--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় চাৰি হাজাৰ বছৰ পুৰণি ফেংছুইয়ে লাফিং বুদ্ধ অর্থাৎ হাস্যৰত বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰখাটো অতি শুভ ফলদায়ক বুলি কৈ আহিছে। লাফিং বুদ্ধ হৈছে চীনা লোকসকলৰ বিশ্বাস অনুসৰি  ধনপ্রাপ্তিৰ দেৱতা। সেইবাবে চীনা লোকসকলে তেওঁলোকৰ ঘৰত সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক লাফিং বুদ্ধৰ প্ৰতিকৃতি ৰাখি আহিছে। 

সকলো লোকেই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিব লাগে । লাফিং বুদ্ধৰ প্ৰতিকৃতি ঘৰত ৰাখিলেও সেই প্রতিকৃতিত কোনো ধৰণৰ পূজা-অৰ্চনা কৰিব নালাগে। ঘৰৰ এক নিৰ্দিষ্ট স্থানত সেই প্ৰতিকৃতি স্থাপন কৰিব লাগে ৷ ঘৰৰ কেনে স্থানত প্রতিকৃতি স্থাপন কৰা হৈছে তাৰ ওপৰতে নিৰ্ভৰ কৰিয়ে লাফিং বুদ্ধৰ মূর্তিয়ে সৃষ্টি কৰা শুভ ফল নিৰ্ভৰ কৰে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শোৱনি কোঠা বা ৰান্ধনীশালত ৰাখিব নালাগে। 

লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শ্ব’কেচৰ ভিতৰত আন সজোৱা সামগ্ৰীৰ সৈতে সজাই ৰাখিব নালাগে। এনেদৰে সজাই ৰখা লাফিং বুদ্ধৰ মূৰ্তিয়ে কোনো শুভ ফল প্ৰদান নকৰে। লাফিং বুদ্ধৰ মূৰ্তি সদায় ঘৰৰ প্রধান দৰ্জাৰ পিনে মুখ কৰি মাটিৰ পৰা কমেও ৩০ ইঞ্চি ওপৰত স্থাপন কৰিব লাগে। শুভ শক্তি সদায় ঘৰৰ প্ৰধান দুবাৰেৰে প্রৱেশ কৰে। 

শুভ শক্তিয়ে ঘৰৰ প্ৰধান দুৱাৰেৰে প্ৰৱেশ কৰাৰ সময়ত লাফিং বুদ্ধই সেই শুভ শক্তিক আদৰণি জনায়। সেইবাবে ঘৰৰ প্রধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে। যদি ঘৰৰ প্ৰধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ সুবিধা নাথাকে তেন্তে প্রধান দুৱাৰৰ ওচৰে পাঁজবে কোণাকোণিকে কোনো সৰু টেবুলৰ ওপৰত লাফিং বুদ্ধৰ মূর্তি স্থাপন কৰিব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ