--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান’ (প্ৰধানমন্ত্ৰী জনমান)ক মুঠ ২৪,১০৪ কোটি টকা (কেন্দ্ৰীয় অংশ: ১৫,৩৩৬ কোটি টকা আৰু ৰাজ্যিক অংশঃ ৮,৭৬৮ কোটি টকা) ৯ টা মন্ত্ৰালয়ৰ জৰিয়তে ১১টা গুৰুত্বপূৰ্ণ হস্তক্ষেপত গুৰুত্ব আৰোপ কৰিবলৈ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰীয়ে খুণ্টিৰ পৰা ‘জনজতীয় গৌৰৱ দিৱস’ত এই অভিযানৰ কথা ঘোষণা কৰিছিল।

২০২৩-২৪ বৰ্ষৰ বাজেট ভাষণত ঘোষণা কৰা অনুসৰি, "বিশেষকৈ দুৰ্বল জনজাতীয় গোটসমূহ (পিভিটিজি)ৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত কৰাৰ বাবে উন্নয়ন মিছনৰ ‘প্ৰধানমন্ত্ৰী পিভিটিজি’ আৰম্ভ কৰা হ'ব। ই ‘পিভিটিজি’ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, পথ আৰু টেলিকম সংযোগ, আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ দৰে মৌলিক সা-সুবিধাৰ সৈতে সংপৃক্ত কৰিব। অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য পৰিকল্পনা(ডিএপিএছটি)ৰ অধীনত অহা তিনি বছৰত অভিয়ান কাৰ্যকৰী কৰিবলৈ ১৫,০০০ কোটি টকা উপলব্ধ কৰা হ'ব।"

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনজাতীয় জনসংখ্যা ১০.৪৫ কোটি, যাৰ ভিতৰত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা ৭৫টা সম্প্ৰদায়ক ‘বিশেষভাৱে অসুৰক্ষিত জনজাতীয় গোট’ (পিভিটিজি) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। এই ‘পিভিটিজি’সমূহে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত দুৰ্বলতাৰ সন্মুখীন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা