--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নিৰ্বাচন আয়োগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে৷ আজি ফেচবুকযোগে বিধায়কগৰাকীয়ে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ইচ্ছাকৃত ভুলৰ বাবেই ভোটাৰ তালিকাযোগে হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকক বিদেশী ন্যায়াধিকৰণে ‘বিদেশী’ ঘোষণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

ধিং সমষ্টিৰ বিধায়কগৰাকীৰ অফিচিয়েল ফেচবুক পেজত লিখা কথাখিনিৰ অসম্পাদিত ৰূপ এনেধৰণৰ-
‘‘মানুহজনৰ নাম আঃ জলিল।
ভোটাৰ তালিকাত পিতৃৰ নাম আহিছে India Assam.
ভুলটো কাৰ?
দুদিন পিছত এই লোকজনক সন্দেহজনক নাগৰিক বুলি ভোটাৰ তালিকাত তেওঁৰ নামত ডি লগাই দি বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু কৰা হ'ব আৰু পিতৃৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা নথি দাখিল কৰিব নোৱাৰাৰ অজুহাতত ন্যায়াধীকৰণে তেওঁক বিদেশী ঘোষণা কৰিব। ফলস্বৰূপে তেওঁৰ পৰৱৰ্তী ঠিকনা হ'ব ডিটেনশ্বন কেম্প।
আজিৰ দিনতো চৰকাৰী বিষয়া কৰ্মচাৰী সকলে কৰা এনে ইচ্ছাকৃত ভুলৰ পৰিণতি ভূগি আছে হাজাৰ হাজাৰ বৈধ ভাৰতীয় নাগৰিকে।
১৯৮৩ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাত নগাঁও জিলাৰ হাজাৰ হাজাৰ লোকৰ পিতৃৰ নামত কুকুৰ, মেকুৰী, শিয়াল, নেউল আদি লিখি প্ৰকাশ কৰিছিল।”


আমিনুল ইছলামে ফেচবুক পোষ্টটোত এখন ভোটাৰ তালিকাৰ এটা অংশ আপলোড কৰিছে৷ য’ত GBC0014546 নম্বৰৰ 829 ক্ৰমিকৰ এগৰাকী ভোটাৰৰ নাম আঃ জলিলৰ পিতাৰ নাম India Assam বুলি উল্লেখ আছে৷
আমিনুল ইছলামে লগতে অভিযোগ কৰিছে যে, ১৯৮৩ চনৰ সাধাৰণ নিৰ্বাচনৰ ভোটাৰ তালিকাতো নগাঁও জিলাৰ হাজাৰ হাজৰ লোকৰ পিতৃৰ নামত কুকুৰ, মেকুৰী, শিয়াল, নেউল আদি লিখি প্ৰকাশ কৰিছিল৷ আমিনুল ইছলামৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা ভোটাৰ তালিকাৰ এই বিসংগতি সম্পৰ্কত এতিয়াও সত্যাসত্য জানিব পৰা হোৱা নাই৷ বিধায়কগৰাকীৰ অভিযোগৰ পাছত এতিয়া ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰে বিষয়টো সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ