--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মা লক্ষ্মী বাস কৰা ঘৰত সদায় অপৰিসীম ধন-সম্পত্তি, সুখ-সমৃদ্ধি থাকে। গতিকে সকলোৱে ধন-সম্পত্তিৰ দেৱী মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰত এনে কিছুমান শুভ লক্ষণৰ কথা কোৱা হৈছে, যিবোৰে বুজায় যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন  হ’বলৈ গৈ আছে। অৰ্থাৎ অতি সোনকালে আপুনি বহুত ধন-সম্পত্তি পাব।

এই লক্ষণসমূহ কি জানি লওক

১) ঘৰত ক’লা পৰুৱাৰ জাক দেখাঃ যদি হঠাতে আপোনাৰ ঘৰত বহুত ক’লা পৰুৱা দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে এয়াও আৰ্থিক লাভৰ লক্ষণ। এনে সময়ত পৰুৱাবোৰক আটা আৰু চেনি খাবলৈ দিব। এনে কৰিলে মাতৃ লক্ষ্মীয়ে দয়ালু হৈ বহু ধন-সম্পত্তি দিয়ে।

২) তুলসী হঠাৎ সেউজীয়া হৈ পৰা- ঘৰত ৰোপণ কৰা তুলসী গছজোপা যদি হঠাতে অতি সেউজীয়া হৈ পৰে, তেন্তে ই আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ প্ৰৱেশৰ লক্ষণ। তুলসী লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয় আৰু যি ঘৰত তুলসী গছ সেউজীয়া হয়, তাত বহুত সুখ আৰু সমৃদ্ধি থাকে।

৩) সপোনত বগা হাতী, সাপ আদি দেখা- সপোনত যদি ফেঁচা, বগা হাতী, বগা সাপ, শংখ আদি দেখা পায় তেন্তে ই অতি শুভ। এনে সপোনবোৰে অদূৰ ভৱিষ্যতে বিশাল পৰিমাণৰ টকা পোৱাৰ স্পষ্ট ইংগিত দিয়ে।

৪) ঘৰত চৰাইয়ে বাহ বনোৱা- আপোনাৰ ঘৰত চৰাইয়ে বাহ সাজিলে অতি শুভ। বাস্তুশাস্ত্ৰৰ মতে ঘৰত চৰাইৰ বাহ বনোৱাটো অতি শুভ। এয়া আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ স্পষ্ট চিন।

৫) ৰাতিপুৱাই কাৰোবাক ঝাড়ু দিয়া দেখা- যদি আপুনি পুৱা সোনকালে কোনো গুৰুত্বপূৰ্ণ কামত ওলাই যায় আৰু কোনোবাই ঝাড়ু দিয়া দেখা পায়, তেন্তে সেয়া অতি শুভ। এনেকুৱা হ’লে সেই কামত সফলতা লাভ কৰে। ইয়াৰ লগতে আৰ্থিক লাভো আছে। এয়া লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ এক গুৰুত্বপূৰ্ণ লক্ষণ।

৬) সোঁহাতত খজুৱতি- আপোনাৰ সোঁহাতত যদি অনবৰতে খজুৱতি হৈ থাকে, তেন্তে সোনকালে বহুত টকা পোৱাৰ লক্ষণ। 

৭) শংখৰ শব্দ- পুৱা সাৰ পোৱাৰ লগে লগে যদি শংখৰ শব্দ শুনা যায়, তেন্তে ই আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ আগমনৰ এক অতি শুভ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ