--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ৰুবী আছিফ খানে লাভ কৰিছে মৃত্যুৰ ভাবুকি। ৰুবী আছিফ খানে নিজ ঘৰত নৱৰাত্ৰি উপলক্ষে মা দুৰ্গাৰ মূৰ্তি স্থাপন কৰাৰ বাবে তেওঁক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি দিয়া হৈছে। তেওঁৰ ঘৰ আৰু ৰাস্তাৰ দেৱালত কাফিৰ বুলি আঁৰি দিয়া হৈছে মৃত্যু ভাবুকিৰে ভৰা পোষ্টাৰ। পূজা-অৰ্চনাৰ বাবে তেওঁ ইয়াৰ পূৰ্বেও ভাবুকি পাইছিল। এই সন্দৰ্ভত ৰুবীয়ে থানা ৰোৰাভাৰত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিছে।

উত্তৰ প্ৰদেশৰ আলীগড়ৰ শ্বাহজামালৰ মাবুদ নগৰৰ বাসিন্দা ৰুবী আছিফ খান জয়গাঞ্জ মণ্ডলৰ বিজেপি মহিলা মৰ্চাৰ উপ-সভানেত্ৰী আৰু মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ জিলা সমন্বয়ক। মুছলমান উৎসৱৰ লগতে প্ৰায় পাঁচ বছৰ ধৰি তেওঁ হিন্দু উৎসৱ পালন কৰি আহিছে। ৰুবীয়ে কয় যে দুয়োটা ধৰ্মৰ মাজত ভাতৃত্ববোধৰ প্ৰসাৰৰ বাবে তেওঁ এই কাম কৰে।

যোৱা ৰামনৱমীতো তেওঁ আন মুছলমান মহিলাৰ সৈতে ঘৰত ভগৱান ৰামৰ ছবি সজাই আৰতি কৰিছিল। কিছুদিন পূৰ্বে গণেশ চতুৰ্থীৰ দিনাও ঘৰত গণেশ জীৰ প্ৰতিমা স্থাপন কৰি গংগা ঘাটলৈ গৈ ৰীতি-নীতিৰে বিসৰ্জন দি ধৰ্মান্ধ মৌলানাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। 

এইবাৰ নৱৰাত্ৰীত ৰুবীয়ে নিজৰ ঘৰত মা দুৰ্গাৰ প্ৰতিমা স্থাপন কৰিলে। নৱৰাত্ৰি উপলক্ষে তেওঁ ব্ৰতো পালন কৰিছে। ৯ দিন ব্ৰত ৰাখি তেওঁ সুখ,শান্তি,  আৰু সমৃদ্ধিৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাব।

ইয়াৰ বাবেই তেওঁ লাভ কৰিছে ধৰ্মান্ধ মুছলমানৰ পৰা মৃত্যুৰ ভাবুকি। ৰুবী খানক জীৱন্তে জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে।

প্ৰশাসনে তেওঁৰ ঘৰৰ বাহিৰত এজন নিৰাপত্তাৰক্ষীক কৰ্তব্যৰত ৰাখিছে। ভাবুকি দিয়া পোষ্টাৰবোৰো আঁতৰাই পেলোৱা হৈছে।
পোষ্টাৰত লিখা আছে কাফিৰ হৈ পৰিছে ৰুবী আছিফ খান। ৰুবীয়ে পূজা কৰে, ভজন কৰে, বন্দে মাতৰম কয়। তেওঁক ইছলামৰ পৰা নাকচ কৰক। জীৱিত অৱস্থাত জ্বলাই দিয়ক পৰিয়ালটোক। আমি প্ৰকৃত মুছলমান জামাত উল ইছলাম। নাৰে তাকবীৰ আল্লাহো আকবৰ।

যিসকলে পোষ্টাৰ লগাইছিল তেওঁলোকৰ সন্ধানত নামি পৰিছে আৰক্ষী। ৰুবীয়ে কয় যে দেৱ-দেৱীৰ প্ৰতি থকা তেওঁৰ প্ৰেম একাংশ মুছলমান মৌলবাদীৰ বাবে কেতিয়াও কমি নাযায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু