--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দশকৰো অধিক সময়ৰ এটা সম্পৰ্ক বিগত এটা বছৰত ছিন্নভিন্ন হৈ পৰিছে। ২০২২ চনৰ মাজভাগলৈকে স্পেনিছ পপ তাৰকা ছাকিৰা আৰু ফুটবল তাৰকা জেৰাৰ্ড পিকেৰ মাজত থকা সম্পৰ্কৰ ইতিমধ্যে বিচ্ছেদৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে প্ৰেমৰ সম্পৰ্কত থকাৰ পিছতো আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হৈছিল পি কে। সেই বিচ্ছিন্নতাৰ খবৰ পোহৰলৈ অহাৰ পিছতেই আৰম্ভ হৈছিল বিপদ। এই খবৰ বিয়পি পৰাৰ পিছতে ছ’চিয়েল মিডিয়াত স্পেনিছ দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰে। 

অৱশ্যে ছাকিৰা আৰু পিকেৰ বিচ্ছেদ একেবাৰেই সৌহাৰ্দ্যপূৰ্ণ নহয়৷বৰঞ্চ গ্ৰেমী বিজয়ী লেটিন তাৰকাগৰাকীক ১১ বছৰীয়া সম্পৰ্কৰ পিছত প্ৰেমিকে প্ৰতাৰণা কৰি ধৰা পৰাৰ পিছত ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল৷ আনকি প্ৰেমিকৰ প্ৰতাৰণাক লৈও লিখিছে ছাকিৰাই। ব্ৰেকআপৰ প্ৰায় এবছৰৰ পিছত শ্বাকিৰা আৰু পিকেৰ মাজত বিচ্ছেদ ঘটিছিল যুক্তিযুক্ত কাৰণত। এইবাৰ বিচ্ছেদ সম্পৰ্কে আন এক তথ্য পোহৰলৈ আহিল। খৱৰ অনুসৰি, পিকেৰ এই অতিৰিক্ত সম্পৰ্কৰ কথা মাকে জানিছিল। তাৰ পিছতো তেওঁ সেই খবৰটো ছাকিৰাৰ পৰা লুকুৱাই ৰাখিছিল। এই কথা গম পোৱাৰ পিছতে পিকেৰ মাকৰ লগত ছাকিৰাৰ কাজিয়া হৈছিল বুলি জানিব পৰা গৈছে৷

স্পেনিছ তাৰকা ছাকিৰা ২০১১ চনৰ পৰাই ফুটবল তাৰকা জেৰাৰ্ড পিকেৰ প্ৰেমত পৰিছে। সম্পৰ্কত অহাৰ পিছৰে পৰা এই যুটিটোৱে একেলগে বাস কৰি আহিছে। ছাকিৰা আৰু পিকেৰ পৰিয়ালত দুটা সন্তানো আছে। ২০২২ চনৰ মাজভাগলৈকে পি কে আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ খবৰ আহিছিল। ঘৰত আচাৰৰ খালী বটলটো দেখি ছাকিৰাৰ সন্দেহ জন্মিছিল। তেতিয়াই শ্বাকিৰাই গম পায় যে পি কে ক্লাৰা চিয়া নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছে।

ক্লাৰাৰ সৈতে প্ৰেমৰ প্ৰথম দিনতো পি কে প্ৰেমিকাৰ সৈতে পিতৃ-মাতৃৰ ঘৰত আছিল। ইফালে পিকেৰ লগত বিচ্ছেদ ঘটাই চকুলো টুকিছে ছাকিৰাই। পপ ষ্টাৰগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ মাকে সেই কথা জানিছিল। তাৰ পিছতো এই খবৰটো দমন কৰি ৰাখিলে বেমালুমে। এইকথাই ছাকিৰাক মানসিকভাৱে অধিক আমনি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু