--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ ঘৰটো পৰিষ্কাৰ হৈ থাকক। ঘৰখনত পোক-পৰুৱা, পঁইতাচোৰা আৰু মহ ঘূৰি ফুৰাটো কোনেও নিবিচাৰে। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজি আমি আপোনাক ইয়াৰ সৈতে মোকাবিলা কৰাৰ সহজ উপায়ৰ বিষয়ে ক’ম। এই প্ৰতিকাৰ গ্ৰহণ কৰাৰ পিছত পোক-পৰুৱা আৰু পইতাচোৰাৰ সমস্যাটো শিপাৰ পৰা নিৰ্মূল হ’ব।

ঘৰত পঁইতাচোৰা আৰু মাখি-মহ আঁতৰাবলৈ স্প্ৰে বনাব লাগে। ইয়াক বনাবলৈ আপুনি এটা পাত্ৰত পানী ভৰাই ৰাখক। ইয়াৰ পিছত ইয়াত বহুখিনি নহৰুুৰ বাকলি, জলকীয়াৰ ঠাৰি, আৰু এলোভেৰা দি ঢাকি দিব। সেই পানী তিনিদিন এনেকৈ ঢাকি থৈ দিব। ইয়াৰ পিছত পানীত থকা সকলো বস্তু পিহি সেই পানীতে মিহলাই দিয়ক। এই কাম কৰাৰ পাছত আপোনাৰ কীটনাশক স্প্ৰে’ সাজু হ’ব।

স্প্ৰে বনাওঁতে মনত ৰাখিব যে ইয়াৰ পৰা বেয়া গোন্ধ আহিব পাৰে। গতিকে সেই বাচন-বৰ্তনটো পাকঘৰত বা শোৱা কোঠাত নাৰাখিব। বৰঞ্চ সেই পাত্ৰটো এনে ঠাইত ৰাখক য’ত পৰিয়ালৰ সদস্যৰ চলাচল কম হয়। সেই পাত্ৰটো ৩ দিনৰ বাবে ঢাকনিৰে টানকৈ বন্ধ কৰি ৰাখিব লাগে। তাৰ পিছতহে খুলিব।

এই স্প্ৰে বনোৱাৰ পাছত আপুনি পইতাচোৰা আৰু মহ-মাখি লুকাই থকা ঠাইত ২-৩ বাৰ স্প্ৰে কৰক। য’ত আৰ্দ্ৰতা থাকে বা য’ত পানী থাকে তাত এই স্প্ৰে’ কৰিব লাগে। বিচনাৰ তলত আৰু বাকচৰ পিছফালে স্প্ৰে’ কৰিলেও উপকাৰী। এনে কৰিলে মহ আৰু মাখিৰ বংশবৃদ্ধি নহয় আৰু ঘৰটো পোক-পৰুৱা আৰু পঁইতাচোৰাৰ পৰা মুক্ত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ