--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ চৰকাৰে দৰিদ্ৰ আৰু নিম্ন শ্ৰেণীৰ লোকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আছে, তথাপিও বিশ্বত প্ৰতিদিনে ৮৩ কোটি লোক ভোকাতুৰ হৈয়ে নিশা শোৱাপাটীত পৰে। আশ্চৰ্যজনকভাৱে ভোকাতুৰ হৈ থকা জনসংখ্যাৰ অধিকাংশই উন্নত আৰু উন্নয়নশীল দেশৰ। ভাৰতত ভোকাতুৰ হৈ কটোৱা লোকৰ সংখ্যা ১৯ কোটি। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে খাদ্য অপচয়। খাদ্য নষ্ট কৰা বা অপচয় কৰা ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। খাদ্য অপচয় কৰা প্ৰথমখন দেশ চীন।

UNEP অৰ্থাৎ United Nations Environment Program ৰ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় ৬ কোটি ৮৭ লাখ টন খাদ্য অপচয় হয়। প্ৰতি বছৰে বিশ্বজুৰি ২৫০ কোটি টন খাদ্য অপচয় হয়। যদি এবছৰত হোৱা খাদ্য অপচয়ৰ মূল্যায়ন কৰা হয় তেন্তে এই সংখ্যা ৯২০০০ কোটি টকা পৰ্যন্ত হয়। অৰ্থাৎ ভাৰতত ৪০ শতাংশ খাদ্য সামগ্ৰী অপচয় হয়। প্ৰতি বছৰে ২৯ ছেপ্টেম্বৰত খাদ্যৰ নাটনি আৰু আৱৰ্জনা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়।

খাদ্য অপচয়ৰ ওপৰত আচৰিত পৰিসংখ্যা

বিশ্বৰ ১০ শতাংশ মানুহ অৰ্থাৎ প্ৰায় ৮৩ কোটি মানুহ ভোকত থাকে, যিসকলে খাদ্য নাপায়।
বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ২৫০ কোটি টন খাদ্য অপচয় হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতত প্ৰতিদিনে ১৯ কোটি লোকে পেটত ভোক লৈয়ে শুই পৰে।
ভাৰতত ৪০ শতাংশ খাদ্য সামগ্ৰী অপচয় হয়।
ভাৰতত প্ৰতি বছৰে ৯২০০০ কোটি টকাৰ খাদ্য অপচয় হয়।
১১৬খন দেশৰ ভিতৰত হাংগাৰ ইনডেক্স সমীক্ষা ২০২১ত ভাৰতে ১০১ নম্বৰ স্থান লাভ কৰিছে।

ইউএনইপিৰ প্ৰতিবেদন অনুসৰি কৰ’নাকালৰ পূৰ্বে ৯৩ কোটি টনতকৈ অধিক খাদ্য বা ১৭ শতাংশ খাদ্য নষ্ট হৈছিল। ইয়াৰে ৬৩ শতাংশ খাদ্য পৰিয়ালত, ২৩ শতাংশ ৰেষ্টুৰেণ্টত আৰু ১৩ শতাংশ খুচুৰা শৃংখলত নষ্ট হৈছিল।

ইউএনইপিৰ প্ৰতিবেদন অনুসৰি এই তালিকাত প্ৰথম স্থানত আছে চীন, য’ত প্ৰতি বছৰে ৯ কোটি ৬০ লাখ টন খাদ্য অপচয় হয়। একে সময়তে ভাৰতত এবছৰত ৬.৮৭ কোটি টন খাদ্য অপচয় হয়। ইয়াৰ পাছত এবছৰত আমেৰিকাত ১.৯৩ কোটি টন খাদ্য অপচয় হয়। জনমূৰি খাদ্য অপচয়ৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে, য’ত এজন ব্যক্তিয়ে বছৰি ১০২ কিলোগ্ৰাম খাদ্য অপচয় কৰে। একেদৰে ফ্ৰান্সত ৮৫ কেজি, স্পেইনত ৭৭ কেজি আৰু ব্ৰিটেইনত ৭৭ কেজি খাদ্য অপচয় হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত