--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ঘৰত সকলোৱেই কিবা নহয় কিবা গছ ৰোপন কৰেই। কিন্তু গছ ৰোপনৰ দিশ তথা স্থান সদায় সঠিক হ’ব লাগে। নহ’লে ভাল ফলৰ সলনি কেতিয়াবা বেয়াহে হ’ব পাৰে। দৰাচলতে গছে বায়ু মণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি বায়ুমণ্ডলত মানৱ জীৱনৰ আধাৰ অক্সিজেন এৰি দি আহিছে। গছে সদায় প্ৰদূষণ ৰোধ কৰি মানুহক সুস্বাস্থ্য প্ৰদান কৰিছে। কেৱল সেয়াই নহয়, গছে মানুহক সূৰ্যৰ উত্তাপৰ পৰা ৰক্ষা কৰাৰ লগতে নানান প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা কৰি আহিছে।

গছে সদায় পৰিৱেশ শীতল কৰি ৰাখে। সেইবাবেই মানৱ জীৱনত গছৰ ভূমিকা অতি বেছি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সেয়ে ঘৰৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰৰ চৌপাশে গছ ৰোপণ কৰিব লাগে বুলিয়েই যিকোনো দিশত যিকোনো গছ ৰোপণ কৰিলে তাৰ শুভ ফল লাভ নহ'বও পাৰে। গছ ৰোপণৰ ক্ষেত্ৰত যদি সঠিক দিশ নির্বাচন শুভৰ পৰিৱৰ্তে অশুভ ফলহে লাভ হ'ব। সেইবাবে গছ ৰোপণৰ সময়ত বাস্তুবিধি মানি চলাটো উচিত। 

বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিম দিশে বট  গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি  গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে। 

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে। 

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

 অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে। এনেদৰে গছ ৰোপন কৰিলে শুভফল লাভ হ’ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান