--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান’ (প্ৰধানমন্ত্ৰী জনমান)ক মুঠ ২৪,১০৪ কোটি টকা (কেন্দ্ৰীয় অংশ: ১৫,৩৩৬ কোটি টকা আৰু ৰাজ্যিক অংশঃ ৮,৭৬৮ কোটি টকা) ৯ টা মন্ত্ৰালয়ৰ জৰিয়তে ১১টা গুৰুত্বপূৰ্ণ হস্তক্ষেপত গুৰুত্ব আৰোপ কৰিবলৈ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰীয়ে খুণ্টিৰ পৰা ‘জনজতীয় গৌৰৱ দিৱস’ত এই অভিযানৰ কথা ঘোষণা কৰিছিল।

২০২৩-২৪ বৰ্ষৰ বাজেট ভাষণত ঘোষণা কৰা অনুসৰি, "বিশেষকৈ দুৰ্বল জনজাতীয় গোটসমূহ (পিভিটিজি)ৰ আৰ্থ-সামাজিক পৰিস্থিতি উন্নত কৰাৰ বাবে উন্নয়ন মিছনৰ ‘প্ৰধানমন্ত্ৰী পিভিটিজি’ আৰম্ভ কৰা হ'ব। ই ‘পিভিটিজি’ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত আৱাস, বিশুদ্ধ খোৱা পানী আৰু অনাময়, শিক্ষা, স্বাস্থ্য আৰু পুষ্টি, পথ আৰু টেলিকম সংযোগ, আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ দৰে মৌলিক সা-সুবিধাৰ সৈতে সংপৃক্ত কৰিব। অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য পৰিকল্পনা(ডিএপিএছটি)ৰ অধীনত অহা তিনি বছৰত অভিয়ান কাৰ্যকৰী কৰিবলৈ ১৫,০০০ কোটি টকা উপলব্ধ কৰা হ'ব।"

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনজাতীয় জনসংখ্যা ১০.৪৫ কোটি, যাৰ ভিতৰত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বসবাস কৰা ৭৫টা সম্প্ৰদায়ক ‘বিশেষভাৱে অসুৰক্ষিত জনজাতীয় গোট’ (পিভিটিজি) হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। এই ‘পিভিটিজি’সমূহে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত দুৰ্বলতাৰ সন্মুখীন হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক