--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দশকৰো অধিক সময়ৰ এটা সম্পৰ্ক বিগত এটা বছৰত ছিন্নভিন্ন হৈ পৰিছে। ২০২২ চনৰ মাজভাগলৈকে স্পেনিছ পপ তাৰকা ছাকিৰা আৰু ফুটবল তাৰকা জেৰাৰ্ড পিকেৰ মাজত থকা সম্পৰ্কৰ ইতিমধ্যে বিচ্ছেদৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে প্ৰেমৰ সম্পৰ্কত থকাৰ পিছতো আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হৈছিল পি কে। সেই বিচ্ছিন্নতাৰ খবৰ পোহৰলৈ অহাৰ পিছতেই আৰম্ভ হৈছিল বিপদ। এই খবৰ বিয়পি পৰাৰ পিছতে ছ’চিয়েল মিডিয়াত স্পেনিছ দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰে। 

অৱশ্যে ছাকিৰা আৰু পিকেৰ বিচ্ছেদ একেবাৰেই সৌহাৰ্দ্যপূৰ্ণ নহয়৷বৰঞ্চ গ্ৰেমী বিজয়ী লেটিন তাৰকাগৰাকীক ১১ বছৰীয়া সম্পৰ্কৰ পিছত প্ৰেমিকে প্ৰতাৰণা কৰি ধৰা পৰাৰ পিছত ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল৷ আনকি প্ৰেমিকৰ প্ৰতাৰণাক লৈও লিখিছে ছাকিৰাই। ব্ৰেকআপৰ প্ৰায় এবছৰৰ পিছত শ্বাকিৰা আৰু পিকেৰ মাজত বিচ্ছেদ ঘটিছিল যুক্তিযুক্ত কাৰণত। এইবাৰ বিচ্ছেদ সম্পৰ্কে আন এক তথ্য পোহৰলৈ আহিল। খৱৰ অনুসৰি, পিকেৰ এই অতিৰিক্ত সম্পৰ্কৰ কথা মাকে জানিছিল। তাৰ পিছতো তেওঁ সেই খবৰটো ছাকিৰাৰ পৰা লুকুৱাই ৰাখিছিল। এই কথা গম পোৱাৰ পিছতে পিকেৰ মাকৰ লগত ছাকিৰাৰ কাজিয়া হৈছিল বুলি জানিব পৰা গৈছে৷

স্পেনিছ তাৰকা ছাকিৰা ২০১১ চনৰ পৰাই ফুটবল তাৰকা জেৰাৰ্ড পিকেৰ প্ৰেমত পৰিছে। সম্পৰ্কত অহাৰ পিছৰে পৰা এই যুটিটোৱে একেলগে বাস কৰি আহিছে। ছাকিৰা আৰু পিকেৰ পৰিয়ালত দুটা সন্তানো আছে। ২০২২ চনৰ মাজভাগলৈকে পি কে আন এগৰাকী মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ খবৰ আহিছিল। ঘৰত আচাৰৰ খালী বটলটো দেখি ছাকিৰাৰ সন্দেহ জন্মিছিল। তেতিয়াই শ্বাকিৰাই গম পায় যে পি কে ক্লাৰা চিয়া নামৰ এগৰাকী মহিলাৰ প্ৰেমত পৰিছে।

ক্লাৰাৰ সৈতে প্ৰেমৰ প্ৰথম দিনতো পি কে প্ৰেমিকাৰ সৈতে পিতৃ-মাতৃৰ ঘৰত আছিল। ইফালে পিকেৰ লগত বিচ্ছেদ ঘটাই চকুলো টুকিছে ছাকিৰাই। পপ ষ্টাৰগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ মাকে সেই কথা জানিছিল। তাৰ পিছতো এই খবৰটো দমন কৰি ৰাখিলে বেমালুমে। এইকথাই ছাকিৰাক মানসিকভাৱে অধিক আমনি দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ