷ আজি ফেচবুকযোগে বিধায়কগৰাকীয়ে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ইচ্ছাকৃত ভুলৰ বাবেই ভোটাৰ তালিকাযোগে হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ ঘোষণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

ধিং সমষ্টিৰ বিধায়কগৰাকীৰ অফিচিয়েল ফেচবুক পেজত লিখা কথাখিনিৰ অসম্পাদিত ৰূপ এনেধৰণৰ-
‘‘মানুহজনৰ নাম আঃ জলিল।
ভোটাৰ তালিকাত পিতৃৰ নাম আহিছে India Assam.
ভুলটো কাৰ?
দুদিন পিছত এই লোকজনক সন্দেহজনক নাগৰিক বুলি ভোটাৰ তালিকাত তেওঁৰ নামত ডি লগাই দি বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু কৰা হ'ব আৰু পিতৃৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নথি দাখিল কৰিব নোৱাৰাৰ অজুহাতত ন্যায়াধীকৰণে তেওঁক বিদেশী ঘোষণা কৰিব। ফলস্বৰূপে তেওঁৰ পৰৱৰ্তী ঠিকনা হ'ব ডিটেনশ্বন কেম্প।
আজিৰ দিনতো চৰকাৰী বিষয়া কৰ্মচাৰী সকলে কৰা এনে ইচ্ছাকৃত ভুলৰ পৰিণতি ভূগি আছে হাজাৰ হাজাৰ বৈধ ভাৰতীয় নাগৰিকে।
১৯৮৩ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাত নগাঁও জিলাৰ হাজাৰ হাজাৰ লোকৰ পিতৃৰ নামত কুকুৰ, মেকুৰী, শিয়াল, নেউল আদি লিখি প্ৰকাশ কৰিছিল।”


আমিনুল ইছলামে ফেচবুক পোষ্টটোত এখন ভোটাৰ তালিকাৰ এটা অংশ আপলোড কৰিছে৷ য’ত GBC0014546 নম্বৰৰ 829 ক্ৰমিকৰ এগৰাকী ভোটাৰৰ নাম আঃ জলিলৰ পিতাৰ নাম India Assam বুলি উল্লেখ আছে৷
আমিনুল ইছলামে লগতে অভিযোগ কৰিছে যে, ১৯৮৩ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাতো নগাঁও জিলাৰ হাজাৰ হাজৰ লোকৰ পিতৃৰ নামত কুকুৰ, মেকুৰী, শিয়াল, নেউল আদি লিখি প্ৰকাশ কৰিছিল৷ আমিনুল ইছলামৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ এই বিসংগতি সম্পৰ্কত এতিয়াও সত্যাসত্য জানিব পৰা হোৱা নাই৷ বিধায়কগৰাকীৰ অভিযোগৰ পাছত এতিয়া ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰে বিষয়টো সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু