--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ৰুবী আছিফ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ৰুবী আছিফ খানে নিজ ঘৰত নৱৰাত্ৰি উপলক্ষে মা দুৰ্গাৰ মূৰ্তি স্থাপন কৰাৰ বাবে তেওঁক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি দিয়া হৈছে। তেওঁৰ ঘৰ আৰু ৰাস্তাৰ দেৱালত কাফিৰ বুলি আঁৰি দিয়া হৈছে মৃত্যু ভাবুকিৰে ভৰা পোষ্টাৰ। পূজা-অৰ্চনাৰ বাবে তেওঁ ইয়াৰ পূৰ্বেও ভাবুকি পাইছিল। এই সন্দৰ্ভত ৰুবীয়ে থানা ৰোৰাভাৰত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে।

উত্তৰ প্ৰদেশৰ আলীগড়ৰ শ্বাহজামালৰ মাবুদ নগৰৰ বাসিন্দা ৰুবী আছিফ খান জয়গাঞ্জ মণ্ডলৰ বিজেপি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী আৰু মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ জিলা সমন্বয়ক। মুছলমান উৎসৱৰ লগতে প্ৰায় পাঁচ বছৰ ধৰি তেওঁ হিন্দু উৎসৱ পালন কৰি আহিছে। ৰুবীয়ে কয় যে দুয়োটা ধৰ্মৰ মাজত ভাতৃত্ববোধৰ প্ৰসাৰৰ বাবে তেওঁ এই কাম কৰে।

যোৱা ৰামনৱমীতো তেওঁ আন মুছলমান মহিলাৰ সৈতে ঘৰত ভগৱান ৰামৰ ছবি সজাই আৰতি কৰিছিল। কিছুদিন পূৰ্বে গণেশ চতুৰ্থীৰ দিনাও ঘৰত গণেশ জীৰ প্ৰতিমা স্থাপন কৰি গংগা ঘাটলৈ গৈ ৰীতি-নীতিৰে বিসৰ্জন দি ধৰ্মান্ধ মৌলানাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। 

এইবাৰ নৱৰাত্ৰীত ৰুবীয়ে নিজৰ ঘৰত মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰিলে। নৱৰাত্ৰি উপলক্ষে তেওঁ ব্ৰতো পালন কৰিছে। ৯ দিন ব্ৰত ৰাখি তেওঁ সুখ,শান্তি,  আৰু সমৃদ্ধিৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাব।

ইয়াৰ বাবেই তেওঁ লাভ কৰিছে ধৰ্মান্ধ মুছলমানৰ পৰা মৃত্যুৰ ভাবুকি। ৰুবী খানক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে।

প্ৰশাসনে তেওঁৰ ঘৰৰ বাহিৰত এজন নিৰাপত্তাৰক্ষীক কৰ্তব্যৰত ৰাখিছে। ভাবুকি দিয়া পোষ্টাৰবোৰো আঁতৰাই পেলোৱা হৈছে।
পোষ্টাৰত লিখা আছে কাফিৰ হৈ পৰিছে ৰুবী আছিফ খান। ৰুবীয়ে পূজা কৰে, ভজন কৰে, বন্দে মাতৰম কয়। তেওঁক ইছলামৰ পৰা নাকচ কৰক। জীৱিত অৱস্থাত জ্বলাই দিয়ক পৰিয়ালটোক। আমি প্ৰকৃত মুছলমান জামাত উল ইছলাম। নাৰে তাকবীৰ আল্লাহো আকবৰ।

যিসকলে পোষ্টাৰ লগাইছিল তেওঁলোকৰ সন্ধানত নামি পৰিছে আৰক্ষী। ৰুবীয়ে কয় যে দেৱ-দেৱীৰ প্ৰতি থকা তেওঁৰ প্ৰেম একাংশ মুছলমান মৌলবাদীৰ বাবে কেতিয়াও কমি নাযায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক