--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে কয় যে যিকোনো ধৰণৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব। ঘৃণামূলক ভাষণৰ বিষয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ছুপ্ৰীম কোৰ্টে এই মন্তব্য কৰিছে। ইতিমধ্যে ঘৃণামূলক ভাষণ ৰোধৰ ব্যৱস্থা স্থাপনৰ বাবে ফেব্ৰুৱাৰী মাহত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়।

ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে আমি সমগ্ৰ দেশতে ঘৃণামূলক ভাষণৰ সমস্যাটো নিৰীক্ষণ কৰিব নোৱাৰো। ভাৰতৰ দৰে ডাঙৰ দেশত সমস্যা নিশ্চয় হ’ব, কিন্তু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ প্ৰশাসনিক ব্যৱস্থা আছে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে৷

উল্লেখ্য যে, ২০১৮ চনত তেহছিন পুনাৱালা গোচৰত উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছিল আৰু ঘৃণাজনিত অপৰাধ ৰোধ কৰিবলৈ নিৰ্দেশ দিছিল আনকি অপৰাধ পঞ্জীয়নৰ বাবে দায়বদ্ধ এজন ন’ডেল বিষয়াকো নিযুক্তি প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ ৰক্ষাৰ গুৰুত্বৰ ওপৰত প্ৰাধান্যতা আৰোপ কৰি আদালতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী অধীক্ষকক যিকোনো ধৰ্মৰ লোকৰ ঘৃণামূলক ভাষণৰ বিৰুদ্ধে চুঅ’ ম’ট’ গোচৰ পঞ্জীয়ন কৰিবলৈ কৈছিল আৰু নিৰ্দেশনা মানি নচলিলে অৱজ্ঞাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সতৰ্কবাণী দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে উলংঘাৰ ব্যক্তিগত গোচৰৰ ক্ষেত্ৰতো মোকাবিলা নকৰে বুলিও কয়। আদালতে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ উদ্দেশ্য হৈছে ঘৃণামূলক ভাষণৰ গোচৰৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃগাঁথনি বা ব্যৱস্থা সৃষ্টি কৰা। আদালতে কয় যে ব্যক্তিগত গোচৰৰ সিদ্ধান্ত বিচাৰ ক্ষমতা থকা আদালতে ল’ব লাগিব।এই মন্তব্যৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে ঘৃণামূলক ভাষণৰ বিষয়ত ১৭খন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক